গৌতম শৰ্মাৰ গীত | Gautam Sharma Assamese Song | গৌতম শৰ্মাৰ অসমীয়া গীত সমূহ


অনুৰাগ তোমাৰ বাবে

 

অনুৰাগ তোমাৰ বাবে

অনুভূতি তোমাৰ বাবে

তোমাৰ দুবাহুতে

সুখ মোৰ জীৱনৰে

শৰীৰৰ সিৰে সিৰে

বৈ আছা তুমিয়েই

দেহৰ ভাঁজে ভাঁজে

কলিজাৰ আঁহে আঁহে

 

সিঁচিলা গুটিমালী

দেহে-মনে মোৰ

অচিনা আকুলতাই

বুকু কৰে জুৰ

প্ৰেম মোৰ এখন নদী

বৈ আছে সদায়ে

নিৰৱধি...

আৱাহন তোমাৰে

আহুতি তোমাতে

 

অজনা দিঠকতে সপোনৰে ছৈ

আশাৰ পদুম কলি

শেতেলিতে লৈ

কি যে মায়া

দিনে-নিশাই ভাবনা

তোমাৰেই...

আৰাধনা অবিৰত ।