অচিনা দেশত... । অচিনা দেশত জুবিনৰ  অসমীয়া গান । জুবিন গাৰ্গৰ অসমীয়া  গান  অচিনা দেশত। Zubeen garg Assamese Song Osina Deshot | 

অচিনা দেশত......

 

অচিনা দেশত আছিলা তুমি

দূৰণিত আছিলে কোনোবা যে ৰৈ

আকাশী ৰথেৰে আহি নামিলা তুমি

প্ৰেমৰ কৰবী আচলতে ৰৈ

অচিনা দেশত......

মন আকাশৰ জোনক জোনাক তুমি

সাৰদ শুৱনি জোনাকী

তুমি চিনাকি এগছি চাকি

যেন পোহৰৰে পখী

আকাশী ৰথে আহি নামিলা তুমি

দূৰণিত আছিলে কোনোবা যে ৰৈ

অচিনা দেশত.....

নীলিম সপোন তুমি সাগৰ তীৰত

জিলমিল জোনাকী মন

প্ৰেমৰ গুঁঠিলা আহি মিলন মালাধাৰি

জীৱনৰে কৰি ৰণ

আকাশী ৰথেৰে আহি নামিলা তুমি

প্ৰেমৰ বোৱতী এটি সুঁতি হৈ

অচিনা দেশত আছিলা তুমি

দূৰণিত আছিলে কোনোবা যে ৰৈ

অচিনা দেশত......।।