চমু পৰিচয়ঃ- অতুল চন্দ্ৰ হাজৰিকা এগৰাকী কবি, নাট্যকাৰ, গদ্যলেখক আৰু শিশু- সাহিত্যিক। ১৯৫৩ চনৰ পৰা ১৯৫৬ চনলৈ তেখেত একাদিক্ৰমে তিনিবাৰ অসম সাহিত্য সভাৰ সাধাৰণ সম্পাদক পদত নিৰ্বাচিত হৈছিল। ১৯৫৯ চনৰ অসম সাহিত্য সভাৰ নগাঁও অধিৱেশনত তেখেতে সভাপতিত্ব কৰিছিল। অসম সাহিত্য সভাই ১৯৮২ চনত তেখেতক সাহিত্যাচাৰ্য উপাধিৰে বিভূষিত কৰে।    

    অতুল চন্দ্ৰ হাজৰিকা ১৯০৩ চনৰ ৯ ছেপ্টেম্বৰত তাৰিখে গুৱাহাটীত জন্ম হয়। আৰু মৃত্যু হয় ১৯৮৬ চনৰ ৭ জুন তাৰিখে। তেখেতৰ পিতৃ নাম আছিল ৰমাকান্ত হাজৰিকা আৰু মাতৃ নাম আছিল নিৰুপমা হাজৰিকা। অতুলচন্দ্ৰ হাজৰিকা লতাশিল প্ৰাথমিক বিদ্যালয়ত বাল্য শিক্ষা আৰু মানিক চন্দ্ৰ বৰুৱা মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষা সমাপ্ত কৰি কটন কলেজিয়েট বিদ্যালয়ত মাধ্যমিক শিক্ষা লাভ কৰে। ১৯২৩ চনত প্ৰবেশিক্ষা পৰীক্ষাত তিনিটা লেটাৰ নম্বৰ সহ উৰ্ত্তীণ হয়। অতুল চন্দ্ৰদেৱে অসমত এক নাট্য আন্দোলনৰ সূচনা কৰি অসমৰ ৰঙ্গমঞ্চসমূহত প্ৰভাৱ পেলাইছিল আৰু তাৰেই ফলত বঙালী নাটকে অসমৰৰঙ্গমঞ্চ ত্যাগ কৰিবলৈ বাধ্য হৈছিল। অতুল চন্দ্ৰ হাজৰিকা সৰ্বমুঠ ১২৪ খন গ্ৰন্থৰ ৰচনা কৰি অসমীয়া সাহিত্যক সমৃদ্ধিশালী কৰি থৈ গৈছে। অতুল চন্দ্ৰ হাজৰিকা অসমীয়া নাট্য ইতিসাহসমূলক গ্ৰন্থ 'মঞ্চলেখা' ১৯৬৭ চনত প্ৰকাশ হয় আৰু এই গ্ৰন্থৰ বাবেই তেখেতে সাহিত্য অকাডেমি বঁটা লাভ কৰে। ১৯৭১ চনত তেখেতক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে। 


অতুল চন্দ্ৰ হাজৰিকা বিষয়ে চমু প্ৰশ্ন আৰু উত্তৰ 


Sumit Patar (Morigaon Assam)