গুণীন ৰাজখোৱাৰ গীত | Gunin Rajkhowa Assamese Song | গুণীন ৰাজখোৱা অসমীয়া গীত সমূহ


মোৰ মন কেতিয়া চঞ্চল হয়

 

 

মোৰ মন কেতিয়াবা চঞ্চল হয়

মন নিজৰাৰ গতি দুৰ্বাৰ হয়

আৱেগৰ বা লাগি ।।

উন্মনা মনে মোৰ

আশাৰ পাপৰি চুমে

চঞ্চল সমীৰ চাতিত কাৰ

খোপাৰ কৰবী সৰে

যৌৱনা পৃথিৱী নাচে

আৱেগৰ বা লাগি ।।

আতুৰ পুৰাণ জৰুৱা

কাৰোবাৰ নিবিড় মৰম

অমানিশা আন্ধাৰ নিশা

কাৰোবাৰ ৰুপৰ পোহৰ

মৰতত সৰগ নামে

আৱেগৰ বা লাগি ।।