গাৰোসকল 


    গাৰােসকল প্রাচীন কালৰে পৰা অসমত বসবাস কৰি অহা এটা জনগোষ্ঠী। এওঁলােকৰ কিছুমানে বৃহত্তৰ মঙ্গোলীয় ঠালৰ বুলি দাবী কৰে। গাৰােসকল ভাষিক দিশৰ পৰা ইন্দো - চীনৰ অন্তৰ্গত তিব্বত বমীয় বড়াে ঠালৰ লােক। 

    বর্তমান এই জনগােষ্ঠীৰ লােকসকলে পশ্চিম বঙ্গৰ পৰা আদিকৰি উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় প্ৰতিখন ৰাজ্যত সিৰ্চৰতি হৈ থকাৰ উপৰিও বাংলাদেশতাে বহু ঠাইত এই জনগােষ্ঠীৰ লােক সিৰ্চৰতি হৈ আছে। বসতিস্থান আৰু ভাষাৰ ফালৰ পৰা গাৰােসকলক আমবেং, মাতছি, মাতাবেং, গাৰাগানচি, দুৱাল, ৰুঙ্গা তাৰু মেগাম উপজনগােষ্ঠীত ভাগ কৰা হয়। 

    কিংবদন্তী অনুসৰি গাৰােসকলৰ পূৰ্বপুৰুষ তিব্বতৰ থৰুৱা নামৰ ঠাইত আছিল। এসময়ত দুর্ভিক্ষই দেখা দিয়াত জাপফা, জালিমফা, চুকফা, বঙ্গিফা আৰু বিঞ্জিফা এওঁলােকৰ নেতৃত্বত এইখন ঠাই এৰি হিমালয় পর্বত অতিক্ৰম কৰি পােনতে কোচবিহাৰ পায়হি আৰু তাতে ভালেকেইবছৰ বসবাস কৰিছিল। কিন্তু তাৰে পৰা অসমলৈ আহোঁতে সৰু সৰু ৰাজ্যৰ ৰজাবােৰ , যেনে— ধুবুৰী আৰু বিজনীৰ ৰজাসকলৰ লগত যুঁজ কৰি অৱশেষত ৰজা আব্রাচেনে হাব্রাঘাটত নিজৰ ঘাটি স্থাপন কৰিছিল আৰু চুবুৰীয়া ঠাই বিলাক নিজৰ নামত অন্তর্ভুক্ত কৰিছিল। কিছুমানে পৰস্পৰে অসন্তুষ্ট হৈ বেলেগ ফালে ফালৰি কাটি গাৰােপাহাৰত আৰু আন এটা গােটে বাংলাদেশত বাস কৰিবলৈ লয়। 

        ধার্মিক দিশৰ পৰা গাৰােসকলৰ পূৰ্বপুৰুষে পূজা - অর্চনা কৰিছিল। এইদৰে পূজা কৰা লােকসমূহক গাৰােসকলে সংসাৰেক বুলি কয়। এওঁলােকৰ দেৱ - দেৱী আছিল চালজং, গৱেৰ, খালখামে, আসিমা, ডিংসিমা, সুসিমে আদি। দেৱ-দেৱী পূজা কৰোঁতে ঘৰচীয়া জীৱ-জন্তুক বলি দিয়া হৈছিল। কিন্তু উনৈশ শতিকাৰ আৰম্ভণিৰ পৰা গাৰােসকল খ্রীষ্টধর্মলৈ ধর্মান্তৰিত হ'বলৈ ধৰে আৰু পূজা-অর্চনা লুপ্ত হ'বলৈ ধৰে । গাৰােসকলৰ জাতীয় উৎসৱ ওৱানগালাও।

     গাৰােসকলৰ ব্যৱহৃত বাদ্য যন্ত্ৰবােৰ হৈছে ঢামা খ্রাম (ঢােল), গগনা, মহৰ শিঙেৰে নির্মিত বাঁহৰ পাইপ লগােৱা বাংসী - বাহী আদি। তদুপৰি ৰংবিৰঙৰ কানি-কাপােৰ ব্যৱহাৰ কৰিছিল আৰু আঁঠুৰ ওপৰলৈকে কাপােৰ পিন্ধিছিল।

    বৰ্তমান গৰোতিৰোতা সকলৰ ব্যৱহূত কানি-কাপোৰবোৰ দাগাবান্দ, দাগশাৰী, চুনী আদি। সামাজিক ফালৰ পৰা গাৰোকসকলৰ পৰিয়ালৰ গাঠনি মাতৃসূত্ৰৰ পৰা আৰম্ভ হয়। একাধিক পৰিয়াল বা ব্যক্তিৰ মাজত লগ লাগি এটা মাহাৰী গঠন কৰা হয়। পৰম্পৰাগতভাৱে গাৰোসকলৰ জন্মগত মাহাৰী অৰ্থাৎ উপাধি থকাৰ উপৰিও ওপৰঞ্চি উপাধি থাকে। উদাহৰণ স্বৰূপে আগিতক মাহাৰীৰ এজন ব্যক্তিয়ে লগত ছাংমা লিখিব লাগে বা কিছুমানে নিলিখাকৈ কেৱল ছবাংমাকেই ব্যৱহাৰ কৰে। গাৰো সমাজত মাজত মহাৰীক ইমানেই গুৰুত্ব দিয়া হয় যে বেলেগ বেলেগ দুখন ঠাই বা দুখন ৰাষ্ট্ৰৰ হ'লেও একে মাহাৰী বা উপাধিধাৰীৰ মাজত বৈবাহিক সম্বন্ধ কৰা নিষিদ্ধ, কাৰণ একে গোত্ৰৰ বুলি ধৰা হয়।

    আগৰ দিনত পাহাৰীয়া গাৰোসকলৰ ডেকা কালত শিক্ষাৰ প্ৰাণকেন্দ্ৰ আছিল নকপান্থে বা ডেকাচাং.। ইয়াৰ গাঁৱৰ সমূহ ডেকা গোট খাই বাঁ-বেত আদি বিভিন্ন হাতৰ কাম কৰা, বাদ্যযন্থ বজোৱা, খেল-ধেমালি কৰা আদি কাৰ্য কৰিছিল। এইবোৰ এজন জ্যেষ্ঠ ভাতৃৰ দ্বাৰা  পৰিচালিত  হৈছিল।

    স্বভাৱতে গাৰোসকলৰ খঙাল আৰু উগ্ৰধৰণৰ আছিল। যাৰ ফলত চুবুৰিয়া ৰজাই শাসনাধীন কৰিব পৰা নাছিল। এনেকি উপায়ন্তৰ হৈ ব্ৰিটিছসকলেও দমন নীতিৰ পৰিবৰ্তে মিছনাৰীসকলৰ দ্বাৰা ধৰ্ম প্ৰচাৰ কৰিবলৈ ধৰিলে। উপাসনালয়, বিদ্যালয় আদি স্থাপন কৰি ঠায়ে মিছনাৰীসকলৰ  দ্বাৰা মিছন পৰিচালনা কৰিবলৈ দিয়া হ'ল। এইদৰে ঊনবিংশ শতিকাৰ আৰম্ভৰণিৰে পৰা গাৰোসকলৰ সামাজিক পৰিৱৰ্তন হোৱা বুলি ক'ব পাৰি। 

    খাদ্যাভাসত আমিষ ভোজীসকলে কুকুৰ, গাহৰি আৰু গোমাংস গ্ৰহণ কৰে। গাৰোসকলৰ অতি প্ৰিয় খাদ্য শুকান মাছ খাৰ। বিভিন্ন ধৰণৰ সোৱাদ-যুক্ত আঞ্জা থকা সত্ত্বেও গাৰোসকলৰ খাদ্য-তালিকাত শুকান মাছ আৰু খাৰৰ আঞ্জা অতি আৱশ্যক।

    গাৰোসকলৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ বিষয়ে্ চমুকৈ উল্লেখ কৰা হ'ল-

ৰামখে ওৱাথ্ৰে মোমিন 

        মেঘালয়ৰ বৰ্তমান উত্তৰ গাৰো পাহাৰত অৱস্থিত মাইছক গ্ৰে নামৰ সৰু এখন পাহাৰীয়া গাঁৱত ১৮৩৪ চনত ৰামখে ওৱাথ্ৰে মেনিনে জন্ম কৰিছিল।

