অধ্যায় ৩

বেন্টিংকৰ শিক্ষা নীতি আৰু আডামৰ প্ৰতিবেদন 
(Bentinck's Education Policy and Adam's Report)

প্ৰশ্নাৱলী (Exercise)

১। ভাৰতবৰ্ষৰ শিক্ষাৰ বিকাশৰ ধাৰাত বেন্টিংকৰ শিক্ষাৰ নীতিৰ ফলশ্ৰতি কেনেধৰণৰ সমালোচনাত্মক পৰীক্ষা কৰা । (Examine critically the educational policy of lornd Bentinck and its effects on the trend of development of education in India.)
Answer:  ভাৰতবৰ্ষৰগৱৰ্ণৰ জেনেৰেল লৰ্ড উইলিয়াম বেন্টিংক আছিল এগৰাকী প্ৰগতিবাদী সংস্কাৰক। ভাৰতবৰ্ষৰ ক্ষেত্ৰত তেওঁ কিছুমান স্থায়ী আৰু মৌলিক পৰিৱৰ্তন সাধন কৰিব বিচাৰিছিল । শিক্ষাৰ ক্ষেত্ৰত লৰ্ড বেন্টিংকৰ এটা উল্লেখযোগ্য  সংস্কাৰ  হৈছে শিক্ষাৰ মাধ্যম হিচাপে ইংৰাজী ভাষাক গ্ৰহণ কৰা, যিটোক তেওঁ আৰম্ভণিৰে পৰা সমৰ্থন কৰিছিল । গতিকে প্ৰাশ্চাত্য শিক্ষাক সমৰ্থন কৰি লৰ্ড মেকলেই যেতিয়া তেওঁৰ প্ৰতিবেদন দাখিল কৰিলে যেতিয়া সেই প্ৰতিবেদনৰ ওপৰতে ভিত্তি কৰি তেওঁ শিক্ষানীতি  প্ৰকাশ কৰে, বেন্টিংকৰ শিক্ষানীতিৰ মূল প্ৰস্তাৱকেইটা হল 
ক) বৃটিছ চৰকাৰৰ মূল উদ্দেশ্য হব ভাৰতবৰ্ষত পশ্চিমীয়া সাহিত্য আৰু বিজ্ঞান শিক্ষাৰ উন্নতি সাধন কৰা । গতিকে শিক্ষাপুজিৰ সকলো ধন ইংৰাজী শিক্ষাৰ অৰ্থে খৰচ কৰা হব । 
খ) যেতিয়ালৈকে জনসাধাৰণ প্ৰাচ্য শিক্ষাৰ অনুষ্ঠানবোৰৰ দ্বাৰাইউপকৃত হৈ থাকে তেতিয়ালৈকে এই অনুষ্ঠানবোৰ বন্ধ কৰি দিয়াৰ অভিপ্ৰায় চৰকাৰৰ নাই । ইয়াৰ শিক্ষক আৰু ছাত্ৰসকলেও পূৰ্বৰ দৰে বৃত্তি লাভ কৰি থাকিব ।
গ) প্ৰাচ্যভাষাৰ কিতাপ-পত্ৰ ছপোৱাত অধিক পৰিমাণৰ ধন ব্যয় ধন হৈছে বুলি চৰকাৰ অৱগত হৈছে । গতিকে এতিয়াৰে পৰা উত্ত কামৰ বাবে কোনো ধন ব্যয় কৰা নহব ।
ঘ) এনে ব্যয় ব্যৱস্থাৰ ফলতযি ধন ৰাহি  হব আৰু ভাৰতীয়সকলৰ মাজত ইংৰাজী ভাষাৰ মাধ্যমৰ জৰিয়তে ইউৰোপীয় সাহিত্য আৰু বিজ্ঞান শিক্ষাৰ প্ৰসাৰৰ বাবে খৰচকৰা হব ।
