গাগৰি কঁকালত । জুবিনৰ অসমীয়া গান গাগৰি কঁকালত । গাগৰি কঁকালত জুবিনৰ অসমীয়া গান ।  Zubeen Garg Assamese Song Gagori Kokalot |  

গাগৰি কঁকালত  


গাগৰি কঁকালত ৰদালি দুগালত

মৰো মৰো লাগে তোমাৰ ৰুপত

লাহগী লাহগী এটি এটি খোজত

উঠিছে ঢৌ মোৰ মনৰে বনত

পানী অহা ঘাটলে

নাযাবা দেই অকলে

ছল পালে কোনোবাই

লৈ যাব ধৰি লৈ যাব ।

 

শেৱালি নেৱালি

ধূতি যায় মালতী

কিযেনো ফুলে তোমাৰে বাটত

লিহিৰি খোপাতে

কপৌফুল হাঁহে

জেতুকা জিলিকে দুয়োখনি হাতত

পানী অনা ঘাটলে...।

 

সোণাৰু ৰঙেৰে সপোন সজালো

থোপে থোপে হালধীয়া আৱেশত

ডেকা মনে মোৰো বিচাৰে তোমাকে

নৰবা নৰবা আঁতৰি দূৰত

পানী অনা ঘাটলে...।

গাগৰি কঁকালত ৰদালি...।।