কীৰ্তিকমল ভূঞাৰ গীত | Kirtikamal  Bhuyan Assamese Song | কূৰ্তিকমল ভূঞা অসমীয়া গীত সমূহ


দূৰৈৰ বাহীটি বাজি থাক অ



দূৰৈৰ বাঁহীটি বাজি তাক অ

দূৰৈৰ বাঁহীটি অ

ৰূপালী জোনাকে সপোন মায়া ৰচে

বাজি থাক বাঁহীটিঅ

 

ৰূপহি গধূলি আঁচল উৰাই

দক্ষিণা পৱনে যায় বি জোকাই

চনকা ঢৌৰে জুনুকা বজাই

ওমলা জুৰিয়ে অঁকাই-পকাই

লুকা-ভাকু খেলে বননিৰে ।।

 

সুৰ লহৰী খেদি খেদি

কোন দেশলৈ মন যায় উৰি

মৰমে মধুৰ এই ক্ষণৰে

দুয়ো নিৰলে লগ হোৱাৰে

স্মৃতিৰে পৰশ সাৱটি।।


বিৰিণা বনৰে সুঁহুৰি


বিৰিণা বনৰে সুঁহুৰি

আহিছে উৰি উৰি

বতাহে সুৰভি

চিনাকি চিনাকি ফুলেৰে ।

 

এই নিশা জোনালী,

সৰে ৰং ৰুপালী ।

দুটি মন এটি কৰি গাঁঠো

প্ৰীতিৰে সূতাৰে

বতাহে বতাহে সুৰভি

চিনাকি চিনাকি ফুলৰে ।

 

নেলাগে পুৱাৰ আজি

এই মাধৱী ৰাতি ।

দিয়া প্ৰাণ পূৰ্ণ কৰি

মৌ মিঠা মৰমেৰে ।

বতাহে বতাহে সুৰভি

চিনাকি চিনাকি ফুলৰে ।


গানে গানে আজি কওঁ


গানে গানে আজি কওঁ

নোকোৱাৰ মনৰ কথা

সুৰে সুৰে গাই যাওঁ

অচিনাজনৰ ব্যথা ।

 

দেশে দেশে ৰিক্তজনৰ

যুগে যুগে মুক প্ৰাণৰ

অপ্ৰকাশ কাহিনীৰে

গাই যাওঁ গীত তাৰ ।

শেষ হোৱা নাই যাৰ দুখৰ লগন গণা

গীত হওক মোৰ তাৰ বাবে আশাৰে অগ্নিকণা ।

 

বৰ্তমানক যিসকলে

ভৱিষ্যতৰ বেদীতে

অৰ্পণ আজি কৰিছে

গাওঁ তাৰে জয়গান ।

 

শেষ হোৱা নাই যাৰ দুখৰ লগন গণা

গীত হওক মোৰ তাৰ বাবে আশাৰ অগ্নিকণা ।