লৰ্ড উইলিয়াম বেন্টিংকৰ .এই ঘোষণাই ভাৰতীয় শিক্ষানীতিৰ এটা নিৰ্দিষ্ট আৰ্হি দিলে । বেন্টিকৰ ঘোষণাই ভাৰতত শিক্ষাৰ লক্ষ্য,পদ্ধতি আৰু মাধ্যম নিৰ্দিষ্ট কৰিলে । সন্দেহ নাই বেন্টিকৰ শিক্ষানীতিয়ে ভাৰতৰ শিক্ষাৰ ইতিবাচক এটা সন্ধিক্ষণৰ সূচনা কৰিলে কাৰণ শিক্ষানীতিয়ে প্ৰাচ্যপন্থী আৰু পাশ্চাত্যপন্থীসকলৰ বিবাদে সৃষ্টি কৰা অচলা অৱস্থা দূৰ কৰি কাৰ্যকৰী ব্যৱস্থা লোৱাত সহায় কৰে । বেন্টিংকৰ শিক্ষানীতিৰ ফলত দেশত ইংৰাজী শিক্ষাৰ দ্ৰুত উন্নতি সাধন হল । নগৰসমূহত জিলা স্কুলবোৰ গঢ় লৈ উঠিছিল । বেন্টিংকে যদিও ইংৰাজী ভাষাকেই শিক্ষাৰ মাধ্যম হিচাপে গ্ৰহণ কৰিছিল আৰু প্ৰাচ্যভাষাৰ কিতাপ প্ৰকাশ বন্ধ কৰি দিছিল, তথাপি প্ৰাচ্যশিক্ষাৰ অনুষ্ঠানসমূহো আগৰ দৰে চলাই ৰাখিছিল আৰু অনুষ্ঠানবোৰে অনুদানো পাই আছিল ।  কিন্তু এই অনুষ্ঠানবোৰলৈ নতুনকৈ কোনো ধন নিদিয়াৰ বাবে প্ৰাচ্যভাষাসমূহ ক্ষতিগ্ৰস্ত হৈছিল । তদুপৰি ইংৰাজী শিক্ষাই চৰকাৰী চাকৰি পোৱাত সহায় কৰা ৰাখে আৰু ইংৰাজী জনা লোকসকলে সমাজত বিশেষ স্থাল লাভ কৰা বাবে ইংৰাজী শিক্ষাৰ প্ৰতি মানুহৰ ধাউতি বাঢ়িছিল । ফলস্বৰূপে উচ্চশিক্ষাই উন্নতি লাভ কৰিছিল । কিন্তু মাধ্যমিক শিক্ষা সম্পূৰ্ণৰূপে অৱহেলিত হৈ আছিল । আৰু গৰিষ্ঠসংখ্যক কিছুমান বিশেষ শ্ৰেণীৰ লোকেহে উচ্চ শিক্ষা লবলৈ সক্ষম হৈছিল । বাকীসকলে নিৰক্ষতাৰ অন্ধকাৰত  ডুব গৈ থাকিবলগীয়া হৈছিল । 
অৱশ্যে বেন্টিকে জনসাধাৰণৰ শিক্ষাৰ প্ৰতি উদাসীন নাছিল । প্ৰাথমিক শিক্ষাৰ বিষয়টো তেওঁ পৃথককৈ চালিজাৰি চাব খুজিছিল । মেকলেৰ ক্ৰমনিম্ন পৰিশ্ৰাৱণ নীতিৰ পৰিৱৰ্তে তেওঁ সৰ্বসাধাৰণ ৰাইজৰ মাজত শিক্ষাৰ প্ৰসাৰ সাধন কৰিব বিচাৰিছিল । এই উদ্দেশ্য তেওঁ এগৰাকী অতি আগ্ৰহী মিছনেৰী উইলিয়াম আডামক বংগদেশৰ দেশীয় শিক্ষানুষ্ঠানসমূহৰ জৰীপ কৰাৰ দায়িত্ব অৰ্পণ কৰে । আডামে ১৮৩৫ চনৰ পৰা ১৮৩৮ চনলৈকে সম্পূৰ্ণ জৰীপ কাৰ্য চলায় আৰু তিনিখন প্ৰতিবেদন প্ৰস্তুত কৰে । লগতে আডামে এই শিক্ষানুষ্ঠানসমূহৰ উন্নতিৰ বাবেও কিছুমান পৰামৰ্শ আগবঢ়ায় । 


