কাঁহি-বাটি। জুবিনৰ অসমীয়া গান কাঁহি বাটি...। কাহি বাটি জুবিন গাৰ্গৰ অসমীয়া গান । Zubeen Garg Assamese song Kahi Bati |  

কাঁহি বাটি.... 


কাঁহি বাটি ঘটি লোটা লৈ 

থাকা হিচাপ কৰি দিন 

আহিমে মই এদিন 

মোৰে নাওঁ ভটিয়াই 

নৌকা ভৰাই আনিমে মাছ 

আহিবগৈ আমাৰ সুদিন অ ।


ভৰ বাৰিষাৰে নদী দেখি 

নাখাবা ভয়  পদুমী 

অ মোৰ সোণ পদুমী 

পুতেৰকে সাৰথই কৰি যদি 

দিন নাযায় নুপুৱাই 

নদীৰ ফালে চালেই হল এবাৰ 

আহিমে মই ভটিয়াই নাও বাই ।


পঢ়ি-শুনি ডাঙৰ হব বোপা 

কিনিব ঘৰ-বাৰী নতুন 

নাও চলাই চলাই এই দুই হাত 

জিৰণি লব এদিন 

নাহাঁহে আৰু কোনেও আমাক 

সৰু দুখীয়া বুলি 

নেদেখে আৰু কোনেও আমাক 

নৈ চপনীয়া বুলি অ পদুমী।।