বান্ধৈ ঐ হুৱা-দুৱা লাগিলে ..... । জুবিন গাৰ্গৰ অসমীয়া গান বান্ধৈ ঐ হুৱা-দুৱা লাগিলে । Zubeen Garg Assamese Song Bandhai Huwa-Duwa lagile... |
বান্ধৈ ঐ হুৱা-দুৱা লাগিলে ....
বান্ধৈ ঐ হুৱা-দুৱা লাগিলে
তেওঁ ইটো মূৰত মই সিটো মূৰত
প্ৰেম শৰে বুকু বিন্ধিলে ।
বান্ধৈ ঐ কি কমনো তহতক
মেৰিয়াই মেৰিয়াই বান্ধিলে আহি তেওঁ
পিৰীতিৰ পঘাৰে মোক।।
সপোনে বূুৰোৱা নয়ন
হাঁহিৰে উপচা প্ৰাণ
সুখে উজলোৱা জোন
জীৱনে আনি দিব।।
ভাগৰে কটোৱা দেহা তেওঁৰ কোলাতে শুব
অনুৰাগী কথাৰে মোৰ বুকু জুৰাব ।
বান্ধৈ ঐ কি কমনো.............
আশাবোৰে উৰি উৰি
সময়ৰে সতে মিলি্
মনে বিচৰা ৰঙেৰে
ৰামধেনু আঁকিব ।।
খোজতে প্ৰিয়াৰে খোজ
লাজতে প্ৰিয়াৰ লাজ
সখিয়তি সময়তো কাষৰতে ৰয়।
বান্ধৈ ঐ কি কমনো................।।