    ১৮৬৩ চনত ৮ ফেব্ৰুৱাৰীত ৰামখেই ৰেভাৰেন্ট ড° মাইলচ ব্ৰনচনৰ দ্বাৰাই গুৱাহাটীৰ শুক্লেশ্বৰ ঘাটত খ্ৰীষ্টান ধৰ্মত বাপ্তিষ্ট লৈছিল। তাৰ কিছুদিনৰ পিছত দামৰালৈ আহি ৰামখেই এখন স্কুল স্থাপন কৰিছিল আৰু অধ্যক্ষ হিচাপে কাম কৰিছিল। ৰামখে ওৱাথ্ৰে মোমিনে খ্ৰীষ্টান  মিচনসমূহৰ ভাৰপ্ৰাপ্ত মিচনাৰী হিচাবেও কাম কৰিছিল। মিচনসমূহৰ ভিতৰত বৰ্তমান উত্তৰ গাৰো পাহাৰত অৱস্থিত ৰাজা শিমলা গাৰো বসতি গাঁৱত চল্লিশজনীয়া সদস্যৰে পোন প্ৰথমে এখন খ্ৰীষ্টান মিচন হিচাবে এটি গীৰ্জা ঘৰ স্থাপন কৰিছিল। ইয়াৰ পিছত 


    পিছত ডামৰাত মিচন সংস্থাপন কৰিছিল আৰু এখন স্কুল স্থাপন কৰিছিল। পিছত ডামৰাৰ স্কুলখন শিক্ষক প্রশিক্ষণ কেন্দ্ৰলৈ উন্নীতকৰণ কৰা হৈছিল। অৱশ্যে সকলাে দিশৰ পৰা সুবিধাজনক নােহােৱাৰ বাবে গােৱালপাৰালৈ উঠাই নিয়া হৈছিল। ৰামখে ওৱাৰ্থে মােমিন কেবল মিচন আৰু স্কুল প্রতিষ্ঠাতাই নহয়, তেওঁ গােৱালপাৰা আৰু তুৰ নর্মাল স্কুলৰ প্রধান শিক্ষক হিচাবেও কাম কৰিছিল । ৰামখে এজন শিক্ষাবিদ, লেখক, গীতিকাৰ হিচাবে গাৰাে সমাজৰ প্রথমজন ব্যক্তি আছিল। সেয়ে তেওঁ গাৰাে সমাজৰ পথ-প্রদর্শক বুলি পৰিগণিত হৈছিল। তেওঁৰ হাতে লিখা ‘কলা আৰু সংস্কৃতি বিষয়ক কিতাপখন মেঘালয় চৰকাৰে ১৯৯০ চনত প্রকাশ কৰিছিল। তেওঁৰ লিখিত ৪৫০০০ শব্দৰে বঙালী-গাৰাে অভিধানখন চিৰস্মৰণীয় হৈ থাকিব । ৰামখে ওৱাথ্রে মােমিনে লিখা কবিতাসমূহ হ'ল—- (১) ১৮৮১ চনত ‘বিচিক খ্রিতা’ (২) ১৮৮২ চনত ‘চিমানাে আটছিয়ানি’ (৩) ১৮৮৩ চনত ‘ৰিপেংতাংখাে নিকগ্রিকানি ’ (৪) ১৮৮৪ চনত ‘আ. আকো দাকানি’ আৰু (৫) ড’ অং'। ৰামখে ওৱাথ্রে মােমিনে ২১- টা গীত লিখি থৈ গৈছিল। যিবােৰ গীত খ্রীষ্টান সম্প্রদায়ৰ মানুহে গীর্জাত উপসনাৰ সময়ত গায়। গীতৰ নাম আছিনি ৰিঙনিৰাং’ বুলি নামকৰণ কৰা হৈছিল।

    গােৱালপাৰা জিলাৰ অন্তৰ্গত দুধনৈৰ দক্ষিণ প্রান্তত অৱস্থিত নিচানগ্রাম গাঁওখন গাৰাে বসতি প্রধান গাঁও আছিল আৰু ৰামখে মমিনে এই গাঁওখন আদর্শ গাঁও বুলি পৰিচিত কৰিছিল।

    ভাৰতৰ উত্তৰ-পূৱ প্ৰান্তৰ জনজাতীয় লেখকসকলৰ ভিতৰত ৰামখেও এজন আছিল। তদুপৰি ৰামখে এজন সমাজ কর্মী আৰু অর্থনৈতিক সংস্কাৰক আছিল। সেয়ে কিছুমান মিছৰীয়ে তেওঁক' Father of Modern Garo Community ' বুলি আখ্যা দিছিল ।