২। ভাৰতবৰ্ষৰ শিক্ষাৰ ক্ষেত্ৰত উদ্ভৱ হোৱা প্ৰাচ্য-পশ্চাত্যপন্থীৰ মাজৰ বাদামুবাদৰ লৰ্ড উইলিয়াম বেন্টংকে অন্ত পেলাইছিল। বেন্টিংকৰ প্ৰস্তাৱনাৰ মূল ধাৰাবোৰ লিখা । (Lord Bentinck braught an end to the conflict between the orientalist and Anglicist in the field of Indian Education. State major clauses of Bentinck's resolution.)
Answer:  

৩। ভাৰতৰ শিক্ষাৰ ওপৰত প্ৰস্তুত কৰা আডামৰ প্ৰতিবেদনৰ বিষয়ে চমু বৰ্ণনা দিয়া । (State briefly on Adam's Report on Indian Education.)
Answer:    ক)  আদামৰ প্ৰথম প্ৰতিবেদন ঃ আডামৰ প্ৰতিবেদনত সেই সময়ত প্ৰচলিত দেশীয় শিক্ষানুষ্ঠানসমূহৰ বিষয়ে উল্লেখ কৰা হৈছে । দেশীয় প্ৰাথমিক বিদ্যালয় সম্পৰ্কত আডামে এইবুলি কৈছে যে এইবোৰ হৈছে দেশীয় লোকৰ দ্বাৰা পৰিচালিত কিছুমান অনুষ্ঠান । ধৰ্মীয় পৃষ্ঠপোষকতাত গঢ়ি উঠা অনুষ্ঠানবোৰতকৈ এই দেশীয় শিক্ষানুষ্ঠানবোৰ পৃথক । প্ৰতিবেদনৰ মতে সেই সময়ত বংগদেশত আৰু বিহাৰত ১ লাখ এনেধৰণৰ শিক্ষানুষ্ঠান আছিল । এই দুখন প্ৰদেশৰ জনসংখ্যা আছিল ৪০,০০০,০০০ জন । গতিকে ধৰি লব পাৰি প্ৰতি ৪০০ জন লোকৰ অন্তৰে অন্তৰে একোখন শিক্ষানুষ্ঠান আছিল । কিছুমানে আডামৰ প্ৰতিবেদনৰ এই তথ্যক কাল্পনিক বুলি কব খোজে কিন্তু আদামৰ প্ৰতিবেদনত বিদ্যালয় শব্দটো কেৱল আধুনিক অৰ্থতে ব্যৱহাৰ কৰা হোৱা নাই । আডামৰ মতে বিদ্যালয় হৈছে  কোনো পিয়ালত শিক্ষক নিযুক্তি কৰি পৰিয়ালৰ বা বাহিৰৰো দুই এটা লৰা-ছোৱালীক যদি শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হৈছে তেন্তে তাকো বিদ্যালয় বুলি অভিহিত কৰা হৈছে । বা কোনো পিতৃয়ে যদি নিজে নিজৰ লৰা-ছোৱালীক শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছে তাকো বিদ্যালয় হিচাপে ধৰা হৈছে । আডামৰ প্ৰতিবেদন এনেধৰণৰ তথ্যৰ ওপৰত প্ৰতিষ্ঠিত । গতিকে ইয়াৰ পৰা অনুমান কৰিব পাৰি যে বংগদেশৰ প্ৰতিখন গাৱতে একোখনকৈ বিদ্যালয় আছিল । ডাঙৰ গাওঁ একোখনত একাধিক বিদ্যালয় আছিল । 
খ) আডামৰ দ্বিতীয় প্ৰতিবেদনঃ এই প্ৰতিবেদনত ৰাজসাহী জিলাৰ অন্তৰ্গত নট্টোৰ অঞ্চলত আডামে কৰা অধ্যয়নৰ ব্যাপক বিৱৰণ দাঙি ধৰা হৈছে । নট্টোৰ আছিল ৰাজসাহী জিলাৰ কেন্দ্ৰীয় ঠাই আৰু আডামে বাকীবোৰ অঞ্চলৰ বাবে ইয়াক আদৰ্শমান হিচাপে গ্ৰহণ কৰিছিল । ইয়াৰ মুঠ জনসংখ্যা আছিল ১৯৫,২৯৬ জন । ইয়াৰ ভিতৰত ১২৯,৬৪০ জন মুছলমান আৰু ৬৫,৬৫৬ জন হিন্দু । গাওঁৰ সংখ্যা ৪৮৫ খন । আডামৰ তথ্য মতে ইয়াৰ ২৭ খন প্ৰাথমিক বিদ্যালয়ত ২৬২ জন ছাত্ৰ আছিল । তাৰে ভিতৰত বাঙালী বিদ্যালয় আছিল ১০খন আৰু ইয়াৰ ছাত্ৰ সংখ্যা আছিল ১৬৭ জন । ২৩ জন শিক্ষাৰ্থীৰে ৪ খন পাৰ্চীভাষাৰ বিদ্যালয়, ৪২ জন ছাত্ৰ সংখ্যাৰে ১১ খন আৰৱী বিদ্যালয় আছিল । ইয়াৰোপৰি ১২৮ খন গাওঁত ১,৫৮৮ টা পৰিয়ালে ২,৩৪২ টা লৰা-ছোৱালীক নিজস্বভাৱে  শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছিল । 

