শীলভদ্ৰৰ বিষযে চমু প্ৰশ্ন আৰু উত্তৰ


১। শীলভদ্ৰৰ জন্ম কিমান চনত হৈছিল?
উত্তৰঃ শীলভদ্ৰৰ জন্ম হৈছিল-১৯২৪ চনৰ ১৮ ছেপ্টেম্বৰত।

২। শীলভদ্ৰৰ জন্ম স্থান ক'ত?

উত্তৰঃ শীলভদ্ৰৰ জন্ম স্থান হ'ল-গৌৰীপুৰত।

৩। শীলভদ্ৰক আৰু কি নামেৰে জনা যায়।

উত্তৰঃ শীলভদ্ৰক ৰেৱতী মোহন দত্তচৌধুৰী হিচাপে জনা যায়।

৪। শীলভদ্ৰৰ পিতৃৰ নাম কি?

উত্তৰঃ শীলভদ্ৰৰ পিতৃৰ নাম-ৰমনী মোহন দত্তচৌধুৰী।

৫। ৰেৱতী মোহন দত্তচৌধুৰীৰ ছদ্ম নাম কি?
উত্তৰঃ 
ৰেৱতী মোহন দত্তচৌধুৰীৰ ছদ্ম নাম-শীলভদ্ৰ।

৬। ৰেৱতী মোহন দত্ত চৌধুৰীৰ মাতৃৰ নাম কি?

উত্তৰঃ ৰেৱতী মোহন দত্ত চৌধুৰীৰ মাতৃৰ নাম-অমিয়লতা দত্তচৌধুৰী।

৭। কোনখন কলেজৰ পৰা শীলভদ্ৰৰ প্ৰথম চাকৰিৰ বাবে আহ্বান আহিছিল?
উত্তৰঃ 
এম.চি কলেজৰ পৰা 
শীলভদ্ৰৰ প্ৰথম চাকৰিৰ বাবে আহ্বান আহিছিল।

৮। শীলভদ্ৰই চাকৰি ইস্তফা দি কি কাম কৰে?

উত্তৰঃ শীলভদ্ৰই চাকৰি ইস্তফা দি ঠিকাদাৰৰ কাম কৰে।

৯। শীলভদ্ৰই এছিচটেণ্ট মেনেজাৰ ৰূপে ক'ত সোমায়?
উত্তৰঃ শীলভদ্ৰই এছিচটেন্ট মেনেজাৰ ৰূপে চাহ-বাগানত সোমায়।

১০। কোনখন কলেজত শীলভদ্ৰই গণিত শিক্ষক হিচাপে যোগদান কৰে?

উত্তৰঃ অসম অভিযান্ত্ৰিক কলেজত শীলভদ্ৰই গণিত শিক্ষক হিচাপে যোগদান কৰে।

১১। অসম অভিযান্ত্ৰিক কলেজৰ পৰা শীলভদ্ৰই কেতিয়া অৱসৰ গ্ৰহণ কৰে?

উত্তৰঃ ১৯৮২ চনত শীলভদ্ৰই অসম অভিযান্ত্ৰিক কলেজৰ পৰা অৱসৰ গ্ৰহণ কৰে।

১২। কোনদুখন উপন্য়াসৰ জৰিয়তে শীলভদ্ৰই ঔপন্য়াসিক হিচাপে আত্মপ্ৰকাশ কৰে?

উত্তৰঃ 'মধুপুৰ' আৰু 'তৰংগিনী' উপন্য়াসৰ জৰিয়তে শীলভদ্ৰই ঔপন্য়াসিক হিচাপে আত্মপ্ৰকাশ কৰে।

১৩। শীলভদ্ৰই মুঠ কেইখন গল্পপুঠি ৰচনা কৰে?

উত্তৰঃ শীলভদ্ৰই মুঠ ২৬ খন গল্পপুঠি ৰচনা কৰে।

১৪। কিমান চনত শীলভদ্ৰই ভাৰতীয় ভাষা পৰিষদ বঁটা পাইছিল?

উত্তৰঃ ১৯৯০ চনত শীলভদ্ৰই ভাৰতীয় ভাষা পৰিষদ বঁটা পাইছিল।

১৫। শীলভদ্ৰৰ প্ৰথম গল্পটোৰ নাম কি?

উত্তৰঃ শীলভদ্ৰৰ প্ৰথম গল্পটো হ'ল-অভিযোগ।

১৬। কোনখন বাতৰি কাকত শীলভদ্ৰই তেখেতৰ প্ৰথম গল্পটো প্ৰকাশ কৰিছিল?

উত্তৰঃ 'অসম বাতৰি' কাকতত শীলভদ্ৰই তেখেতৰ প্ৰথম গল্পটো প্ৰকাশ কৰিছিল।

১৭। কিমান চনত শীলভদ্ৰই সাহিত্য় অকাডেমী বঁটা লাভ কৰিছিল?

উত্তৰঃ ১৯৯৪ চনত শীলভদ্ৰই সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।

১৮। শীলভদ্ৰৰ পেচা কি আছিল?

উত্তৰঃ শীলভদ্ৰৰ পেচা আছিল-গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষাবিদ।

১৯। কিমান চনত শীলভদ্ৰই অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে?

উত্তৰঃ ২০০১ চনত শীলভদ্ৰই অসম উপত্য়কা সাহিত্য় বঁটা লাভ কৰিছিল।

২০। কিমান চনত শীলভদ্ৰৰ মৃত্যু হয়?

উত্তৰঃ ২০০৮ চনৰ ২৯ ফ্ৰেব্ৰুৱাৰী তাৰিখে শীলভদ্ৰ বা ৰেৱতী মোহন দত্তচৌধুৰীৰ মৃত্যু হয়।


Type-Bhabesh Bora  






Post ID :DABP005363