ৰেভা . গিলবার্থ কে মাৰাক

     ১৯২৫ চনত গিলবার্থ কে মাৰাক পশ্চিম খাচিয়া পাহাৰ আৰু দক্ষিণ কামৰূপ জিলাৰ সীমান্তত অৱস্থিত ৰাংসাপাৰা গাঁৱত জন্ম গ্রহণ কৰিছিল। তেওঁ ৰে, ৰামখে আৰু ছাংমাৰ একমাত্ৰ পুতেক আছিল। তেওঁ ১৯৩৩ চনত প্রাথমিক শিক্ষা সাং কৰিছিল। ১৯৪১ চনত উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীর্ণ হােৱা মাত্রে ড° ভিক্টৰ হিউগ’স্বর্ড ৰ সহযােগত চেৰাপুঞ্জি থিয়লজিকেল কলেজত পঢ়িবলৈ সুবিধা লাভ কৰিছিল আৰু ১৯৪৯ চনত এল. টি. এইচ. পৰীক্ষাত উত্তীৰ্ণ হৈছিল। গিলবার্থ কে মাৰাক ১৯৬০ চনত লিনার্ড থিওলজিকেল কলেজৰ পৰা ডিগ্রী অব বেচালৰ অৱ ৰেলিজিয়াচ ইডুকেশন’ লাভ কৰিছিল।

    গিলৱাৰ্থ কে মাৰাক কামৰূপ জিলাৰ গােহালকোনা উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰিছিল। তেওঁ শিক্ষকতা কৰি থকা সময়ছােৱাত যােৰহাট চেমিনাৰিৰ অধ্যক্ষ ড° ডুফিচাই তেওঁক চিৰস্তাদাৰ (Registrar) পদত নিযুক্তি দিছিল। গিলবার্থ কে মাক আৰু ড° ডুফিচা দুয়াে একমত হৈ ‘লিউ অব দা চেমিনাৰি স্কুল’ নামৰ পৰিৱর্তে ইষ্টার্ণ থিওলজিকেল কলেজ’ নামেৰে নতুন নাম দিছিল।

    গিলবৰ্থ কে মাৰাক চুইজাৰেলণ্ড জেনেভাৰ ডৰ্ল্ড কাউন্সিল অব খ্ৰীষ্টিয়ান ইডুকেশ্বনৰ মুখ্য কাৰ্যালয়ত ভাৰতৰ এজন পৰামৰ্শদাতা নিযুক্ত হৈছিল।

    কিছুদিন পিছত ৱৰ্ল্ড কাউন্সিল অব চাৰ্জৰ এজন সদস্য হিচাপেও তেওঁক নিয়োগ কৰিছিল। তাৰে এজন সদস্য হিচাপে তেওঁ পৃথিৱী বহু দেশ ভ্ৰমণ কৰিছিল। সেয়েহে তেওঁ থাইনেণ্ডৰ গীৰ্জাসমূহ, বৰ্তমানৰ ম্য়ানমাৰ, হংকং, জাপান, পাকিস্তান, ইজিপ্ত, লেবানন, এডেন, থিওপিয়া, কেনিয়া, তাঞ্জানিয়া, কঙ্গো, ইটালি, চুইজাৰলেণ্ড, ফ্ৰন্স আৰু জাৰ্মানি আদি ঠাইও ভ্ৰমণ কৰিছিল। 

    গিলবাৰ্থ কে মাৰাকৰ কাৰ্মদক্ষতাৰ  বাবে খ্ৰীষ্টিয়ান সংগঠনে তেওঁলে সমন্মানে 'ৰেভাৰেণ্ড' উপাধি প্ৰদান কৰে আৰু তেতিয়াৰ পৰা তেওঁ ৰেভা. গিলবাৰ্থ কে মাৰাক বুলি পৰিচিত হৈছিল। ১৯৭২ চনত খ্ৰীষ্টিয়ান লিটাৰেচাৰ ছোচাইটি অব ইণ্ডিয়ানৰ অনুৰোধমৰ্মে ইংৰাজী ভাষাৰ পবিত্ৰ বাইবেলখন আকৌ গাকৌ গাৰো ভাষালৈ অনুবাদ কৰিছিল।

