জ্বলি জ্বলি .... । জ্বলি জ্বলি জুবিনৰ অসমীয়া গান । জুবিনৰ অসমীয়া গান জ্বলি জ্বলি । Zubeen Garg Assamese song Joli Joli.... |
জ্বলি জ্বলি .....
গলি গলি শেষ হোৱা মোৰ চকুৰ পানী
যদি চাব খোজা
তুমি চাব পাৰা
যদি চাব খোজা
তুমি চাব পাৰা
কিদৰে আছোঁ যে ৰৈ
নোপোৱা বেদনাকে লৈ
জ্বলি জ্বলি ....
নাই যে সময় আজি
উলটি অহাৰ
নাই যে সময় চাগে
উভতি চোৱাৰ।।
নেলাগে আহিব কাষলে তুমি
নেলাগে লব মোক সাৱটি আজি
নেলাগে দিব মোক চকুলো মচি
নেলাগে দিব মোক চকুলো মচি
জ্বলি...
শুকান শুকান আজি
প্ৰতিটো কথা
নীৰৱ নিৰাশ আজি
প্ৰতিটো আশা
এবাৰো নুবুজিলো দুখৰে ভাষা
জোনাকত নাচিচে আউসী নিশা
জ্বলিব দিয়া মোক নিজৰে মাজত
নেলাগে আহিব তুমি থাকোগৈ দূৰত
জ্বলি......