|
|
অনুশীলনী
অতি চমু প্ৰশ্নোত্তৰ
১। নিউক্লিয়াছত থকা নিউক্লিয়নবোৰ কি?
উত্তৰঃ পৰমাণুৰ ভিতৰত থকা ধনাত্মক অংশ য'ত ইয়াৰ গোটেইখিনি ভৰ থুপ খাই
থাকে তাক নিউক্লিয়াছ বোলে।
২। মৌল এটাৰ পাৰমাণবিক সংখ্যাৰ সংজ্ঞা দিয়া।
উত্তৰঃ ইয়াত থকা প্রট'নৰ সংখ্যাক পাৰমাণবিক সংখ্যা
বোলে।
৩। ভৰ সংখ্যা কি?
উত্তৰঃ প্রট'ন আৰু নিউট্রনৰ মুঠ সংখ্যাই হ'ল ভৰ সংখ্যা।
৪। আইছ'ট'প কি?
উত্তৰঃ একে পাৰমাণৱিক সংখ্যা, কিন্তু বেলেগ বেলেগ ভৰ সংখ্যাৰ
পৰমাণুবোৰক আইছ'ট'প বোলে।
৫। আইছ'বাৰ কি?
উত্তৰঃ একে ভৰসংখ্যা কিন্তু বেলেগ বেলেগ পাৰমাণৱিক সংখ্যাৰ পৰমাণুবোৰক আইছ’বাৰ বোলে।
৬। আইছট'ন কি?
উত্তৰঃ একে নিউট্রনৰ সংখ্যাযুক্ত পৰমাণুবোৰক আইছ 'ট'ন বোলে।
৭। আইছ'মাৰ কি?
উত্তৰঃ একে পাৰমাণবিক সংখ্যা আৰু ভৰসংখ্যা কিন্তু বেলেগ বেলেগ শক্তিস্তৰৰ পৰমাণ
আইছ 'মাৰ বোলে।
৮। পাৰমাণৱিক ভৰ একক কি?
উত্তৰ: C-12 পৰমাণুৰ মুঠ ভৰৰ অংশক পাৰমাণৱিক ভৰ একক বোলে।
৯। নিউক্লিয়াছৰ ব্যাসার্দ্ধ আৰু ভৰ সংখ্যাৰ সম্বন্ধ লিখা। ৰ গৃহীত মান কিমান?
১০। নিউক্লীয় বল কি?
উত্তৰঃ নিউক্লিয়াছৰ ভিতৰত প্ৰ'টন আৰু নিউট্রনক আৱদ্ধ কৰি ৰখা
বল।
১১। নিউক্লীয় বলৰ এটা ধৰ্ম লিখা।
উত্তৰঃ ই অতি শক্তিশালী বল।
১২। নিউক্লিয়াছৰ ভৰ ঘাটি কি?
উত্তৰঃ নিউক্লিয়াছৰ এটাৰ মুঠ ভৰ ইয়াত থকা প্ৰ'টন আৰু নিউট্রনৰ মুঠ ভৰতকৈ কম
হয়। ইয়াক ভৰ ঘাটি বোলে।
১৩। নিউক্লিয়াছৰ সংকুলন ভগ্নাংশ কি?
উত্তৰঃ প্রতি নিউক্লিয়নৰ ভৰ ঘাটিক সংকুলন ভগ্নাংশ বোলে।
১৪। আইনষ্টাইনৰ ভৰ শক্তিৰ সমন্বয়ৰ সূত্র লিখা।
১৫। কণা এটাৰ জড় ভৰ কি?
