উত্তৰ-পূব পৰিষদ (NEC) 

অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, নাগালেণ্ড, মনিপুৰ, মিজোৰাম আৰু ছিকিমক লৈ উত্তৰ-পূব ভাৰত গঠিত। তোমালোকে ইতিমধ্যে জানি আহিছা যে প্ৰকৃতিক সম্পদত ধনী হ'লেও ঔদ্য়োগিক ক্ষেত্ৰত দেশৰ এই অঞ্চলটো এতিয়াও অতি পিছপৰা। সেয়েহে  উত্তৰ-পূব ভাৰতৰ আৰ্থিক দিশটো অন্য়ান্য় অঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্য আগত ৰাখি ভাৰত চৰকাৰে ১৯৭১ চনত উত্তৰ-পূব পৰিষদ (NEC) নামৰ অনষ্ঠানটো গঠন কৰে। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে  উত্তৰ-পূব ভাৰতৰ আটাইতকৈইখন ৰাজ্য়ৰ মুখ্য়মন্ত্ৰী আৰু ৰাজ্য়পালসকলৰ মাজৰ পৰা এজনক পৰিষদৰ অধ্য়ক্ষ হিচাপে মনোনীত কৰে। ইয়াৰ উপৰি ৰাষ্ট্ৰপতি এজন কেন্দ্ৰীয়মন্ত্ৰীক এই পৰিষদৰ সভ্য় হিচাপে মনোনীত কৰাৰ অধিকাৰ আছে। ইয়াৰ মুখ্য কাৰ্যালয় শ্বিলঙিত অৱস্থিত। এই অনুষ্ঠানৰ লক্ষ্য় আৰু উদ্দেশ্য়সমূহ হৈছে-

১। সুসংহত আঞ্চলিক পৰিকল্পনাৰ জৰিয়তে সমগ্ৰ উত্তৰ-পূব ভাৰতৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে যথাযথ প্ৰচেষ্টা গ্ৰহণ কৰা।

২। সুষম আঞ্চলিক উন্নয়নৰ জৰিয়তে আঞ্চলিক ভাৰসাম্য়তা ৰক্ষা কৰা আৰু অসমতা দূৰ কৰা।

৩। উত্তৰ-পূব ভাৰতৰ ৰাজবিলাকৰ মাজত সহযোগিতা, সুসংহত প্ৰচেষ্টা আৰু ঐক্য় বৃদ্ধি কৰা।

৪। অংশীদাৰ ৰাজ্যবিলাকৰ আন্তঃকাঠামোমূলক ব্য়ৱস্থাবোৰৰ উন্নয়নৰ বাবে প্ৰচেষ্টা চলোৱা। 

৫। উত্তৰ-পূব ভাৰতৰ অৰ্থনৈতিক সম্পদৰ ওপৰত প্ৰণালীবদ্ধ জৰীপ কাৰ্য সম্পাদন কৰা আৰু তাৰ লগতে সেই সম্পদৰ ভিত্তিত গ্ৰহণ কৰিবলগীয়া বিভিন্ন প্ৰকল্প আৰু আঁচনিৰ উপকাৰিতা নিৰ্ণয়ৰ বাবে জৰীপ চলোৱা। 

উত্তৰ-পূব উন্নয়ন বিত্তীয় নিগম (North Eastern Development Finance Corporation Ltd.) ঃ

