শীলভদ্ৰৰ

 

১৯২৩-২০০৮

চমু পৰিচয়

শীলভদ্ৰ ১৯২৩ চনৰ গোৱালপাৰা জিলা গৌৰীপুৰত জন্ম হৈছিল। তেখেতৰ পিতৃ নাম ৰমনী মোহন দত্তচৌধুৰী আৰু মাতৃ নাম অমিয়লতা দত্তচৌধুৰী।


শিক্ষাঃ-

পি.চি ইনষ্টিটিচনৰ পৰা শীলভদ্ৰৰে প্ৰৱেশিকা পৰীক্ষা লাভ কৰে। তাৰ পাছত তেখেতে কটন কলেজৰ পৰা আই.এছ.চি পৰীক্ষাত উত্তীৰ্ণ হৈছিল। উচ্চ শিক্ষা লাভ কৰি তেখেতে অসম ইঞ্জিনিয়াৰিং কলেজত অধ্যাপনা কৰিছিল। 


পুথি আৰু গল্প

শীলভদ্ৰৰ ৰচিত পুথি হৈছে 'বাস্তৱ', 'কোনো ক্ষোভ নাই ', 'সমুদ্ৰতীৰ ', 'শীলভদ্ৰ কুৰীটা গল্প  'বিশ্বাস',। 

গল্প ভিতৰত  'তৰ্পণ', 'উত্তৰণ', 'আগমনিৰ ঘাট',  'আঁহতগুৰি',  'অনুসন্ধান','মধুপুৰ বহুদূৰ', 'আকৌ মধুপুৰ', 'মেজাজ', আদি উল্লেখযোগ্য।  শীলভদ্ৰৰ গল্পৰ সহজ সৰল যদিও সৃষ্টিৰাজিত অভিজ্ঞতাৰ এক বৈচিত্ৰ্যময় চিত্ৰকল্প ফুটি উঠিছে। অতীত বিধুৰতা আৰু মানৱীয় মূল্যবোধসমূহক পোহৰাই তোলাই হ'ল তেখেতৰ গল্প ৰাজিৰ অন্যতম বৈশিষ্ট। 

❋ ২০০৮ চনৰ ২৯ ফেব্ৰুৱাৰীত তেখেতৰ মৃত্যু হয়।

✱শ্ৰী নয়ন জ্যোতি বৰদলৈ


শীলভদ্ৰৰ বিষয়ে কিছু প্ৰশ্ন উত্তৰ