সূৰ্য কুমাৰ ভূঞা


সূৰ্য কুমাৰ ভূঞা

(১৮৯২-১৯৬৮)


সূৰ্য কুমাৰ ভূঞা (১৮৯২-১৯৬৮)- অসমৰ পুৰণি বুৰঞ্জী উদঘাটন, সম্পাদনা আৰু প্ৰকাশৰ ক্ষেত্ৰত ড° সূৰ্য কুমাৰ ভূঞা প্ৰৱাদপুৰুষ হৈ আছে। ড° সূৰ্য কুমাৰ ভূঞাই আগজীৱনত কিছুমান কবিতা লিখিছিল আৰু সেইখিনি নিৰ্মালি নামৰ সংগ্ৰটোত থুপ খাই আছে। বৈষ্ণৱ কবিতাৰ আৰ্হিত তেখেতে 'ভানুনন্দন' নামত 'জয়মতী উপাখ্যান' লিখিছিল। এক অননুকৰণীয় গদ্য ভংগীৰে লিখা 'স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ' এখন মূল্যৱান গ্ৰন্থ। এইদৰে অসমীয়া আৰু ইংৰাজী ভাষাত ডেৰকুৰিখনৰো অধিক গ্ৰন্থ ৰচনা কৰি অসমীয়া ভাষা-সাহিত্যত সুকীৰ্তি ৰেখাৰ উপৰি ছিলিঙত অনুষ্ঠিত 'অসম সাহিত্যসভা'ৰ দ্বাবিংশ অধিৱেশনত সভাপতিৰ আসন অলংকৃত কৰিছিল।

    তেখেতৰ জন্মস্থান নগাঁও। ড° সূৰ্য কুমাৰ ভূঞা আছিল কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যক্ষ। তেখেত প্ৰথম অসমীয়া শিক্ষাধিকাৰো (D.P.I.) আছিল। অসমৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগটো তেখেতৰ জীৱনৰ কীৰ্তি-স্তম্ভ বুলিব পাৰি। নিজৰ বাসভৱনত আৰম্ভ কৰা এই বিভাগটোৱেই পাছত চৰকাৰী বিভাগত পৰিণত হয়।

    কলিকতা আৰু লণ্ডন বিশ্বদ্যালয়ত মেধা আৰু কৃতিত্বৰ পৰিচয় দিয়া ইতিহাসৰ ছাত্ৰ ড° সূৰ্য কুমাৰ ভূঞা ভাৰতবৰ্ষৰ এগৰাকী আগশাৰীৰ ইতিহাসবিদ। 


Ankur Raj Deka (Morigaon Assam)