১৮.৮ মলিয়ন বর্জিত পানী নিষ্পত্তিকৰণৰ বিকল্প ব্যৱস্থাঃ

 অনাময় ব্যৱস্থা উন্নত কৰাৰ বাবে কম - খৰচী তথা ঠাইতে বর্জিত পানী নিষ্পত্তিকৰণ ব্যৱস্থাক উগনি দিয়া হৈছে । উদাহৰণস্বৰূপে পায়খানাৰ টেংকি , ৰাসায়নিক শৌচালয় , পচন গতবােৰ অন্যতম । পয়ঃপ্রণালী নথকা ঠাই , চিকিৎসালয় , অকলশৰীয়া ঘৰ বা ৪-৫ ঘৰৰ সমষ্টি আদিৰ বাবে পায়খানা বা মলটেংকি সুবিধাজনক ।

    কিছুমান সংস্থাই স্বাস্থ্যসন্মত স্থানিকভাৱে মানুহৰ মল - মূত্র নিষ্পত্তিকৰণৰ প্রযুক্তি আগবঢ়াইছে । এই শৌচালয়বােৰত আৱৰ্জনা সংগ্রহ কৰা প্ৰয়ােজন নহয় । মল - মূত্রসমূহ শৌচালয়ৰ বহা স্থানৰপৰা এটা জৈৱ গেছ প্রকল্পলৈ ঢাকনি থকা নর্দমাৰে বােৱাই নিয়া হয় । উৎপাদন হােৱা জৈৱ গেছক শক্তিৰ এটা উৎস হিচাপে ব্যৱহাৰ কৰা হয় । 



 Type : Ankur Raj Deka 

class 7  Science SCERT Book