শব্দ। জুবিনৰ অসমীয়া গান শব্দ । জুবিন গাৰ্গৰ অসমীয়া গান শব্দ ।  Zubeen Garg Assamese Song Sabda 

শব্দ 





এইটোৱেই আৰম্ভণি, প্ৰথম আমি শিকিছিলোঁ

বুজি পাইছিলোঁ নিজক নিজৰ অস্তিত্বক, ই প্ৰথম

শব্দ, কথা ক’লোঁ শৈশৱ শিকিলোঁ,

দিখিলোঁ, জানিলোঁ, আমি শব্দৰ আশ্ৰিত

শব্দৰে পৰিচালিত শব্দতে সমাহিত

হঠাৎ শব্দ ভুল হ’ল এতিয়া আমি কওঁ নিজেই

নাজানো কিমান কওঁ কিমান ৰাখিব পাৰোঁ

আমি নিৰ্লজ......


শব্দ যদি প্ৰেৰণা হয় শব্দ যদি শকতি হয়

শব্দ আজি কিয় শংকিত শব্দ যদি ব্ৰহ্মবৃক্ষ

শব্দ যদি চিৰশুদ্ধ শব্দ আজি কিয় সংকুচিত

শব্দ আজি বাকৰুদ্ধ শব্দ আজি কাৰাৰুদ্ধ

শব্দ আজি নিজেই নিজত আৱদ্ধ ।


ইউকেলিপটাচ গছৰ দৰে ওখ হ’ব খোজোঁ মই

চিৰদিন চিৰন্তন, আকাশ চুব খোজোঁ মই

কিন্তু কিছুমান ভয়ানক শব্দই মোৰ

অস্তিত্বক বিলীন কৰি মোক শেষ কৰি

জন্ম দিব খোজে কিছুমানক, যাৰ কোনো

জন্ম লোৱাৰ অধিকাৰ নাই তথাপি যুঁজাৰু

মই জন্মগত আমৰণ মোৰ সংকল্প

অস্তিত্ব অপৰাজয়  

শব্দ মানে আজি যুদ্ধ

শব্দ আজি মাথোঁ ক্ষুব্ধ   শব্দই আজি নানে কোনে আদৰ্শ

কিয় কিয় কিয় 

শব্দ আহে যাতনা হৈ

শব্দ যদি মৰণৰ নৈ শব্দ আজি মৃত অপশিল্প

শব্দ এটি ঘিণ লগা শব্দ শব্দ জোন পোহলিত

শব্দ মোৰ সৃষ্টিৰ বিলুপ্তিতি

মুগ্ধ 

শব্দ যদি প্ৰেৰণা হয় 

শব্দ আজি কিয় শংকিত 

শব্দ যদি বৰ্ণবৃক্ষ

শব্দ যদি চিৰশুদ্ধ

শব্দ আজি কিয় সংকুচিত

শব্দ আজি কাৰাৰুদ্ধ

শব্দ আজি নিজেই নিজত আৱদ্ধ