গাগৰি কঁকালত । জুবিনৰ অসমীয়া গান গাগৰি কঁকালত । গাগৰি কঁকালত জুবিনৰ অসমীয়া গান ।  Zubeen Garg Assamese Song Gagori Kokalot |  

গাগৰি কঁকালত  



গাগৰি কঁকালত ৰ’দালি দুগালত

মৰো মৰো লাগে তোমাৰে ৰূপত

লাহৰী লাহৰী এটি এটি খোজত

উঠিছে ঢৌ মোৰ মনৰে বনত

পানী অহা ঘাটলে

নাযাবা দেই অকলে

ছল পালে কোনোবাই

লৈ যাব ধৰি লৈ যাব 

লৈ যাব ধৰি লৈ যাব ।

শেৱালি নেৱালি

ধূতি যায় মালতী

কিযেনো ফুলে তোমাৰে বাটত

লিহিৰি খোপাতে

কপৌফুলে হাঁহে

জেতুকা জিলিকে দুয়োখনি হাতত

পানী অনা ঘাটলে...।

 

সোণাৰু ৰঙেৰে সপোনে সজালো

থোপে থোপে হালধীয়া আৱেশত

ডেকা মনে মোৰো বিচাৰে তোমাকে

নৰ’বা নৰ’বা আঁতৰি দূৰত

পানী অনা ঘাটলে...।

গাগৰি কঁকালত ৰ’দালি...।।