গ) আডামৰ তৃতীয় প্ৰতিবেদন ঃ এই প্ৰতিবেদনখনেই হৈছে আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ । ইয়াক দুটা ভাগত ভগোৱা হৈছে । প্ৰথম ভাগত আডামে মুৰ্ছিবাদ, বৰ্ধমান, দক্ষিণ বিহাৰ, আৰু তিৰহুট জিলাৰ শৈক্ষিক তথ্য উত্থাপন কৰিছে । দ্বিতীয় ভাগত, দেশীয় বিদ্যালয়, সমূহৰ সংস্কাৰ সাধনত প্ৰস্তাৱ আগবঢ়াইছে । 
প্ৰতিবেদনৰ তথ্য অনুযায়ী শিক্ষানুষ্ঠানৰ মুঠ সংখ্যা আছিল ২,৫৬৭ জন আৰু ইয়াৰ মুঠ ছাত্ৰৰ সংখ্যা আছিল ৩০,৯১৫ গৰাকী । ৩৫০ খন সংস্কৃত স্কুলত ২,৫৫৫ জন শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰিছিল । পাৰ্চী আৰু আৰৱী ভাষাৰ শিক্ষানুষ্ঠান আছিল ৩,৬৫৪ জন । ৮ খন ইংৰাজী স্কুলত ২৪২ জন শিক্ষাৰ্থী আছিল । ছোৱালীৰ স্কুল আছিল ৬ খন আৰু ইয়াৰ ছাত্ৰীৰ সংখ্যা আছিল ২৪১ গৰাকী । 
আডামৰ প্ৰতিবেদনমতে সেইসময়ত চাৰি প্ৰকাৰৰ দেশীয় স্কুল আছিল ক) পাঠশালা, খ) মাদ্ৰাছা, গ) পাৰ্চিয়ান স্কুল, আৰু ঘ) আধুনিক ভাৰতীয় ভাষাৰ স্কুল । হিন্দুৰ পাঠশালা আৰু মুছলমানবিলাকৰ মাদ্ৰাছাত উচ্চস্তৰৰ শিক্ষা দিয়া হৈছিল । শিক্ষাৰ বিষয়বস্তু ধৰ্ম সম্পৰ্কীয় আছিল ।  এই অনুষ্ঠানৰ দুটা উদ্দেশ্য আছিল কেৱল পণ্ডিত আৰু মৌলৱী সৃষ্টি কৰা যদিও এই অনুষ্ঠানবোৰ জনসাধাৰণৰ অতি আদৰৰ আছিল তথাপি ইয়াৰ ৰক্ষণশীল নীতি অপ্ৰচলিত আদৰ্শ । শিক্ষাদান পদ্ধতি আদিৰ বাবে ই প্ৰকৃততে শৈক্ষিক পদ্ধতিৰ দূৰ্বল আৰু গুৰুত্বহীন অংশহে আছিল । এই দুয়োটা অনুষ্ঠানেই শাসক, চৰ্দাৰ আৰু ধনীলোক আৰু ধাৰ্মিক লোকসকলৰ পৰা আৰ্থিক সাহাৰ্য্য লাভ কৰিছিল । শিক্ষকসকল খ্যাতনামা লোক আছিল কিন্তু তেোঁলোকৰ বেছিভাগ নামমাত্ৰ দৰমহাহে লাভ কৰিছিল । ছাত্ৰসকলে বিনামূলীয়া শিক্ষালাভ কৰিছিল । শিক্ষাদানৰ মাধ্যম আছিল সংস্কৃত আৰু আৰৱী বা পাৰ্চী । পৰম্পৰাগত পদ্ধতিত শিক্ষা প্ৰদান কৰা হৈছিল । কোনো কোনো ক্ষেত্ৰত বিনামূলীয়া শিক্ষা দিয়াৰ লগতে শিক্ষকে ছাত্ৰৰ খোৱা-লোৱাৰো দায়িত্ব বহন কৰিছিল । 


