চন্দ্ৰপ্ৰভা শইকীয়ানীৰ এখন চমু ৰচনা | A short essay by Chandraprabha Saikiani | চন্দ্ৰপ্ৰভা শইকীয়ানীৰ এখন চমু তথ্য়ৰ ৰচনা |

আৰম্ভণি ঃ一

Chandraprabha Saikiani
Chandraprabha Saikiani

চন্দ্ৰপ্ৰভা শইকীয়ানী

জন্ম  ঃ ১৯০১ চনৰ ১৬মাৰ্চত চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে জন্ম লাভ কৰে। বৰ্তমান বৰপেটা জিলাৰ (পূৰ্বতে কামৰূপ) বজালী অঞ্চলৰ দৈশিঙৰি গাঁৱত জন্ম গ্ৰহণ কৰিছিল। তেখেতৰ পিতৃৰ নাম আছিল ৰাতিৰাম মজুমদাৰ আৰু মাতৃৰ নাম আছিল গংগাপ্ৰিয়া মজুমদাৰ। জন্মৰ পাছত তেখেতৰ প্ৰকৃত নাম আছিল চন্দ্ৰপ্ৰিয়া আৰু তেখেতৰ এগৰাকী ভনীয়েক আছিল তেওঁৰ নাম আছিল ৰামেশ্বৰী। দুই ভনীয়েক বহুত মিলাপ্ৰীতি আছিল।

শিক্ষা  ঃ তেওঁলোকৰ মাহীয়েকৰ ঘৰ আছিল ভালুকী গাঁৱত। তাতে তেওঁলোকে প্ৰাথমিক বিদ্য়ালয়ৰ পৰা পঢ়া-শুনা লাভ কৰে। চন্দ্ৰপ্ৰিয়াই ৰূপৰ পদকেৰে সন্মানিত হৈ প্ৰাথমিক শিক্ষা লাভ কৰিলে। প্ৰাথমিক শিক্ষা লাভ কৰাৰ পাছত মজলীয়া বিদ্য়ালয় পঢ়াৰ বাবে কঁঠালগুৰি এম. ভি স্কুলত নামভৰ্ত্তি কৰে। ভালুকী গাঁৱৰ পৰা কঁঠালগুৰি গাঁৱলৈ পঢ়াৰ বাবে বহু দূৰ বাট কষ্ট কৰি যাব লগা হৈছিল। দুয়ো গৰাকী ভনীয়েকে এম. ভি পাছ কৰে। সেই সময়তেই এদিনাখন বিদ্য়ালয়ৰ উপ-পৰিদৰ্শক নীলকান্ত বৰুৱাই চন্দ্ৰপ্ৰিয়া আৰু ৰামেশ্বৰীৰ পঢ়াৰ প্ৰতি থকা আগ্ৰহ দেখি তেওঁলোক দুয়োকে পঢ়া-শুনাৰ বাবে জলপানি পোৱাৰ ব্য়ৱস্থা কৰি দিলে।

    নাগাঁৱৰ মিছন স্কুলতেই চন্দ্ৰপ্ৰিয়া আৰু ৰামেশ্বৰীৰ নাম সলাই ক্ৰমে চন্দ্ৰপ্ৰভা আৰু ৰজনীপ্ৰভা কৰা হয়।

কৰ্মজীৱন  ঃ পঢ়া শেষ কৰি চন্দ্ৰপ্ৰভাই নগাঁৱৰ এখন বিদ্য়ালয়তে প্ৰথমে শিক্ষকতা হিচাপে কৰ্ম নিযুক্ত হয়।

    তেজপুৰত থকা কালতেই গন্ধৰ্ব প্ৰথা মতে সাহিত্য়িক দণ্ডিৰাম কলিতাৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰে।

মৃত্য়ু  ঃ ১৯৭২ চনৰ ১৬ মাৰ্চ তাৰিখে কৰ্কট ৰোগত আক্ৰান্ত হৈ গুৱাহাটীতেই তেখেতে মৃত্য়ুক সাৱতি লয়।



চন্দ্ৰপ্ৰভা শইকীয়ানীৰ চমু প্ৰশ্ন আৰু উত্তৰ


Author :- Bidyut Thakuria.

A short essay by Chandraprabha Saikiani.