খিৰিকি মেলোতে । খিৰিকি মেলোতেই জুবিন গাৰ্গৰ অসমীয়া গান । Zubeen Garg Assamese Song Khiriki Melute | 

                                                                  খিৰিকী মেলোতেই


খিৰিকী মেলোতেই চকুৰ পচাৰত

দেখিলোতোমাকে বেলিৰ পোহৰত

বিজুলী বিজুলী চকুৰ আঘাতত

বলিয়া হ’লো মই প্ৰেমৰ জোৱাৰত

জীয়াই জীয়াই মাৰিলা

হায় হায় হায় মাৰি দিলা

হায় হায় হয় কিনো লীলা

হায় হায় হায় কি কৰিলা

হায় হায় হায় খুলি খালা ।

পদূলি মূৰতে আবেলি আবেলি

কাৰ বাবে নো বাটে চোৱা

চোতাল সাৰোতে চকুৰ পাকতে

কিহৰে ইছাৰা দিয়া কোৱা

ভাবি ভাবি মোৰ পকিলে যে চুলি

সোনকালে মোক কোৱা খুলি

বুজি চোৱা মোক নকৰা ধেমালি

নহ'লে মৰিলো এইবেলি ।

হায় হায় হায় মাৰি দিলাৃ

হায় হায় হায় কিনো লীলা

হায় হায় হায় কি কৰিলা

হায় হায় হায় খুলি খালা

নদীৰ পাৰৰে পানচৈ ঘাটতে

একেলগে বহি সাধু শুনা

মাঘৰে মেজিতে হাত সেকি সেকি

কত ৰাতি গল ভাবি চোৱাৃ

নাহে জানো উৰি একোকে মনলে

কিয়নো পাহৰিলা তুমি কোৱা

দিহিঙে দিপাঙে তোমাকে বিচাৰি

মনে বিনাই আছে চোৱা

হায় হায় হায় মাৰি দিলা ...।