এতিয়াও সাৰে আছোঁ মই । জুবিনৰ অসমীয়া গান এতিয়াও সাৰে আছোঁ মই । এতিয়াও সাৰে আছো ণি জুবিনৰ অসমীয়া গান । Zubeen garg Assamese song Atiyau Xare Asu moi | 


এতিয়াও সাৰে আছোঁ মই

 

এতিয়াও সাৰে আছোঁ মই

ধূসৰ প্ৰভাতৰ ক্ষণ গণি

ধুমুহাৰ নিশা আজিও

বাৰে বাৰে দিয়েহি আমনি

কাষত স্মৃতিৰ অলেখ সমাধি

হৃদয়ৰ হাহাকাৰ কিদৰে বুজাওঁ

মই এই পৃথিৱীক ।

 

মৃত্যুৰ সিপাৰে আছা জানো তুমি

একেখন হৃদয় লৈ আছা জানো তুমি

মনত একেটি হাঁহি

পামনে আকৌ বিচাৰি

এতিয়া নাই সময়

দুহাতত ফুল লৈ

আহিবা যাচিবলৈ

শেষ মৰম

এতিয়াও সাৰে আছোঁ মই...

অশ্রু শীলত বৰ সহিব নোৱাৰি

দুচকুত এন্ধাৰ আৰু সিঁচিবনোৱাৰি

বুকুত উথলি আছে

দুখৰ দৰে ক'লা তেজ

এতিয়া মই যেন

কোনোবা দূৰনীত

ছোঁ ৰৈ তোমালৈ’ অকলশৰে

এতিয়াও সাৰে আছোঁ মই...।