একাদশ অধ্যায়
অনুশীলনী
উত্তৰঃ দিয়া আছে,
১১.৬. আলোক-বৈদ্যুতিক ঘটনাৰ এক পৰীক্ষাত প্রতিবন্ধক বিভৱ আৰু আপতিত পোহৰৰ
কম্পনাংকৰ মাজৰ লেখডালত নতি হ'ল । ইয়াৰ পৰা প্লাংকৰ ধ্ৰুৱকন মান নিৰ্ণয় কৰা।
উত্তৰঃ দিয়া আছে,
উত্তৰঃ দিয়া আছে,
উত্তৰঃ আমি জানো যে,
১। আলোক-বিদ্যুৎ নিৰ্গমন কি?
উত্তৰঃ উচ্চ শক্তি-সম্পন্ন পোহৰৰ দ্বাৰা ধাতৱ পৃষ্ঠৰ পৰা ইলেকট্ৰন যুক্ত কৰা
পৰিঘটনাটোক আলোক বিদ্যুৎ নিৰ্গমন বোলে।
২। গৌণ নির্গমন কাক বোলে?
উত্তৰঃ উচ্চ শক্তিসম্পন্ন ইলেকট্রনৰ দ্বাৰা ধাতৱ পৃষ্ঠৰ পৰা
ইলেকট্রন যুক্ত কৰা পৰিঘটনাটোক গৌণ নির্গমন বোলে।
৩। শীতল কেথ'ড নির্গমন কি?
উত্তৰঃ উচ্চ বিভৱ ভেদ প্রয়োগৰ ফলত ধাতৱ পৃষ্ঠৰ পৰা ইলেকট্রনযুক্ত হোৱা
পৰিঘটনাটোক কেথ'ড নির্গমন বোলে।
৪। তাপীয় নির্গমন মানে কি?
উত্তৰঃ তাপ প্রয়োগৰ ফলত ধাতৱ পৃষ্ঠৰ পৰা ইলেকট্ৰনৰ যুক্ত হোৱা পৰিঘটনাটোক তাপীয়
নিৰ্গমন বোলে।
৫। কার্যফলন মানে কি?
উত্তৰঃ পৰমাণু এটাৰ পৰা ইলেকট্রন এটা মুক্ত কৰিবলৈ প্রয়োজনীয় শক্তিক ধাতুৰ
কাৰ্যফলন বোলে।
৬। কাৰ্যফলন আপতিত বিকিৰণৰ কম্পনাংকৰ ওপৰত নিৰ্ভৰ কৰেনে?
উত্তৰঃ নকৰে।
৭। এক ইলেকট্রন ভ'ল্ট কাক বোলে?
উত্তৰঃ এক ভল্ট বিভৱ ভেদত ইলেকট্রন এটা ত্বৰিত কৰিবলৈ প্রয়োজনীয় শক্তিক এক
ইলেকট্ৰন ভল্ট বোলে।
৮। এটা ইলেকট্রনক 1000v ৰ এক বিভৱভেদৰ মাজেৰে ত্বৰিত কৰা হৈছে। জুল এককত তাৰ শক্তিৰ মান কি?
৯। ফ’টন ধাৰণাত, বিকিৰণৰ তীব্রতা ৰাশিটোৰ ওপৰত নিৰ্ভৰ কৰে- কাৰণ
দৰ্শোৱা।
উত্তৰঃ ফ’ট'ন ধাৰণাত পোহৰ ফ'টন কণাৰ সমষ্টি। এটা ফ'টনৰ শক্তি hv। গতিকে পোহৰত n টা ফ’টন থাকিলে মুঠ শক্তি ।
১০। প্লাংকৰ ধ্ৰুৱকৰ মাত্রা কি?
