অলপ শান্তি দিয়া ...। জুবিন গাৰ্গৰ অসমীয়া গীত অলপ শান্তি দিয়া । Zubeen Garg Assamese Song Alop Shanti Diya...| 

অলপ শান্তি দিয়া...



অলপ শান্তি দিয়া

অলপ মৰম দিয়া

অলপ জিৰনি দিয়া

সপোন চুব দিয়া।।

 

মৰণ যজ্ঞৰ ধোঁৱা

স্বাধীনতা বুলি কোৱা

কাৰ বাবে কোৱা

কোনে দেখিব কোনে বুজিব

কোন ৰবগৈ কোৱা

নিজক সুধি চোৱা

চকু মেলি চোৱা

মৰিশালিৰ বাট নিজে খুলি ললা

ঘৰখনি দিয়া

মা-দেউতাৰ দিয়া

ভাই-ভনী দিয়া

দিয়া ঘূৰাই দিয়া

 

বানক ৰুধি দিয়া

পথাৰ ঘূৰাই দিয়া

ভঁৰাল পূৰাই দিায়া-

দিব পাৰা যদি তুমি

চকুলো মচি দিয়া

হাঁহি ঘূৰাই দিয়া

বুকু ভৰাই দিয়া

যদি দিব পাৰা কোৱা

অলপ শান্তি ............


অশ্ৰু শীতল আইৰ চকুত

বেদনাৰে জুই

কোনে নুমাব কোনে বুজাব

আছে সকলো শুই

চেঁচা গধূলি চেঁচা পদূলি

চোতালৰে জোন

কাৰ পৰাণত আছে শকতি

ঘূৰাই আনিব সোণ ।।

 

মৰণ যজ্ঞৰ ধোঁৱা

স্বাধীনতা বুলি কোৱা.................


বানক ৰুধি দিয়া

পথাৰ ঘূৰাই দিয়া................

অলপ শান্তি ............