এলি আহমেদৰ গীত | Eli Ahmed Assamese Song | এলি আহমেদৰ অসমীয়া গীত সমূহ 


গা গা আজি গাই যা

 

গা গা আজি গাই যা গীতকে গা

যা যা নাচি নিজক পাহৰি যা ।।

 

জীৱন আমাৰ এই জীৱন

 হাঁহিৰে ভৰা জীৱন

কান্দিনো ভাগৰো কিয় ?

 

আমাৰ জীৱন এই জীৱন

প্ৰেমেৰে ভৰা জীৱন

আমিনো নেহাঁহো কিয় ?

নোপোৱাৰ বেদনাকে

বেদনা বুলি ললে

কান্দোন যে নহব দূৰ ।

পোৱাৰ আনন্দতে নিজকে বিলাই দিলে

হাঁহিৰ যে নপৰে ওৰ ।

গা গা আজি গাই যা এই গীতকে গা

যা যা নাচি নাচি হাঁহিত মিলি য়া ।।

 

 

ফুল অ ফুল মেলিলে পাহি

 

ফুল অ ফুল মেলিলে পাহি

চৌপাশতে অলি উৰিলে আহি

মেলিলে পাহি উৰিলে আহি ।।

জানানে ফুলৰে কাণত

অলিয়ে কিনো কথা কয়

যি কথা শুনিলে ফুলৰ

চাৱনি লাজুক লাজুক হয় ।

অলিয়ে গানৰে ছলত

গোপনে চেনেহ ঢালি যায়

ফুলৰে বুকুৰে মৰম

পাবলৈ মিনতি জনায়।

অলি গুণগুণায় অ মৰমী প্ৰিয়া

ভৰাই মৌ পিয়লা উজাৰি দিয়া ।।

কিয়নো ফাগুনে আহি

বুকুৰে আঁচল উৰুৱায়

গোপনে আলফুলে কৈ

পৰশ দি কিনো ভাল পায়

ফাগুনে ফাগুনী আবিৰ

বুকুতে আনে লুকুৱাই

পৰশৰ ছলতে দিয়ে

গোলাপী মনত ছটিয়াই

এই মন ৰং লাগি হল পূৰ্ণিমাৰে জোন

কাষলৈ আহানা তুমি মোৰে সোঁ ।।