ভবা কথা নহয়.... । জুবিনৰ অসমীয়া গান ভবা কথা নহয় .... । ভবা কথা নহয় .... জুবিনৰ গান। Zubeen Garg Assamese Song Bhaba kotha Nohoi.... |
ভবা কথা নহয় ....
ভবা কথা নহয় সিন্ধি
বাটত আছে কণা বিধি
খোজে খোজে খাবগৈ উজুটি
ধন জন মিছা মায়া
সপোনৰে মাথো ছায়া
নাথাকিব একোকে শেষতে ।
ভবা কথা নহয় সিন্ধি ............
বাটত আছে কণা বিধি
খোজে খোজে খাবগৈ উজুটি
ধন জন মিছা মায়া
সপোনৰে মাথো ছায়া
নাথাকিব একোকে শেষতে ।
ভবা কথা নহয় সিন্ধি ............
টকা আৰু মান
দিনে ৰাতি কাম
ভূল শুদ্ধ নভবাকৈ
খাব খোজে ধান
বন্ধ চকু কাণ
চিনি পোৱায়েই টান
মৰিবলে হলে চাগে
লব হৰি নাম
সাবটিছা মিছা ছায়া ।।
ধোৱা আৰু ধূলিহে শেষতে ।
বিৱেক আৰু প্ৰাণ তাতকৈ গুলীৰ দাম
মানুহতকৈ কুকুৰে পায় মৰম আৰু মান
চৰকাৰৰে গান
মিছা কথাৰ বান
গঢ়িবলৈ নতুন অসম
দিব পৰিত্ৰাণ
সাবটিছা মিছা মায়া... ।।