    ৰেভা. গিলবাৰ্থ কে মাৰাক কেৱল ইঙ্গৰ পৰায়ণ ব্যক্তিয়ে নহয়, তেওঁ সমূহীয়া শিক্ষাৰ প্ৰতি আগ্ৰহী নামকৰণ লাগতে সাহিত্য, কাব্য আদি চিন্ত-চৰ্চাৰ ক্ষেত্ৰত বৰঙণি যোগাইছিল। তেওঁ লিখা কবিতাসমূহ এইদৰে নামকৰণ কৰা হাছিল- 'আং গিসিক খু আনিং বিদল-১ আৰু বি-২' আৰু তেওঁৰ লিখা প্ৰবন্ধসমূহৰ ভিতৰত জিলাৰ প্ৰধান নগৰ তুৰাত ৰেভা. গিলবাৰ্থ কে মাৰেকে ইহলীলা সম্বৰণ কৰে। 

সোনাৰাম ৰংৰকগ্ৰে সাংমা

    সোনাৰাম ৰংৰকগ্ৰে সাংমা উত্তৰ-পূৱ গাৰো পাহাৰ আৰু গোৱালপৰা জিলাৰ সীমান্তত অৱস্থিত নাছিৰংদিক নামৰ গাঁৱত ১৮৬৭ চনত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ পিতৃৰ নাম খ্নাং গাবিল মোমিন আৰু মাতৃৰ নাম ছামৰে ৰংৰকগ্ৰে সাংমা আছিল। নিশানগ্ৰামত প্ৰাথমিক শিক্ষা শেষ কৰি তেওঁ তুৰা মিচন স্কুলত ষষ্ঠ শ্ৰেণীলৈ পঢ়িছিল। সেই সময়ত লগাৰো পাহাৰত ষষ্ঠ শ্ৰেণীৰ ওপৰত থকা বিদ্যালয় অৰ্থাৎ উচ্চ মাধ্যমিক বিদ্যালয় ক'তো নাছিল। গতিকে সোনাৰামৰ শিক্ষা ষষ্ঠ শ্ৰেণীতে সমাপ্ত হৈছিল। তেওঁ আছিল সাহসী,  আত্মবিশ্ববিশ্বাসী, আনক সেৱা কৰি ভাল পোৱা আৰু মৰম-চেনেহ থকা। তদুপৰি তেওঁৰ আইতকৈ ভাল গুণ আছিল পৰৰ নিন্দনীয় বাক্যবোৰ হেয়জ্ঞান কৰা, বিভিন্ন ধৰণৰ অন্যায়-অত্যাচাৰবোৰ সহ্য কৰিব পৰা বিধৰ গুণবোৰো সোনাৰামৰ  আছিল। সোনাৰামে সদায় সদায় অত্যাচাৰ-উৎপীৰণৰ বিৰোধিতা কৰিছিল আৰু সেইবোৰ সমুলঞ্চে নিৰ্মূল কৰিবলৈ আপ্ৰাণ চেষ্টা চলাইছিল। 

    সেই সময়ত বৃটিছ চৰকাৰে জনসাধাৰণৰ হতুৱাই বিনা মজুৰিৰে কাম কৰাইছিল। তদুপৰি পাহাৰৰ গছ-গছনি সংৰক্ষণৰ উদ্দেশ্যে গাৰো পাহাৰত থকা গাৰোসলৰ ঝুম খেতি বন্ধ কৰিছিল। ব্ৰিটিছ চৰকাৰৰ এই কঠোৰ নীতিবোৰ তেওঁ সহ্য কৰিব নোৱাৰিছল আৰু চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। তেওঁ ব্ৰিটিছ চৰকাৰৰ ওচৰত শ্ৰমৰ বিনিময়ত গাঁৱৰ মানুহৰ পাৰিশ্ৰমিক দিবলৈ আৰু সংৰক্ষিত বনাঞ্চলসূহ উঠাই ল'বলৈ দাবী জনাইছিল । ১৯১৬ চনত ২৭ আগষ্টত তেওঁ ইহলীলা সম্বৰণ কৰিছিল।

হাৱাৰ্ড ডেনিচন মোমিন

    হাৱাৰ্ড ডেনিচন মোমনিক 'আধুনিক গাৰো সাহিত্যৰ জনক' বুলি আখ্য দিয়া হৈছিল। তেৱেঁই পোন প্ৰথম'  Achik ku-rang' অৰ্থাৎ  'গাৰো মানুহৰ মাত' নামৰ গাৰো ভাষাৰ এখন আলোচনী প্ৰকাশ কৰিছিল।

    প্ৰথমাৱস্থাত শিক্ষকতাই তেওঁৰ জীৱিকাৰ মূল পথ আছিল। কিন্তু পিছৰ কালছোৱাত সামাজিক কামত ব্যস্ততাৰে জীৱন অতিবাহিত কৰিছিল।