৪। চমুকৈ লিখা (Write briefly on):

ক) বেন্টিংকৰ শিক্ষা নীতি (Bentincks Education policy)
Answer:  ভাৰতবৰ্ষৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড উইলিয়াম বেন্টিংক আছিল এগৰাকী প্ৰগতিবাদী ধৰ্ম সংস্কাৰক । ভাৰতবৰ্ষৰ ক্ষেত্ৰত তেওঁ কিছুমান স্থায়ী আৰু মৌলিক পৰিৱৰ্তণ সাধন কৰিব বিচাৰিছিল । শিক্ষাৰ ক্ষেত্ৰত লৰ্ড উইলিয়াম বেন্টিংকৰ এটা উল্লেখযোগ্য সংস্কাৰ হৈছে শিক্ষাৰ মাধ্যম হিচাপে ইংৰাজী ভাষাক গ্ৰহণ কৰা, যিটোক তেওঁ আৰম্ভণিৰে পৰা সমৰ্থন কৰিছিল । গতিকে পাশ্চাত্য শিক্ষাক সমৰ্থন কৰি লৰ্ড মেকলেই যেতিয়া তেওঁৰ প্ৰতিবেদন দাখিল কৰিলে তেতিয়া সেই প্ৰতিবেদনৰ ওপৰতে ভিত্তি কৰি তেওঁ শিক্ষানীতি প্ৰকাশ কৰে । 
বেন্টিংকৰ শিক্ষানীতিৰ মূল প্ৰস্তাৱ কেইটা হল 
১। বৃটিছ চৰকাৰৰ মূল উদ্দেশ্য হব ভাৰতবৰ্ষত পশ্চিমীয়া সাহিত্য আৰু বিজ্ঞান শিক্ষাৰ উন্নতি সাধন কৰা । গতিকে শিক্ষা পুজিৰ সকলো ধন ইংৰাজী শিক্ষাৰ অৰ্থে খৰচ কৰা হব ।

২। যেতিয়ালৈকে জনসাধাৰণ প্ৰাচ্য শিক্ষাৰ অনুষ্ঠানবোৰৰ দ্বাৰাই উপকৃত হৈ থাকে তেতিয়ালৈকে এই অনুষ্ঠানবোৰ বন্ধ কৰি দিয়াৰ অভিপ্ৰায় চৰকাৰৰ নাই । ইয়াৰ শিক্ষক আৰু ছাত্ৰসকলেও পূৰ্বৰ দৰেই বৃত্তি লাভ কৰি থাকিব ।

গ) প্ৰাচ্যভাষাৰ কিতাপ-পত্ৰ ছপোৱাত অধিক পৰিমাণৰ ধন ব্যয় হৈছে বুলি চৰকাৰ অৱগত হৈছে । গতিকে এতিয়াৰ ে পৰা উক্ত কামৰ বাবে কোনো ধন ব্যয় কৰা নহব ।

ঘ) এনে ব্যয় ব্যৱস্থাৰ ফলত যি ধন ৰাহি হব তাক ভাৰতীয় সকলৰ মাজত ইংৰাজী মাধ্যমৰ জৰিয়তে ইউৰোপীয় সাহিত্য আৰু বিজ্ঞান শিক্ষাৰ প্ৰসাৰৰ বাবে খৰচ কৰা হব ।
লৰ্ড উইলিয়াম বেন্টিংকৰ এই ঘোষণাই ভাৰতীয় শিক্ষানীতিৰ এটা নিৰ্দিষ্ট আৰ্হি দিলে । বেন্টিংকৰ ঘোষণাই ভাৰতবৰ্ষত শিক্ষাৰ লক্ষ্য, পদ্ধতি আৰু মাধ্যম নিৰ্দিষ্ট কৰিলে । সন্দেহ নাই বেন্টিংকৰ শিক্ষানীতিয়ে ভাৰতৰ শিক্ষাৰ ইতিহাসত এটা সন্ধিক্ষণৰ সূচনা কৰিলে । কাৰণ শিক্ষানীতিয়ে প্ৰাচ্যপন্থী আৰু পাশ্চাত্যপন্থীসকলৰ বিবাদে সৃষ্টি কৰা অচলাৱস্থা দূৰ কৰি কাৰ্যকৰী ব্যৱস্থা লোৱাত সহায় কৰে । 

