এৰি নাজাবি । জুবিন গাৰ্গৰ অসমীয়া গীত এৰি নাজাবি । এৰি নাজাবি জুবিন গাৰ্গৰ গীত । Zubeen Garg Assamese Song Aeri Najabi || 


এৰি নাজাবি 

এৰি নাজাবি ,যাবি লগতে মোক লৈ 

তই নহলে নহলে হিয়াই নামানে ঐ 

চেনেহা চেনেহী কেতিয়ানো কৰিবি 

লাহেকৈ বুকুৰে কেতিয়ানো লবিহি 

মোৰ মন তোলৈ ।

কবিতাৰ কথাবোৰ লিখিব নোৱাৰো 

মৌ সনা মিঠা গান শুনাবও নোৱাৰো 


মাথোঁ খুলিলেই  খুজি চাবি 

কলিজাতো তোৰহাততে পাবি 

এহালি দুহালি আগুৱাই আহিছো 

তোৰ ঘাটতে নাওঁ লগাব খুজিছো 

লম আদৰি ঐ ।


ইবেলি সিবেলি পুৱা গৈ গধূলি 

ইকাষে সিকাষে সপোন তাৰ সাবতি 

উৰিবলে মন পাখি লগাই 

প্ৰেম হৱলা এনেকুৱাই 


ওপৰা-ওপৰি ভাৱনা আহিলে 

উফৰা-উফৰি কামনা জাগিলে 

দুখ নিদিবি ঐ .... ।।