লক্ষ্মীনাথ বেজবৰুৱা 

লক্ষ্মীনাথ বেজবৰুৱা

লক্ষ্মীনাথ বেজবৰুৱা (১৮৬৪-১৯৩৮)



 সূচীপত্ৰ

১। চমু পৰিচয়

২। জন্ম

৩। শিক্ষা

৪। কৰ্ম জীৱন

৫। ব্যক্তিগত জীৱন

৬। মৃত্যু

৭। গ্ৰন্থ সমূহ

৮। সন্মান

৯। তথ্য সংগহ



        ১৮৬৪ চনত লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল দীননাথ বেজবৰুৱা আৰু মাতৃৰ নাম থানেশ্বৰী দেৱী আছিল। তেখেতে শিৱসাগৰত স্কুলীয়া শিক্ষা সমাপ্ত কৰি কলিকতাৰ চিটী কলেজৰ পৰা বি.এ পাছ কৰে। চৰকাৰী চাকৰি প্ৰত্যাখ্যান কৰি বেজবৰুৱাই কাঠৰ ব্যৱসায় কৰে।

        ৰবীন্দ্ৰনাথ ঠাকুৰ পৰিয়ালৰ কন্যা প্ৰজ্ঞা সুন্দৰী দেৱীক তেখেতে বিয়া কৰায়। ১৯২৮ চনত তেখেতে অসম সাহিত্য সভাৰ গুৱাহাটীত অনুষ্ঠিত সপ্তম অধিৱেশনত তেখেতে সভাপতিত্ব কৰে। অসমীয়া সাহিত্যত এটা যুগৰ সৃষ্টি কৰা বেজবৰুৱাৰ ৰচনাসমূহৰ কিছুমান হ'ল- বুঢ়ী আইৰ সাধু, ককাদেউতা আৰু নাতি-ল'ৰা, জুনুকা, লিতিকাই পাচনি, নোমল বেলিমাৰা চক্ৰধ্বজ সিংহ, জয়মতী কুঁৱৰী, শংকৰদেৱ, মোৰ জীৱন-সোঁৱৰণ ইত্যাদি।

      তেখেতৰ ধেমেলীয়া নাটসমূহ- লিতিকাই', 'নোমল, পাচনী', চিকিৰপতি-নিকৰপতি'। তেখেতে বুৰঞ্জীমূলক নাট' জীৱনী, আত্ম-জীৱনী লিখাৰ উপৰি 'কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা', কৃপাবৰ বৰুৱাৰ ওভতনি', 'বৰুৱাৰ ভাৱৰ বুৰবুৰণি', 'বৰবৰুৱাৰ বুলনি' আদি লিখি থৈ গৈছে। তেখেতে লিখাসমূহত হাঁহিৰ ছালেৰে অসনমীয়া মানুহৰ স্বভাৱ, দোষ-ক্ৰটিবিলাক আঙুলিয়াই দেখুৱাইছে ।

        তোমালোকে গাই অহা 'অ' মোৰ আপোনাৰ দেশ' জাতীয় সংগীতটো লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা। খুহুটীয়া ৰচনাত তেখেতে আজিলৈকে অসমীয়া সাহিত্যত অদ্বিতীয়ে হৈ আছে। সেইবাবে তেখেতক 'ৰসৰাজ' উপাধিৰে বিভূষিত কৰা হয়। জনমানসত তেখেতে 'সাহিত্যৰথী' নামে জনাজাত। তেখেতে হাস্যৰত্মক ৰচনাবোৰ 'কৃপাবৰ বৰুৱা' ছদ্মামত লিখিছিল। ১৯৩৮ চনত এইজনা মহান ব্যক্তিৰ ইহলীলা সম্বৰণ কৰে।


অংকুৰ ৰাজ ডেকা 

Morigaon Assam