খ) আডামৰ প্ৰতিবেদন (Adams Report)
Answer:  আদামৰ প্ৰতিবেদনত সেই সময়ত প্ৰচলিত দেশীয় শিক্ষানুষ্ঠানসমূহৰ বিষয়ে উল্লেখ কৰা হৈছে । দেশীয় প্ৰাথমিক বিদ্যালয় সম্পৰ্কত আডামে এইবুলি কৈছে যে এইবোৰ হৈছে দেশীয় লোকৰ দ্বাৰা পৰিচালিত কিছুমান অনুষ্ঠান । ধৰ্মীয় পৃষ্ঠপোষকতা গঢ়ি উঠা অনুষ্ঠানবোৰতকৈ এই দেশীয় শিক্ষানুষ্ঠানবোৰ পৃথক । প্ৰতিবেদনৰ মতে সেই সময়ত বংগদেশত আৰু বিহাৰত ১ লাখ এনে ধৰণৰ শিক্ষানুষ্ঠান আছিল । এই দুখন প্ৰদেশৰ জনসংখ্যা আছিল ৪০,০০০,০০০ জন । গতিকে ধৰি লব পাৰি যে প্ৰতি ৪০০ জন লোকৰ অন্তৰে অন্তৰে একোখন শিক্ষানুষ্ঠান আছিল । কিছুমানে আদামৰ প্ৰতিবেদনত মহাবিদ্যালয় বা বিদ্যালয় শব্দটো কেৱল আধুনিক অৰ্থতে ব্যৱহাৰ কৰা হোৱা নাই । আদামৰ মতে কোনো পৰিয়ালত শিক্ষক নিযুক্তি কৰি পৰিয়ালৰ বা বাহিৰৰো দুই এটা লৰা-ছোৱালীক যদি শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হৈছে তেন্তে তাকো বিদ্যালয় বুলি অভিহিত কৰা হৈছে বা কোনো পিতৃয়ে যদি নিজে লৰা-ছোৱালীক শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছে তাকো বিদ্যালয় হিচাপে ধৰা হৈছে । আডামৰ প্ৰতিবেদন এনেধৰণৰ তথ্যৰ ওপৰত প্ৰতিষ্ঠিত । গতিকে ইয়াৰ পৰা অনুমান কৰিব পাৰি যে বংগদেশৰ প্ৰতিখন গাঁৱতে একোখনকৈ বিদ্যালয় আছিল ডাঙৰ গাওঁ একোখনত একাধিক বিদ্যালয় আছিল । 
লৰ্ড উইলিয়াম বেন্টিংক জনসাধাৰণৰ শিক্ষাৰ প্ৰতি উদাসীন নাছিল । প্ৰাথমিক শিক্ষাৰ বিষয়টো তেওঁ পৃথককৈ চালিজাৰি চাব খুজিছিল । মেকলেৰ ক্ৰমনিম্ন পৰিশ্ৰাৱণ নীতিৰ পৰিৱৰ্তে তেওঁ সৰ্বসাধাৰণ ৰাইজৰ মাজত শিক্ষাৰ প্ৰসাৰ সাধন কৰিব বিচাৰিছিল ।  এই উদ্দেশ্য তেওঁ এগৰাকী অতি আগ্ৰহী মিছনেৰী উইলিয়াম আডামক বংগদেশৰ দেশীয় শিক্ষানুষ্ঠানসমূহৰ জৰীপ কৰাৰ দায়িত্ব অৰ্পণ কৰে । আডামে ১৯৩৫ চনৰ পৰা ১৮৩৯ চনলৈকে সম্পূৰ্ণ জৰীপ কাৰ্য চলায় আৰু তিনিখন প্ৰতিবেদন প্ৰস্তুত কৰে । লগতে আদামে এই শিক্ষানুষ্ঠানসমূহৰ উন্নতিৰ বাবেও কিছুমান পৰামৰ্শ আগবঢ়ায় ।   

Hirak Jyoti Bora
Author_ Ali rani Kakati ( Ba In History Major)