ৰত্ন ওজা গীত | ৰত্ন ওজাৰ গীত সমূহ


লুইতৰ সোঁতত লিখা ৰব মোৰ

 

লুইতৰ সোঁতত লিখা ৰব মোৰ

জীৱনৰ যত কথা

বালি-চাপৰিত বালিৰে লিখি যাওঁ

পায়ো হেৰুৱাৰ বেথা ।

 

শৈশৱৰ মোৰ শিশু-হাঁহিটি

লুইততে বুৰি ৰ

যৌৱনৰ মোৰ অলেখ আশাৰ

ভাষা নাও উটি গ

তাতেই পঢ়িবা এই জীৱনৰ গাথা ।।

 

এই বালিতেই কতনা যুৱকে

সাজিছিলে কত ঘৰ

ফাগুনী পৱনে নাশিলে সকলো

ল পুনু বালিচৰ ।

 

মোৰ যে যৌৱন প্ৰাণেৰে উপচা

সূৰুযৰ জুই সনা

বেথা বালিঘৰ নাটাওঁ উভতি

নিদিওঁ অশ্ৰুকণা

সোঁতৰ দৰেই মোৰো যে জীৱন সচাঁ ।।