চমু প্ৰশ্নোত্তৰ
২। আলোক-কোষ এটাৰ
সংক্ষিপ্ত কাৰ্যনীতি বর্ণনা কৰা।
উত্তৰঃ
আলোক কোষ এটাত অৱতল আকৃতিৰ পাত এখনত উপযুক্ত আলোক সংবেদী ধাতুৰ প্ৰলেপযুক্ত ফ'ট' কেথ'ডৰ সন্মুখত এডাল দণ্ডৰ আকৃতিৰ এন'ড ৰখা হয়। ফ'ট'কেথ' ডত পোহৰ পৰিলে ইয়াৰ পৰা যুক্ত হোৱা ইলেকট্রন ধনাত্মক
বিভৱত থকা সংগ্রাহক এন'ডে গ্রহণ কৰে আৰু বহিঃ বর্তনীত প্ৰৱাহৰ সৃষ্টি হয়।
৩। 1 ভল্ট বিভৱভেদৰ মাজেৰে ত্বৰিত ইলেকট্রন এটাৰ তৰংগ দৈর্ঘ্য নিৰ্ণয় কৰা।
৫। বিদ্যুৎ-চুম্বকীয় বিকিৰণৰ ফ টন ধাৰণাৰ দুটা গুৰুত্বপূৰ্ণ ধর্ম উল্লেখ কৰা।
উত্তৰঃ (i) পদাৰ্থৰ লগত সংঘর্ষ হ'লে বিকিৰণে ফ'টনৰ ধাৰণা দেখুৱায়।
(ii) ফ'টনবোৰে পোহৰৰ বেগত গতি কৰে।
৬। দুটা পৰীক্ষালব্ধ ফলাফলেৰে ব্যাখ্যা কৰা যে বিদ্যুৎ-চুম্বকীয় বিকিৰণে
দ্বৈত প্রকৃতি ধাৰণ কৰে।
উত্তৰঃ (i) সমাৰোপণ, অপবর্তন আৰু সমবৰ্তন পৰিঘটনাই বিকিৰণৰ তৰংগ ধৰ্ম
ব্যাখ্যা কৰে।
(ii) আলোক বিদ্যুত ক্ৰিয়া, ৰমণ ক্ৰিয়া আৰু কম্পটন ক্রিয়াই কণিকা ধৰ্ম ব্যাখ্যা কৰে।
৭। "এটা ফটনৰ আপতন
আৰু এটা ফ'ট'ইলেকট্রন নির্গমনৰ মাজত কোনো সময় পার্থক্য
নাথাকে।" চমুকৈ ব্যাখ্যা কৰা।
উত্তৰঃ
যিহেতু আলোক বিদ্যুত ক্রিয়াত ইলেকট্রন আৰু ফ'টনৰ মাজৰ স্থিতিস্থাপক সংঘাতৰ ফলত হোৱা শক্তিৰ আদান
প্রদান একে লগতে হয় বাবে ইয়াত সমৰ অপচয় নহয়।
৮। দৈনন্দিন জীৱনত
আলোক-কোষৰ দুটা গুৰুত্বপূৰ্ণ ব্যৱহাৰ ব্যাখ্যা কৰা।
উত্তৰ: (i) জুইৰ আগ জাননীৰ বাবে
(ii) গাণনিক
যন্ত্রত
ৰচনাধৰ্মী প্ৰশ্নোত্তৰ
উত্তৰঃ
আলোক কোষ এটাত অৱতল আকৃতিৰ পাত এখনত উপযুক্ত আলোক সংবেদী ধাড় প্রলেপযুক্ত ফ'ট' কেথ'ডৰ সন্মুখত এডাল দণ্ডৰ আকৃতিৰ এন'ড ৰখা হয়। ফ'ট'কেথ'ডত পোহৰ পৰিলে ইয়াৰ পৰা যুক্ত হোৱা ইলেকট্রন ধনাত্মক বিভৱত থকা সংগ্রাহক এন'ডে গ্রহণ কৰে আৰু বহিঃ বর্তনীত প্ৰৱাহৰ সৃষ্টি হয়।
২। আইনষ্টাইনৰ আলোক-বিদ্যুৎ সমীকৰণটো লিখা আৰু এটা ধাতুৰ বাবে কাৰ্যফলনৰ
ধাৰণাটো ব্যাখ্যা কৰা। ফ’টন ধাৰণাৰ সহায়ত বিকিৰণৰ প্ৰাৱল্য কেনেদৰে ব্যাখ্যা
কৰা হয়?
