চাৰু গোহাঁই গীত | Charu Ghohai Assamese song | চাৰু গোহাঁই অসমীয়া গীত সমূহ


তুমি আহিচিলা চেনাই

 

তুমি আহিচিলা চেনাই

মোৰ পদূলিলে বুলি

তল ভৰি থকা বকুলৰে ফুল গচকি

তল ভৰি থকা বকুলৰে...।

 

ঘনে ঘনে সৰা

তোমাৰ খোপাৰ

কৰবী পাহিয়ে কয়

অতি চেনেহৰ আপোন জনো

এৰা সুঁতি হৈ ৰয়...

এৰা সুঁতি হৈ ৰয় ।

 

তুমি আহিছিলা চেনাই...।

 

লাজে মাটি লেখা

তোমাৰ লিহিৰি ভৰিৰ নখেযে কয়

লাজে মাটি লেখা...।

অতি হেঁপাহৰ জীৱন-ৰেখা

ঘনে ঘনে মচি মচি যায় ।

অতি হেঁপাহৰ...।


হাগতে আহিবি চেনাই অ

 

হাগতে আহিবি

চেনাই অ

খোপাতে এপাহি

কপৌ ফুল দিবলে

হাগতে পখিলা উৰিলে

তই জানো নাহিবি

মৰম দিবলে।।

 

তোৰে মোৰে মাজত আছে

সমাজৰে নৈ

সাঁতুৰি পাৰ হ

তোকে পাবলৈ ।

তই জানো নাহিবি

সমাজৰ ভয়তে

খোপাতে এপাহি

কপৌফুল দিবলে ।।

মই যদি পুৱতি হওঁ,

পখীৰ তই গীত

মই যদি বহাগ হওঁ,

তই উতনুৱা চিত

চেনাই তই আহিবি

এইবাৰ বিহুতে

খোপাতে এপাহি

কপৌফুল দিবলে।।