সতীশ দাসৰ গীত | Satish Das Assamese Song | সতীশ দাসৰ অসমীয়া গীত সমূহ 


আজি মেৰ মাদল

 

আজি মেদৰ মাদল বাজিলে

মোৰ মনৰ ময়ূৰে নাচিলে ।।

বনে বনে বন পখিলা

লাহী কোমল পাহি জিলিকে ।

আজি মেধৰ মাদল...।।

কাজল নদীৰ কাজল পানীত

কত ঢৌৱে নাচে মেধৰ হাঁহিত ।

নদীৰে পাৰৰে বিৰিণা হালিছে

উৰু উৰু আজি মোৰ কিয় লাগিছে ।

নীলা আকাশৰে নীলা নিজৰাতে

বিজুলীৰে চমকনি নামিলে

আজি মেদৰ.....।।

উৰণীয়া মেধৰ মায়া

দূৰণিৰে অচিন ছায়া ।

চিনাকি চিনাকি আজি মোৰ লাগিছে

সপোনৰ সুকোমলে সুবাস উৰিছে ।

আজি জীৱনৰে উকা পথাৰতে

কেঁচা দূৱৰিয়ে হাঁহি মাৰিলে ।

আজি মেঘৰ মাদল.......।।



কেতিয়াবা বেজাৰতে

 

কেতিয়াবা বেজাৰতে

টোপনি নাহিলে মোৰ

কপালতে যেন হাত

যোৱা বুলাই

কেতিয়াবা বেজাৰতে

টোপনি নাহিলে মোৰ

কপালতে যেন

হাত যোৱা বুলাই

তুমিয়ে দেখোন

মোৰেই আই

কান্দি কান্দি ভাগৰোতে

মৰমেৰে দিছিলা শুৱাই

 

হয়তো আজি গাঁৱৰ পঁজাত

আছো বহি মোকেই ধিয়াই

গোসাঁই ঘৰত বন্তি জ্বলাই

কেতিয়াবা বেজাৰতে...।।


জুমি জুমি চোৱা তুমি

 

জুমি জুমি চোৱা তুমি

বাৰে বাৰে আঁৰে আঁৰে

লাজুকি হাঁহিটিৰে

দেখি মোৰ মন হয় আজি বিয়াকুল ।।

 

ফুল কলি ফুলি যেন ফুলাম হ

তোমাৰেই লাজ তাতে থমকি ৰয়

পাখি মেলি মোৰ মন পখিলাই

পাহে পাহে তোমাৰেই হাঁহি দেখা পাই

হয় যেন আজি কিবা কৰবাত ভুল ।।

 

ভাববোৰ হয় যেন খেলিমেলি

চাৱনিৰ চমকত দেখি বিজুলী

আৱেগ গলি গলি মৰম হ

নিজৰাৰে বাগৰি গ

লাগে যেন আজি কিবা উগুল থুগুল ।।