অৰ্থাৎ আপতিত পোহৰ শক্তি এক নিম্নত শক্তি
ৰ মানতকৈ বেছি হ'লেহে ইলেকট্রন নির্গত হয়। এই
নিম্নতম শক্তি ইলেকট্রনটোক পৰমাণুৰ পৰা মুক্ত কৰিবলৈ ব্যৱহাৰ হয়। ইয়াক ধাতুৰ
কাৰ্যফলন বোলে।
বিকিৰণৰ প্ৰাৱল্য
নিৰ্ভৰ কৰে ফ'ট'নৰ শক্তিৰ ওপৰত। যদি ফ টনৰ শক্তি বেছি হয় তেতিয়া
বিকিৰণৰ শক্তি বেছি হয়।
৩। তাপীয় নির্গমন আৰু গৌণ নির্গমনৰ মাজৰ পাৰ্থক্য লিখা। তাপীয় নির্গমনৰ এক
ব্যৱহাৰিক প্ৰয়োগ উল্লেখ কৰা।
উত্তৰঃ
উচ্চ শক্তিসম্পন্ন ইলেকট্রনৰ দ্বাৰা ধাতৱ পৃষ্ঠৰ পৰা ইলেকট্রন যুক্ত কৰা
পৰিঘটনাটোক গৌণ নির্গমন বোলে।
তাপ প্রয়োগৰ ফলত ধাতব পৃষ্ঠৰ পৰা ইলেকট্রনৰ যুক্ত
হোৱা পৰিঘটনাটোক তাপীয় নির্গমন বোলে।
ব্যৱহাৰঃ তাপীয় ৰিয়েক্টৰত।
৫। ইলেকট্রন অপৱৰ্তনৰ ডেভিছন-গাৰ্মাৰৰ পৰীক্ষাটো বৰ্ণনা কৰা।
উত্তৰঃ চিত্ৰত ডেভিছন গাৰ্মাৰৰ
সঁজুলিটো দেখুওৱা হৈছে। ইয়াৰ নিম্ন বিভৱৰ দ্বাৰা F ফিলামেন্ট গৰম কৰা হয় আৰু এন 'ডত উচ্চ বিভৱ প্রয়োগ কৰি নিৰ্গত
ইলেকট্রনবোৰ ত্বৰিত কৰা হয়। এই ইলেকট্রন ৰশ্মিয়ে যেতিয়া নিকেলৰ পৃষ্ঠত খুন্দা মাৰে
তেতিয়া বিচ্যুত ইলেকট্রনবোৰৰ প্ৰাৱল্য 'D' detector ৰ সহায়ত জোখা হয়। ত্বৰিত বিভৱৰ মানৰ পৰিৱৰ্তন কৰি
প্ৰাৱল্যৰ পৰিৱৰ্তনৰ পর্যবেক্ষণ কৰিলে দেখা যায় যে 54V আৰু 50° কোণৰ ইলেকট্ৰনৰ প্ৰাৱল্য সর্বোচ্চ হ'ব। নিকেলৰ বিভিন্ন স্তৰৰ পৰা
নিৰ্গত ইলেকট্ৰনৰ গঠনাত্মক সমাৰোপণৰ ফলত এনে হয়। ব্ৰেগৰ সমীকৰণ মতে, ইয়াত d ৰ মান বহুৱালে
আকৌ ডি ব্ৰয়ৰ সমীকৰণ মতে,
গতিকে পৰীক্ষালব্ধ মান আৰু তাত্বিক মান সমান।
গাণিতিক সমস্যা
১। আপতিত ফ’টনৰ অন্তক বিভৱ আৰু কম্পনাংকৰ লেখৰ ঢাল নিৰ্ণয় কৰা।
উচ্চ মানৰ বুদ্ধিমত্তাৰ সমস্যা