উত্তৰ-পূব ভাৰতৰ অন্তৰ্গত ৰাজ্য়সমূহত বিত্তীয় সাহায্য় আগবঢ়াৱাৰ নিমিত্তে ১৯৯৫ চনত উত্তৰ-পূব উন্নয়ন বিত্তীয় নিগত বা নেড্ফি নামৰ প্ৰতিষ্ঠানটো স্থাপন কৰা হৈছে। ইয়াৰ প্ৰধান কাৰ্যালয় গুৱাহাটীত অৱস্থিত। ক্ষুদ্ৰ উদ্য়োগ, কুটিৰ উদ্য়োগ, হস্ত-তাঁত আৰু বস্ত্ৰ উদ্য়োগ, আত্মসহায়ক গোট আদিৰ উৎপাদিত বস্তু বিক্ৰীৰ বাবে এই নিগমে সা-সুবিধা আগবঢ়ায়। নেড্ফিৰ সাহায্য়ত উৎপাদিত বস্তুসমূহ বিক্ৰীকৰিহলা গুৱাহাটীৰ আমবাৰীত নেড্ফিহাট নামৰ অনুষ্ঠান এটা আছে। নেড্ফিয়ে অঞ্চলটোৰ থলুৱা সম্পদসমূহৰ উপযুক্ত ব্য়ৱহাৰৰ বাবে পৰিৱেশ আৰু অন্তঃগাঁথনিৰ প্ৰকল্পসমূহ চিনাক্তকৰণ আৰু প্ৰতিপালন কৰাত সহায় কৰে। নেড্ফিৰ মুখ্য় কাম হ'ল অঞ্চলটোৰ সম্পদসমূহ ব্য়ৱহাৰ কৰি উৎপাদমুখী কামত সহযোদ কৰা আৰু জনসাধাৰণৰ অৰ্থনৈতিক উন্নতি সাধন কৰা। উত্তৰ-পূব ভাৰতৰ মাটি আৰু জলবায়ুৰ ভিন্নতাই ইয়াৰ নানা ধৰণৰ উদ্ভিদ আৰু প্ৰাণীৰ বাসভূমি কৰি গঢ়ি তুলিছে। বিভিন্ন জাতীয় ঔষধি আৰু সুগান্ধি গছ-গছনিৰে ইয়াৰ বনাঞ্চল ভৰি আছে। ইয়াৰ জলবায়ু আৰু বজাৰৰ লগত খাপ খুৱাই বহুতো মুল্য়ৱান উদ্ভিদ ঔদ্য়োগিক শস্য় হিচাপে খেতি কৰি বিভিন্ন কৃষি ভিত্তিক উদ্য়োগ গঢ়াৰ পৰিৱেশ সৃষ্টি কৰাত নেড্ফিয়ে গুৰুত্ব দিয়ে। উত্তৰ-পূব ভাৰতৰ ৰাজ্য়কেইখনৰ জনসাধাৰক এই অনুষ্ঠানটিয়ে বিভিন্ন দিশত যেনে  কৃষি, ঔষধি, বৃক্ষৰোপণ, ৰেচম শিল্প, কুটিৰ শিল্প, হস্ততাঁত আৰু বস্ত্ৰ শিল্প, উদ্য়গ শস্য়, হাঁহ-কুকুৰা পালন, গাহৰি পালন, মীন পালন আদি দিশলৈ আৰ্থিক সাহায্য় আগবঢ়াই আহিছে। বিশেষকৈ যিসকল লোকে বেংকৰ পৰা ঋণ পোৱাৰ বাবে বিভিন্ন চৰ্তসমূহ পূৰণ কৰিব নোৱাৰে সেইসকলক এই অনুষ্ঠানটিৰ জৰিয়তে ৰেহাই হাৰত ঋণৰ যোগান ধৰা হয়। উত্তৰ-পূব ভাৰত বিশেষকৈ প্ৰাকৃতিক গেছ, খাৰুৱা তেল, চূণ, কয়লা আদি প্ৰকৃতিক সম্পদত চহকী। অসমত প্ৰচুৰ পৰিমাণে মৰাপাট উৎপন্ন হয় যদিও প্ৰয়োজনীয় আন্তঃগাঁথনিৰ অভাৱত এই কেঁচামালৰ শতকৰা ৭০ ভাগ অঞ্চলটোৰ বাৰিৰত বিক্ৰী কৰিব লগা হয়। মৰাপাটৰ ওপৰত ভিত্তি কৰি এই অঞ্চলত যথেষ্ট পৰিমাণে ক্ষুদ্ৰ বস্ত্ৰ উদ্য়োগ, আলংকৰিক সামগ্ৰী, বেগ আদি নিৰ্মাণ কৰাৰ প্ৰচুৰ সম্ভাৱনা আছে। বৰ্বমান নেড্ফিয়ে এই দিশটোক যথেষ্ট গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে। নেড্ফিয়ে উত্তৰ-পূব ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ বাবে ক্ষুদ্ৰ বিত্তীয় আঁচনি (Micro Finance Scheme)ৰ জৰিয়তে মহিলাসকলক স্বনিৰ্ভৰশীল কৰি গঢ়ি তুলিবৰ বীবে  অহৰ্নিশে চেষ্টা চলাই আহিছে। আত্মাসহায়ক গোটসমূহ এই প্ৰচেষ্টাৰে সুফল। বৰ্তমান এই অঞ্চলৰ অৰ্থনৈতিক উন্নয়নৰ এক শক্তিশালি কাৰক হিচাপে আত্মসহায়ক গোটসমূহে যথেষ্ট  মৰ্যাদা লাভ কৰিছে। তলত ইয়াৰ বিষয়ে চমু আলোচনা কৰা হ'ল- 

