নহলে পৰিচয় হিয়াৰে । জুবিনৰ অসমীয়া গান নহলে পৰিচয় হিয়াৰে । Zubeen garg Assamese Song Nohole porisoi hiyare
নহলে পৰিচয় হিয়াৰে
চিনাকি জানো কোনো হ’ব পাৰে
নহ’লে পৰিচয় ...............
ল’ৰালিৰ ঘাটে ঘাটে
উমলি থাকোতেই
অচিনা পানচৈ
লাগিলেহি ঘাটতে মোৰ
অজানিতে-
দুলনি দিলে নুবুজাকে
মনতে মোৰ গুপুতে
যৌৱনে ক’লে আজি
সেয়া হিয়া দিয়া নিয়া
প্ৰথম প্ৰেমকে পাহৰিব পাৰিলে
প্ৰেমৰ স্মৃতিকে মোহাৰিব পাৰিলে
তথাপিতো বাৰে বাৰে
ছিগি যাব কিয় খোজে সুৰ
অকাৰণে অজানিতে
ল’ৰালিৰ ওমলোতে
ভাল লগা সুৰ
মনে মনে
যৌৱনে ক’লে আজি এয়াই
হিয়া দিয়া নিয়া.............
ল’ৰালি সুৰকে বিচাৰি আহিলো
অচিনা ঘাটকে বিচাৰিযে নাপালো
সময়েনো কিয় বাৰু
খেলিলেহি লুকা-ভাকু
হায়,বাৰে বাৰে
অজানিতে
উভতিনো উকা হাতে
লৈ মাথোঁ মোৰ
সোঁৱৰণী
যৌৱনে ক’লে আজি এয়াই
হিয়া দিয়া নিয়া .............