এন্ধাৰ হব নোৱাৰো|এন্ধাৰ হব নোৱাৰো জুবিন গাৰ্গৰ অসমীয়া গীত|Zubeen Garg Assamese Song Andhar Hobo Nuwaru | 
 
এন্ধাৰ হ’ব নোৱাৰোঁ

এন্ধাৰ হ’ব নোৱাৰোঁ
মচি দিব নোৱৱাৰোঁ
পাখি মেলা অতীতক
কিহৰে পাহৰোঁ ।
এন্ধাৰ হ’ব নোৱাৰোঁ...।
পোহৰ বুলি জিয়ালোঁ
মনে মনে প্ৰাণতে
হাতেৰে ঢুকি নোপোৱাৰ
জোনৰে ছবি
পাখি মেলি সপোনে
আগচিলে’ জীৱনক
কোনোবা দৰদী
আকাশৰ নীলিমাতে
সেই মন আজি যেন
অসমীত লীন হোৱা তৃষা
কিদৰে পাহৰোঁ মই
এন্ধাৰ হ’ব নোৱাৰোঁ....
সাগৰ নীলা দুচকুত
কি ৰং আনে জীৱনে
নাজানো যদিও দুবাহু আছে মেলি
সঁচা-মিছাৰ সোঁমাজত
সাঁতুৰিছোঁ যদিও
খেদি খেদি সপোন মিঠা চুমা যাচে ।
এই মন আজি যেন পোহৰত
প্ৰাণ পোৱা তৃষা
কিদৰে পাহৰোঁ মই
এন্ধাৰ হ’ব নোৱাৰোঁ ।...