তৰ্কবিজ্ঞানৰ ভূমিকাঃ

    মানুহ বুদ্ধিবৃত্তিসম্পন্ন জীৱ। আন সকলো জীৱৰ দৰে মানুহো এক প্ৰকাৰৰ জীৱ। কিন্তু বুদ্ধিবৃত্তি থকাৰ বাবে মানুহআন জীৱবিলাকতকৈ পৃথক। মানুহ জীৱশ্ৰেষ্ঠ। বুদ্ধিবৃত্তিৰ পৰাই মানুহৰ চিন্তা কৰাৰ ক্ষমতা জন্মে। মানুহৰ চিন্তা সকলো সময়তে, শুদ্ধ বা যথাৰ্থ নহ'বও পাৰে। তৰ্কবিজ্ঞানে চিন্তা শুদ্ধ হোৱাৰ উদ্দেশ্যে কিছুমান বিধি-নিয়ম প্ৰণয়ন কৰে। এই বিধি-নিয়মসমূহ পালন কৰিলে চিন্তা শুদ্ধ হয়। শুদ্ধ চিন্তাৰ মাধ্যমেৰে যথাৰ্থ জ্ঞানত উপনীত হোৱাটো সম্বৱ হয়। যতাৰ্থ জ্ঞানৰ মাধ্যমেৰে সত্যোপলব্ধি হয়। সত্যেপলব্ধিয়েই হ'ল মানুহৰ জ্ঞান অন্বেষণৰ চৰম লক্ষ্য।

Type Himanku Bora