উত্তৰঃ স্থিৰ অৱস্থাত থকা স্থানাংক প্ৰণালীত ৰৈ থকা কণাৰ ভৰক জড় ভৰ বোলে।
১। আইনষ্টাইনৰ ভৰ শক্তিৰ সূত্ৰৰ পৰা বন্ধন শক্তিৰ মূলতত্ব ব্যাখ্যা কৰা।
উত্তৰঃ নিউক্লিয়াছৰ এটাৰ মুঠ ভৰ ইয়াত থকা প্রটন আৰু নিউট্রনৰ মুঠ ভৰতকৈ কম হয়।
ইয়াক ভৰ ঘাটি বোলে। নিউক্লিয়াছৰ এটাৰ ভৰ ঘাটি শক্তিলৈ পৰিবর্তিত হৈ প্র'ট'ন আৰু নিউট্রনবোৰক নিউক্লিয়াছৰ
ভিতৰত আৱদ্ধ কৰি বাখে। ইয়াক বন্ধন শক্তি বোলে
২। বন্ধন শক্তিৰ প্ৰকাশ ৰাশি লিখা। 1 amu কি?
যেতিয়া প্র'টন এটা নিউট্রনলৈ আৰু নিউট্রন এটা প্র'টনলৈ পৰিৱৰ্তন হয় তেতিয়া ẞ কণাৰ সৃষ্টি হয়।
ৰচনাধর্মী প্রশ্নোত্তৰ
১। নিউট্রন কিদৰে আৱিষ্কাৰ হৈছিল লিখা। নিউট্রনৰ দুটা ধর্ম লিখা।
উত্তৰঃ
২। প্রতি নিউক্লিয়নৰ বন্ধন শক্তি আৰু ভৰ সংখ্যাৰ লেখ আঁকা। ই কিদৰে সংযোজন
আৰু বিযোজনত নির্গত শক্তিৰ বিষয়ে ব্যাখ্যা কৰে?
লঘু আৰু গধুৰ নিউক্লিয়াছৰ বাবে বন্ধন শক্তি কম। গতিকে বেছি বন্ধন শক্তিৰ
বাবে কম ভৰৰ নিউক্লিয়াছবোৰ লগ লাগি এটা গধুৰ নিউক্লিয়াছ গঠন কৰে। এই প্রক্রিয়াটোক
সংযোজন বোলে।
আকৌ, গধুৰ নিউক্লিয়াছবোৰ কম ভৰৰ নিউক্লিয়াছলৈ ভাঙি গৈ
বন্ধন শক্তি বৃদ্ধি কৰে। এই প্রক্রিয়াটোক বিযোজন বোলে।
(ii) কোনো এটা সময়ত ইয়াৰ বিভংগনৰ সূত্র, সেই সময়ত ইয়াত থকা অবিঘটিত
পৰমাণুৰ সংখ্যাৰ সমানুপাতিক।
৭। নিউক্লীয় বিযোজন কি? শৃংখল বিক্রিয়া কি? এটা মন্দকৰ নাম লিখা।
উত্তৰঃ গধুৰ নিউক্লিয়াছ কম ভৰৰ নিউক্লিয়াছলৈ ভাঙি যোৱা প্ৰক্ৰিয়াটোক নিউক্লীয়
বিভংগন
বোলে।
নিউক্লীয় বিভগংনত সৃষ্টি হোৱা নিউট্রনবোৰে নতুন নতুন
বিভংগন ঘটায় আৰু বিক্ৰিয়াটো স্বয়ংক্রিয়ভাবে আগবাঢ়ি যায়। এনে বিক্রিয়াক শৃংখল
বিক্রিয়া বোলে।
নিয়ন্ত্রণ- গ্রেফাইট।
৮। নিউক্লীয় সংযোজন কি? এটা বিক্রিয়া লিখা। সংযোজন পৰীক্ষাগাৰত সম্ভৱ নহয় কিয়?
উত্তৰঃ দুই বা ততোধিক কম ভৰৰ নিউক্লিয়াছ লগ হৈ এটা গধুৰ নিউক্লিয়াছ সৃষ্টি হোৱা
প্রক্রিয়াটোক নিউক্লীয় সংযোজন বোলে।
সংযোজন বিক্রিয়াত যথেষ্ট পৰিমাণে তাপ উদ্ভৱ হয় বাবে পৰীক্ষাগাৰত সম্পন্ন
কৰিব নোৱাৰি।
গাণিতিক সমস্যা
Type : Madhshmita Hazarika