আত্মসহায়ক গোটঃ

আত্মসহায়ক গোট হৈছে একে ঠাইৰে স্ব-ইচ্ছাই গোট খোৱা জনসাধাৰণৰ এটা থূপ বা গোট যিসকল আৰ্থিকভাৱে সচ্ছল নহয়। সাধাৰণতে ১০ৰ পৰা ২০জন সদস্য়ক লৈ এনে ধৰণৰ গোট গঠন কৰিব পাৰি। এই গোটৰ মূল লক্ষ্য় হৈছে গোটৰ সদস্য়সকলৰ দৰিদ্ৰতা দূৰীকৰণৰ অৰ্থে সমূহীয়া উদ্দেশ্য আগত লৈ একগোট হৈ কাম কৰাৰ প্ৰয়াস। আৰ্থিকভাৱে পিছপৰা আৰু কৰ্মসংস্থান নোহোৱা শ্ৰেণীৰ লোকে এইধৰণৰ গোট গঠন কৰি বেংক, নে়ড্ফি আদি বিত্তীয় অনুষ্ঠানৰ পৰা ঋণ লাভ কৰে। আত্মসহায়ত গোটে কৰ্মসংস্থানহীন যুৱক-যুৱতীসকলক বিভিন্ন ধৰণৰ উপাৰ্জনৰ পথ উলিয়াই দিয়াত সহায় কৰে। তদুপৰি এই গোটৰ  জৰিয়তে গাঁও অঞ্চলৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলে হাঁহ-কুকুৰা পালন, কাপোৰ বোৱা, চিলাইকৰা ফুলৰ কেতি কৰা আদি আঁচনি গ্ৰহণ কৰি স্বনিয়োজনৰ পত মুকলি কৰি ল'ব পাৰে। এই গোটৰ প্ৰতিজন সদস্য়ই নিয়মিতভাৱে সঞ্চয় কৰি এক সমূহীয়া পুঁজি গঠন কৰে। ৰাষ্ট্ৰীয়কৃত বেংক অথবা আঞ্চলিক গ্ৰামীণ বিকাশ বেংকত তেওঁলোকৰ এটা চেভিং বেংক একাউণ্ট থাকে। বহু ক্ষেত্ৰত গাঁৱৰ মানুহে ব্য়ক্তিগতভাৱে কোনো ব্য়লসায়ৰ কাৰ্যসূচী হাতত ল'লেও বিভিন্ন অসুবিধাৰ সন্মুখীন হৈ অৱশেষত উক্ত ব্য়ৱসায় বাদ দিবলগীয়া দৰে অৱস্থা হয়। কিন্তু একে ব্য়ৱসায় যদি এটা গোটে সমূহীয়াভাৱে পৰিচালনা কৰে তেনেহলে সেই ব্য়ৱসায় স্থায়ী আৰু লাভজনক হোৱাৰ সম্ভাৱনা অধিক হয়। অকল অৰ্থনৈতিক আঁচনিৰ পৰিচালনাৰ ক্ষেত্ৰতেই নহয় বিভিন্ন সামাজিক সা-সুবিধা লাভৰ ক্ষেত্ৰতো গাঁৱৰ ৰাইজ সংঘবদ্ধ হৈ থাকিলে সুবিধা আহৰণত যথেষ্ট সহায় হয়। এই বিলাক কাণতেই গাঁৱলীয়া ৰাইজৰ মাজত আত্মসহায়ক গোট গঠনৰ প্ৰয়োজনীয়তা বাৰুকৈয়ে উপলদ্ধি কৰা হৈছে যাতে দুখীয়া ৰাইজৰ মাজত স্বনিয়োজনৰ পথ মুকলি হয় আৰু আত্মনিৰ্ভৰশীল মানসিকতা গঢ় লৈ উঠে।     

আত্মসহায়ক গোট গঠনৰ লক্ষ্য় আৰু উদ্দেশ্য়ঃ

১। আত্মসহায়ক গোট গঠনৰ জৰিয়তে সমূহীয়াভাৱে কাম কৰাৰ শক্তি আৰ্ উদ্য়ম সৃষ্টি কৰা।

২। উন্নয়নসমূহক আঁচনিৰ জৰিয়তে বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ গ্ৰহণৰ সুবিধা লোৱা। 

৩। গোটৰ সদস্য়সকলে সমূহীয়াভাৱে অৰ্থনৈতিক কাৰ্যসূচী গ্ৰহণ কৰা। 

৪। গোটৰ সদস্যসকলৰ মাজত সঞ্চয়ৰ অভ্য়াস গঢ়ি তোলা।

৫। গ্ৰম্য় জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰি নিজে সহায় কৰাৰ মানসিকতা গ্ৰহন কৰা। 

৬। ঋণ দিয়া অনুষ্ঠানৰ লগত যোগাযোগ স্থাপন কৰা আৰু সমূহীয়া ঋণ পোৱাত সহায় কৰা আদি উল্লেখযোগ্য়।

মুঠৰ ওপৰত আত্মাসহায় গোটৰ মাধ্যমত বৰ্তমান আমাৰ এই অঞ্চলৰ অলেখ নিবনুৱা যুৱক-যুৱতীৰ লগতে পুৰুষ-মহিলাসকলেও অৰ্থনৈতিকভাৱে যথেষ্ট সকাহ লাভ কৰিছে। স্বনিয়োজন আৰু স্বনিৰ্ভৰশীলতাৰ ধাৰণা জনপ্ৰিয় আৰু মজবুত কৰাত আত্মসহায়ক গোটে চমকপ্ৰদ ভূমিকা পালন কৰিছে।



Class 8 Social Science

Type: Dimi Bora