পাখি পাখি এই মন ... ।পাখি পাখি এই মন... জুবিনৰ অসমীয়া গান। জুবিনৰ অসমীয়া  গান পাখি পাখি এই মন .... । Zubeen Garg Assamese song pakhi pakhi ae manna | 


পাখি পাখি এই মন ...... 





পাখি পাখি এই মন 

পাখি লগা মোৰ মন 

পাখি মেলি যা উৰি 

উৰি পাখি মেলি যা উৰি 


জাকি মাৰি  গৈ নাম 

এৰি অহা পদূলিত 

বুটলি আন লৰালি ।

উৰি পাখি মেলি যা উৰি 


দেউতাৰ হাহিঁৰে আইৰ সতে উমলি 

ৰ'দে বৰষুনে ধেমালি 

আজলি সেই আবেলি 

উৰি পাখি মেলি যা উৰি 


দোকমোকালিৰ মোৰ পঢ়াশালি 

ইংৰাজী অংক তপিনাত এছাৰি 

খিৰিকিৰ ফাঁকেৰে মুকুতিৰ আবেলি 

ঘৰলৈ উভতি খেলা মৰা-মৰি ।

দেউতাৰ ৰঙা চকু একে কোবে মাৰ বুকু 

পঢ়া টেবুলত ভাগৰৰ টোপনি 

আইৰ নিচুকনি 

মৰমৰ বুলনি ।

পাখি পাখি এই ...........


জোনমণি ৰনজুন তেতিয়া চকুত জোন 

নিভাঁজ আবেগত টোপাটোপে সৰা সোণ 

সাঁতুৰি-নাদুৰি এটি এটি ৰাতি দিন 

খেলা-লুকা-চুৰি নিজকে বিচাৰো কোন 

ৰঙা নীলা চিলা 

উৰি উৰি মনে খেলা 

এতিয়া কবিতা গানৰে শলিতা 

অকলে বুকুতে চকুলো বুটলি।

পাখি পাখি এই............