গ্ৰাহক বিবাদ নিষ্পত্তিকৰণ ফ'ৰাম                                              গ্ৰাহকৰ বিবাদ নিষ্পত্তিকৰণ বাবে ' গ্ৰাহক বিবাদ নিষ্পত্তিকৰণ ফ'ৰাম' গঠন কৰা চৰকাৰৰ এক উল্লেখযোগ্য় পদক্ষেপ। ইয়াৰ গ্ৰাহক আদালত বুলিও কোৱা হয়। ইয়াত সকলো শ্ৰেণীৰ গ্ৰাহকে উপযুক্ত তথ্য় প্ৰমাণ দাখিল কৰি অভিযোগৰ সুফল লাভ কৰিব পাৰে। এনে ফ'ৰামসমূহো তিনিটা পৰ্যায়ত গঠিত হয়। যেনে-                                                                                                (ক) জিলা ভিত্তিতঃ জিলা বিবাদ নিষ্পত্তিকৰ ফ'ৰাম                     (খ) ৰাজ্য়িক ভিত্তিতঃ ৰাজ্য়িক বিবাদ নিষ্পত্তিকৰণ ফ'ৰাণ        (গ) ৰাষ্ট্ৰীয় ভিত্তিতঃৰাষ্ট্ৰীয় বিবাদ নিষ্পত্তিকৰণ ফ'ৰাণ             এটা ঘটনাৰ বিষয়ে বুজ লওঁ আহাঁ-  নিষ্ঠা অষ্টম শ্ৰেণীৰ ছাত্ৰী। গুৱাহাটীৰ এখন বোডিং স্কুলত থাকি পঢ়ে। দেউতাক সমীৰণ বৰুৱা মাৰ্ঘেৰিটাৰ ওচৰৰ চাহবাগিচা এখনৰ পৰিচালক। গৰম বন্ধত নিষ্ঠা ঘৰলৈ গৈছিল। বন্ধ খোলাৰ দুদিন আগতে দেউতাকে বয়বস্তুৰে সৈতে তাইক স্কুলৰ হোষ্টেলত থৈ গ'লহি। ষ্টেললৈ আহি পিছদিনা বেগবিলাক খুলি বস্তুবিলাক ঠিক-ঠাক কৰি থবলৈ গৈ নিষ্ঠা একেবাৰে নাহোৰ্ভাচ হৈ পৰিল। কিয়নো বন্ধ খোলাৰ দুসপ্তাহ পিছতে হ'বলগীয়া ৰাজ্য়িক পৰ্যায়ৰ বিজ্ঞানৰ প্ৰদৰ্শনী তথা প্ৰতিযোগিতাখনত অংশ লোৱাৰ বাবে বহু কষ্ট কৰি প্ৰস্তুত কৰা মডেলটোৱেই তাই মাৰ্ঘেৰিটাৰ ঘৰত এৰি থৈ আহিল। ইপেনে স্কুলৰ পিনৰ পৰা শিক্ষাকসকলে তাইৰ ওপৰত বহুত আশা কৰি আছে। এই কেইদিনৰ ভিতৰতে মডেলটো পুনৰ সাজি উলিওৱাটো অসম্ভৱ। ততাতৈয়াকৈ তাই ম'বাইল ফোনেৰে দেউতাকক কথাটো জনালে আৰু ' কোৰিয়াৰ চাৰ্ভিচ'যোগে মডেলটো সেইদিনাই পঠিয়াই দিবলৈ ক'লে। নিষ্ঠা কথামতেই দেউতাকে চহৰৰ এটা কোৰিয়াৰ চাৰ্ভিচৰ অফিচলৈ গৈ যাৱতীয় কামখিনি কৰি ম়েলৰ পাৰ্চেলচটো নিষ্ঠালৈ পঠিয়াই দিলে। কোৰিয়াৰ চাৰ্ফিচৰ মতে এদিনৰ পাছতে নিষ্ঠাৰ হাতত পৰিব লাগে। তেওংলোকৰ কথাত আশ্বস্ত হৈ সমীৰণ বৰুৱাই পাৰ্চেলটো পঠিওৱা খৰচ পৰিশোধ কৰি ৰচিদখন লৈ তাৰপৰা ওলাই আহিল আৰু লগে লগে নিষ্ঠাক ফোনযোগে কথাটো জনালেয  আৰু 'কোৰিয়াৰ চাৰ্ফিচ'যোগে মেডলটো সেইদিনাই পঠিয়াই দিবলৈ ক'লে। নিষ্ঠাৰ কথামতেই দেউতাকে চহৰৰ এটা কোৰিয়াৰ চাৰ্ভিচৰ অফিচলৈ গৈ যাৱতীয় কামখিনি কৰি মডেলৰ পাৰ্চেলটো নিষ্ঠালৈ পঠিয়াই দিলে। কোৰিয়াৰ চাৰ্ভিচৰ অফিচলৈ গৈ যাৱতীয় কামখিনি কৰি মডেলৰ পাৰ্চেলটো নিষ্ঠালৈ পঠিয়াই দিলে। কোৰিয়াৰ চাৰ্ভিচৰ মতে ত পাৰ্চেলটো এদিনৰ পাছতে নিষ্ঠাৰ হাতত পৰিব লাগে। তেওঁলোকৰ কথাত আশ্বস্ত হৈ সমীৰণ বৰুৱাই পাৰ্চেল পঠিওৱা খৰচ পৰিশোধ কৰি ৰচিদখন লৈ তাৰপৰা ওলাই আহিল আৰু লগে লগে নিষ্ঠাক ফোনযোগে কতাটো জানালে। ফোনটো পাই নিষ্ঠা মনটো বৰ পাতল লাগিল আৰু মডেলটো অহালৈ আশাৰে বাট চাই থাকিল। পিচে পাৰ্চেলটো পিছদিনাতো নাহিলেই তাৰ দুদিন পিছলৈ কেও আহি নাপালে। চিন্তাত উদ্গ্ৰীব হৈ তাই দেউতাকক পুনৰ ফোন কৰি কথাটো জনালে। পাৰ্চেলটো তিনিদিনৰ পিছতো গৈ নোপোৱাত সমীৰণ বৰৱা আচৰিত হ'ল। লৰালৰিকৈ তেওঁ কোৰিয়াৰ চাৰ্ভিচৰ অফিচলৈ গৈ পাৰ্চেলটো তেতিয়ালৈ গৈ নোপোৱাৰ কাৰণ জানিবলৈ বিচাৰিলে। কোৰিয়াৰ বিষয়াগৰাকীয়ে অন্য় এক ব্য়স্ততা দেখুৱাই দেউতাকক সদুত্তৰ নিদিলে। পিছদিনা আহি তেওঁৰ লগতে কথা পাতিবলৈ কৈ মানুহজন নিজৰ কামত ব্য়স্ত হ'ল। মানুহজৰ নিৰ্লিপ্ততাত সমীৰণ বৰুৱা ক্ষুণ্ণ হ'ল। সময় নষ্ট নকৰি তেওঁ সেইদিনাই তিনিচুকীয়াত কথা জিলা গ্ৰাহক সুৰক্ষা সংস্থাৰ কাৰ্যালয়লৈ গৈ কথাখিনি ভালদৰে বিৱৰি ক'লে আৰু তেওঁলোকৰ পৰামৰ্শক্ৰমে কোৰিয়াৰ চাৰ্ফিচটোৰ বিৰুদ্ধে তথ্য় প্ৰমাণ দি অভিযোগ দাখিল কৰিলে। নিৰ্দিষ্ট সময়ত সমীকৰণ বৰুৱা জিলা ব্বাদ নিষ্পত্তিকৰণ ফ'ৰাণ (গ্ৰাহক আদালত) লৈ গৈ তেওঁৰ গোচৰটোৰ বিষয়ে যুক্তিভিত্তিক বিৱৰণ দিলে। কোৰিয়াৰ চাৰ্ভিচৰ প্ৰতিনিধিয়েও উপায়হীন হৈ নিজৰ বক্তব্য় ৰাখিলে। বিচাৰপতিয়ে দুয়োপক্ষৰ বক্তব্য় আৰু নথি-পত্ৰ  ভালদৰে পৰীক্ষা কৰি সমীৰণ বৰুৱাৰ সপেক্ষে ৰায় দিলে। কোৰিয়াৰ চাৰ্ফিচটো দোষী সাব্য়স্ত হ'ল আৰু পাৰ্চেলটো দুদিনৰ ভিতৰত যথাস্থানত পোৱাই দিবলৈ আদালত নিৰ্দেশ দিলে। তদুপৰি গ্ৰাহক (সমীকৰণ বৰুৱা) ৰ হাৰাশান্তিৰ ক্ষতিপূণ হিচাপে কোৰিয়াৰ চাৰ্ফিচটোক ৫,০০০ টকা জৰিমনা বিহা হ'ল। গতিকে আমি দেখিলো যে গ্ৰাহক হিচাপে চৰকাৰে আমাক দিয়া অধিকাৰ আৰু সুৰক্ষাসমূহ সঠিকভাৱে পালন কৰিব পাৰিলে বিভিন্ন প্ৰতাৰণাৰ পৰা হাত সাৰি থাকিব পাৰো। এই ক্ষেএত  দৰকাৰী কথাটো হ'ল অসাধু ব্য়ৱসায়ীৰ বিৰুদ্ধে উপযুক্ত তথ্য় প্ৰমাণ মুজত থাকিব লাগে। সমীৰম বৰুৱা যথেষ্ট সজাগ আৰু কৰ্মোদ্য়মী গ্ৰাহক। সেয়েহে তেওঁ ন্য়ায়বিচাৰ লাভ কৰিলে। প্ৰদৰ্শনী তথা প্ৰতিযোগিতাখনৰ আগে আগে মডেলটো গৈ হাতত পৰাত নিষ্ঠাও আনন্দিত হ'ল। চৰকাৰী অনুষ্ঠানসমূহৰ উপৰি গ্ৰাহকসলে নিজাববীয়াকৈ গ্ৰাহক সমিতি গঠন কৰে। এই অনুষ্ঠানবোৰে গ্ৰাহক সজাগতাৰ বাবে সময়ে সময়ে সভা-সমিতি, বিক্ষোভ, ধৰ্ণা, বাটত নাট আদিৰ দৰে অনুষ্ঠিত কৰে। পাইকাৰী আৰু খুচুৰা বজাৰৰ বস্তুৰ মজুত, বস্তুৰ গুণাগুণ, দৰ, বজাৰৰ পৰিৱেশ আদিৰ দৰে বিষয়বোৰ এই সমিতিবোৰে পৰ্যৱেক্ষেণ কৰে। মুঠৰ ওপৰত এই সিমিতবোৰে বস্তুৰ দৰ, গুণাগুণ আদিৰ ক্ষেত্ৰতে গ্ৰাহকৰ স্বাৰ্থত এটা হেঁচা প্ৰয়োগকাৰী গোট হিচাপে কাম কৰে। ওপৰৰ আলোচনা পৰা আমি জানিব পাৰিলো যে গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষাই এখন সমাজৰ সামগ্ৰীক পৰিকাঠামো সৱল কৰে। ভাৰতৰ দৰে এখন জনবহুল দেশত সামাজিক উন্নয়নৰ গতি খৰতকীয়া কৰাত গ্ৰাহক বা উপভোক্তাসকলৰ দায়িত্ব অপৰিসীমি। আমি আটায়ে এই বিষয়ে এতিয়াৰ পৰাই সজাগ হ'লে দেশৰ ভৱিষ্য়ত উজ্জ্বল কৰাৰ লগতে এই মানসিশিষ্ট অৰ্থনৈতিক ব্য়ৱস্থাৰ অংশীদাৰ হ'ব পাৰিম।


Class 8 Social Science 
Type: Dimi Bora




Post ID : DABP004237