আহে বা নাহে । আহে বা নাহে জুবিনৰ অসমীয়া গান । জুবিন গাৰ্গৰ অসমীয়া গান আহে বা নাহে। Zubeen garg Assamese song Aahe ba Nahe | 


 আহে বা নাহে


আহে বা নাহে ঘুমতি আহিবা ৰাতি

সপোনকে লৈ


থাকে বা নাথাকে শাওনৰে ঢল

তুমি মৰমৰে নৈ


দুপাখি মেলি সমীৰে আহি

দিয়ে বা নিদিয়ে ফাগুণৰে খবৰ

তুমি ৰোৱা যেন মোলে ।


চোৱে বা নোচোৱে নিয়ৰে

শেৱালি পাহিটি শৰতে শৰতে


নাচে বা নানাচে জোনাকী হৈ

তুমি সোণ নাচিবা মোৰে হিয়াতে ৰৈ ।।


জোৰে বা নোজোৰে বান্ধি ল’ম

কিনো মৰমৰে এনাজৰীকে পাওঁ


বহে বা নবহে ফুলতে গৈ

ৰঙিলী পখিলী তুমি ৰঙৰে ছৈ ।।