7.4.5  গুপ্তবীজী উদ্ভিদ (Angiosperms)

"গুপ্তবীজী" শব্দটোক গ্ৰীক ভাষাৰ পৰা উৎপত্তি হৈছে। গ্ৰীক ভাষাত Angoioৰ অৰ্থ হ'ল一 বীজ। এই বিভাগৰ অন্তৰ্গত উদ্ভিদৰ বীজবিলাক পিছৰ পৰ্যায়ত ফললৈ ৰূপান্তৰিত হোৱা এটা অংগত ভিতৰত আবৃত হৈ থাকে। এই উদ্ভিদখিনি সপুস্পক উদ্ভিদ বুলিও কোৱা হয়। এই উদ্ভিদখিনিৰ ভ্ৰূণটোত বীজ পাত্ৰৰ নামৰ এটি অংশ থাকে। বীজপাত্ৰ বুলি এই কাৰণে বোলা হয় যে বীজ এটা অংকুৰিত হ'লে বীজটোৰ পত্ৰখন সেউজীয়া হৈ পৰে। সেইদৰেই বীজপাত্ৰ একোখন এজোপা পুনাংগ উদ্ভিদৰ পূৰ্বাবস্তাক প্ৰতিনিধিত্ব কৰে। গুপ্তবীজী উদ্ভিদৰ ভ্ৰূণত থকা বীজপত্ৰৰ ওপৰত ভিত্তি কৰি ইহঁতক পুনৰ দুটা ভাগত বিভক্ত কৰা হৈছে। যিবিলাক উদ্ভিদৰ বীজপাত্ৰৰ সংখ্য়া এখন সেইবিলাক উদ্ভিদক একবীজপত্ৰী উদ্ভিদ বুলি কোৱা হয়। 

কাৰ্যকলাপ.........................................7.2

    মগু, ঘেহু, গোমধান, মটৰ আহ আৰু তেতেলীয়া বীজ কিছুমান পানীত তিয়াই ৰাখা। বাজবিলাক ওফন্দি বা ফুলি উঠাৰ পাচত হাচৰ আঙুলিৰে পিতিকি চোৱা। আটাইবোৰ বীজ প্ৰায় সমানে সমানে দুভাগ হৈছেনে?

   যিবিলাক বীজ সমানে দুভাগ হৈছে সেইবিলাকেই হ'ল দ্বিবীজপত্ৰী উদ্ভিদৰ বীজ আৰু যিবিলাকক ভাগ কৰিব পৰা হোৱা নাই সেইবিলাকেই হ'ল একবীজপত্ৰী উদ্ভিদৰ বীজ।

    এতিয়া এইবিলাক উদ্ভিদৰ শিপা, পাত আৰু কাণ্ডবিলাক লক্ষ্য় কৰা।

    শিপাবিলাক মুখ্য় মূল নে গুচ্চিত মূল?

    পাতবহিলাকৰ শিৰাবিন্য়াস জালিকাৰ নে সমান্তৰাল?

    এই উদ্ভিদবিলাকৰ ফুলৰ পাহিৰ সংখ্য়া কিমান?

    এই নিৰীক্ষণৰ সহায়ত একবীজপত্ৰী আৰু দ্বিবীজপত্ৰী উদ্ভিদৰ চৰিত্ৰসমূহ লিখিব পাৰিবানে?

প্ৰশ্নাৱলী

1. উদ্ভিদ জগতৰ কোনটো বিভাগৰ অন্তৰ্গত উদ্ভিদবিলাক একেবাৰে সৰল?

2. ঢেঁকীয়া জাতীয় উদ্ভিদখিনি সপুস্পুক উদ্ভিদৰ পৰা কি ক্ষেত্ৰত পাৰ্থক্য়?

3. নগ্নবীজী উদ্ভিদৰ মাজত থকা ইটোৰ লগত সিটোৰ পাৰ্থক্য় কি?




Class 9 General Science Assam SCERT Book

Type:- Bidyut Thakuria