মেঘৰ বৰণ ৰদৰ বৰণ । জুবিনৰ অসমীয়া গান মেঘৰ বৰন ৰদৰ বৰন । মেঘৰ বৰন ৰদৰ বৰন জুবিনৰ গান । Zubeen garg Assamese Song Meghor Boron Rodor Boron|  


মেঘৰ বৰণ ৰ’দৰ বৰণ



মেঘৰ বৰন ৰদৰ বৰণ 

জোনৰ বৰণ তুমি কোন দূৰ

গানৰ মাজত কথাৰ মাজত

প্ৰাণৰ কাষত তুমি কোন সুৰ ।

সপোন সপোন নিবিড় নিবিড়

তোমাৰ মৰমৰ সুৰ ।।

মেঘৰ বৰণ....


এতিয়া যেন তুমি মোৰ মোৰ

তথাপিতো তুমি দূৰ দূৰ

এন্ধাৰ গান বহু গালোঁ

বাট চাওঁতেই শিল হ’লোঁ ।

সপোন আহে যায় দুখ নিগৰা মন

নিথৰ নিথৰ প্ৰতিক্ষণ ।

মেঘৰ....


মোৰ এই গান মোৰ উন্মোখ

মোৰ এই সুৰ তোমাতেই শেষ

তুমি হাঁহি তুমি অশ্ৰু

মোৰ সৃষ্টি মোৰ মৃত্যু

আঁতৰোৱা তুমি এই অৱগুন্ঠন

কাতৰ আশাৰ গুঞ্জন ।

মেঘৰ....।