    ১৯১৩ চনত ফেব্ৰুৱাৰীত মেঘালয়ৰ সৰু চহৰ তুৰাত হাৱাৰ্ড ডেনিচনৰ জন্ম হৈছিল। তেওঁৰ পিতৃ জবাং ডি মাৰাক আমেৰিকালৈ পঢ়িবলৈ যোৱা গাৰো সম্প্ৰদায়ৰ ভিতৰত প্ৰথমজন ব্যক্তি আছিল। জবাং ডি মাৰাক ১৯০৫ চনত পৰা ১৯১১ চনলৈকে আমেৰিকাৰ হাৱাৰ্ড বিশ্ববিদ্যালয়ৰ 'ডেনিচন স্কুলত' শিক্ষা লাভ কৰিছিল। তাৰে স্মৃতিস্বৰূপে তেওঁ নিজৰ জ্যেষ্ঠ পুত্ৰৰ নাম 'হাৰৱাৰ্ড ডেনিচন ডব্লিউ মোমিন' বুলি ৰাখিছিল। ইয়াৰ অৰ্থ শিক্ষা আৰু ধৰ্মৰ উৎপত্তি। হাৰৱাৰ্ড ডেনিচন ডব্লিউ মোমিনে কলিকাত পঢ়ি থকা অৱস্থাত তেওঁৰ নাম 'হাৱাৰ্ড ডেনিচন মোমিন' নামেৰে সলনি কৰিছিল।

    তেওঁৰ ন বছৰ বয়সত কলকাতাৰ সেন্ট জেমচ ইডংলিচ স্কুলত নাম ভৰ্তি কৰা হয় এইখন স্কুলত পঢ়ি থকা সময়ছোৱাত হাৰ্ৱাৰ্ড ডেনিচনৰ হাতে অঁকা ছবিখন লণ্ডনত অনুষ্ঠিত হোৱা একাদশ কমনৱেলথ এজিভিচনবৈ পঠিওৱা  হৈছিল আৰু হাৱাৰ্ড ডেনিচনে সন্মাজনক পুৰস্কাৰ লাভ কৰিছিল। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ কলকাতাৰ প্ৰেছিডেন্সি কলেজৰ পৰা ১৯৩৪ চনত স্নাতক ডিগ্ৰী লাভ কৰে, ১৯৩৬ চনত ইংৰাজী সাহিত্য বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা গাৰো সম্প্ৰদায়ৰ ভিতৰত প্ৰথাজন ব্যক্তি আছিল হাৱাৰ্ড ডেনিচন মোমিন।

    হাৱাৰ্ড ডেনিচন মোমিনক তুৰাৰ শাসকীয় বিভাগত বিচাৰকৰ্তা নিযুক্তি দিয়া হৈছিল হৈছিল। ১৯৪০ চনত গুৱাহাটীৰ কটন কলেজত ইংৰাজী বিষয়ৰ প্ৰবক্তা হিচাপে যোগদান কৰিছিল। কটন কলেজত    কাৰ্মৰত অৱস্থাত কিছুসংখ্যক গাৰো ছাত্ৰ-ছাত্ৰীৰ সহযোগত তেওঁ 'আছিক খুৰাং' নামৰ আলোচনীখন প্ৰকাশ কৰিছিল। 

    তেওঁ লিখা কবিতাসমূহৰ ভিতৰত ১৯৪১ চনত 'গাৰো মাত-বোল', 'NANGKO GISIK RAGEN' (তোমালৈ মনত পৰিব), 'DO.MA SKINI GIT' (চাতকী চৰাইৰ গীত), 'SENGWAT' (জোনাকী পৰুৱা), 'ME.CHIK ARO TA-MAKU' (মাইকী আৰু তবাকু) আৰু ১৯৪২ চনত 'BILSI GITAL' (নতুন বছৰ) এইবোৰেই প্ৰধান আছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত শৰণাৰ্থীসকলৰ সহায়ৰ বাবে তেওঁ মণিপুৰলৈ গৈছিল।

    ১৯৯০ চনৰ ২২ ফেব্ৰুৱাৰীত তুৰা চহৰত ৭৭ মৃত্যু বিৰ্ষিকীত হাৱাৰ্ড ডেনিচন মোনিচন মোমিনলৈ স-সন্মনে 'KA CHALANG' (খা ছালাং) প্ৰধান কৰা হয়।


Type : Priyam Jyoti Patar