আউঁসীৰ জোন মোৰ সন্মুখতে । জুবিন গাৰ্গৰ অসমীয়া গীত আউঁসীৰ জোন মোৰ সন্মুখতে । Zubeen Garg Assamese Song Auxir jun mur |
আউঁসীৰ জোন মোৰ সমুখতে....
সেমেকা চকুলো দুগালতে
নিজানৰ ৰাতি মোৰ কেতিয়াকে
পুৱাব, খেলিব ৰ’দে সতে
তুমি আহিবা এদিনা ৰং দিবা দুচকুত
মৰমেৰে বুকু
উপচাই
আউঁসীৰ....
দিনে প্ৰতিদিনে মাথোঁ মনে প্ৰাণে
আঁকিলোঁ ৰামধেনু হিয়া জুৰাই
দিনে প্ৰতিদিনে.....
তোমাৰ বাবেই জানা
বুকুৱে মোৰ জানা
নোশোৱে উজাগৰে ৰজনী কটাই
চকুৰে তোমাকে ধিয়াই
আঁউসীৰ.....
গোপনে ফাগুনে মন উতলালে
তুমি অহাৰ আজি বাতৰি পাই
তুমি চুলেই জানা, তুমি চালেই জানা
মেধালী সপোনে বাগৰ সলাই
হিয়া নৈ ঢৌৱে কোবাই
আঁউসাীৰ....।।