ভাৰতীয় সংবিধান কিদৰে প্ৰস্তুত কৰা হৈছিল
    
    এতিয়া আমি ভাৰতীয় সংবিধান কিদৰে প্ৰস্তুত কৰা হৈছিল সেই কথা বিচাৰ কৰিম।আনুষ্ঠানিকভাৱে সংবিধান সভাই ভাৰতীয় সংবিধান প্ৰস্তুত কৰিছিল  । সংবিধান সভা অবিভক্ত ভাৰতবৰ্ষৰ বাবে নিৰ্বাচিত কৰা হৈছিল। ১৯৪৬ চনৰ ৯ ডিচেম্বৰ তাৰিখে সংবিধান সভাৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল আৰু ১৯৪৭ চনৰ ১৪ আগষ্ট তাৰিখে বিভক্ত ভাৰতৰ সংবিধান সভা হিচাবে পুনৰ মিলিত হৈছিল । ইয়াৰ সদস্যসকল তদানীন্তন প্রাদেশিক বিধানমণ্ডল সমূহৰ দ্বাৰা নির্বাচিত হৈছিল । এই প্রাদেশিক বিধানমণ্ডল সমূহ ১৯৩৫ চনত গঠন কৰা হৈছিল । সংবিধান সভা কেবিনেট মিছনৰ প্রস্তাব অনুসৰিয়েই গঠন কৰা হৈছিল । এই ব্যৱস্থা অনুসৰিঃ-
*প্রত্যেক প্রদেশ আৰু দেশীয় ৰাজ্য বা ৰাজ্য গােষ্ঠীক সেইবােৰৰ জনসংখ্যাৰ হাৰত প্রায় ১ : ১০,০০,০০০ অনুপাতত আসন দিয়া হৈছিল । সেই অনুসৰি প্রদেশসমূহে ২৯২ জন সদস্য নির্বাচিত কৰিব আৰু দেশীয় ৰাজ্যসমূহক নূন্যতম ৯৩ খন আসন দিয়া হৈছিল । 
*প্রত্যেক প্রদেশৰ আসনসমূহ তিনিটা মূল সম্প্রদায় অর্থাৎ মুছলমান , শিখ আৰু সাধাৰণৰ শ্ৰেণীৰ মাজত তেওঁলােকৰ জনসংখ্যা অনুপাতত ভাগ কৰা হৈছিল । 
* প্রাদেশিক বিধানমণ্ডলসমূহত প্রত্যেক লােকসকলে সমানুপাতিক প্রতিনিধিত্বৰ সৈতে একক হস্তান্তৰযােগ্য ভােটৰ ভিত্তিত নিজৰ প্রতিনিধি নির্বাচন কৰিছিল । 
*দেশীয় ৰাজ্যসমূহৰ ক্ষেত্ৰত প্রতিনিধি নির্বাচনৰ পদ্ধতি আলােচনাৰ ভিত্তিত ঠাৱৰ কৰা হৈছিল  ।

আমি আমাৰ ৰাজনৈতিক গণতন্ত্রক সামাজিক গণতন্ত্র হিচাবেও গঢ়ি তুলিব লাগিব । সামাজিক গণতন্ত্রৰ ভেঁটিত প্ৰতিষ্ঠিত  নহ'লে ৰাজনৈতিক গণতন্ত্র দীর্ঘস্থায়ী হ'ব নােৱাৰে । সামাজিক গণতন্ত্র বুলি কলেনাে আমি কি বুজো ? ই আচলতে জীৱন - যাপনৰ এক পদ্ধতিকে সূচায় যত স্বাধীনতা , সমতা আৰু ভাতৃত্ববােধক জীৱনৰ নীতি হিচাবে স্বীকৃত দিয়া হয় । ত্রিমূর্তিসদৃশ স্বাধীনতা , সমতা আৰু ভাতৃত্ববােধৰ এই তিনি নীতিক এটাৰ পৰা আনটোক পৃথকভাৱে চোৱা সমীচিন নহ'ব । এই নীতিসমূহ একত্ৰিত হৈ ত্রিমূর্তিৰ ৰূপ লয় আৰু এটা নীতিক আনটোৰ পৰা পৃথক কৰিব খুজিলে গণতন্ত্রৰ মূল লক্ষ্যই বিপর্যস্ত হ’ব । স্বাধীনতাক সমতাৰ পৰা পৃথক কৰিব নােৱাৰি , সমতাক স্বাধীনতাৰ পৰা পৃথক কৰিব নােৱাৰি । আকৌ স্বাধীনতা আৰু সমতাক ভাতৃত্ববােধৰ পৰা পৃথক কৰিব নােৱাৰি । সমতা নাথাকিলে স্বাধীনতাই আচলতে গৰিষ্ঠসংখ্যকৰ ওপৰত মুষ্টিমেয় শ্রেণীৰ আধিপত্যৰ পথহে সুগম কৰিব । স্বাধীনতাবিহীন সমতাই ব্যক্তিৰ উদ্যম আৰু উদ্যোগক নিঃশেষ কৰি পেলাব । ভাতৃত্ববোধ নাথাকিলে স্বাধীনতা আৰু সমতা স্বাভাৱিক বা সহজাত কথা নৈ নাথাকিব । ” ড ° বি . আৰ . আম্বেদকাৰ , সংবিধান সভা বিতর্ক , ভলিউম XI , ২৫ নৱেম্বৰ , ১৯৪৯
    
    এই অধ্যায়ৰ আগৰ অংশত যি তিনিটা কাৰকে সংবিধানক সক্ৰিয় আৰু সন্মানজনক ৰূপত প্ৰতিষ্ঠা কৰে সেই বিষয়ে আলোচনা কৰা হল । ভাৰতীয় সংবিধানে এই পৰীক্ষাত কিমানদূৰ উৰ্ত্তীৰ্ণ হল ?

Type Sumit Patar
Class 11 Political Science