ৰত্ন ওজা গীত | ৰত্ন ওজাৰ গীত সমূহ


লুইতৰ সোঁতত লিখা ৰ’ব মোৰ


লুইতৰ সোঁতত লিখা ৰ’ব মোৰ

জীৱনৰ য’ত কথা

বালি-চাপৰিত বালিৰে লিখি যাওঁ

পায়ো হেৰুৱাৰ বেথা ।

 

শৈশৱৰ মোৰ শিশু-হাঁহিটি

লুইততে বুৰি ৰ’ল

যৌৱনৰ মোৰ অলেখ আশাৰ

ভাষা নাও উটি গ’ল

তাতেই পঢ়িবা এই জীৱনৰ গাথা ।।

 

এই বালিতেই কতনা যুৱকে

সাজিছিলে কত ঘৰ

ফাগুনী পৱনে নাশিলে সকলো

হ’ল পুনু বালিচৰ ।

 

মোৰ যে যৌৱন প্ৰাণেৰে উপচা

সূৰুযৰ জুই সনা

বেথা বালিঘৰ নাটাওঁ উভতি

নিদিওঁ অশ্ৰুকণা

সোঁতৰ দৰেই মোৰো যে জীৱন সচাঁ ।।