দ্বাদশ অধ্যায়
অনুশীলনী
12.1 তলৰ
প্ৰতিটো উক্তিৰ শেষত দিয়া ইংগিতৰ আলমত শুদ্ধ উত্তৰটো বাচি উলিওৱাঃ—
(ক)ৰাডাৰফ’ৰ্ডৰ আৰ্হিত পৰমাণুৰ আকাৰ যিমান থমছনৰ আৰ্হিত—
(তাতকৈ বহু ডাঙৰ/তাৰ
সমান/তাতকৈ
বহু সৰু)।
(খ)ভূমিস্তৰত—
আৰ্হিত ইলেকট্ৰনবোৰ সুস্থিৰ সাম্য অৱস্থাত থাকে, আনহাতে— আৰ্হিত ইলেকট্ৰনবোৰে সদায়
এটা লব্ধ বল অনুভৱ কৰে । (থমছনৰ/ৰাডাৰফ’ৰ্ডৰ)।
(গ)—
আৰ্হি অনুসাৰে ধ্ৰুপদী পৰমাণু এটা ধ্বংস হোৱাটো অৱশ্যম্ভাৱী । (থমছনৰ/ৰাডাৰফ’ৰ্ডৰ)।
(ঘ)—
আৰ্হি অনুযায়ী পৰমাণুৰ ভৰ প্ৰায় সুষমভাৱে বিস্তৃত; আনহাতে— আৰ্হি অনুযায়ী ই অতিশয়
অসুষমভাৱে বিস্তৃত । (থমছনৰ/ৰাডাৰফ’ৰ্ডৰ)।
(ঙ)—
আৰ্হিমতে পৰমাণুৰ প্ৰায়খিনি ভৰ ধনাট্মক আধানযুক্ত অংশটোতে থাকে । (ৰাডাৰফ’ৰ্ডৰ/উভয়
আৰ্হি)।
12.2 ধৰা
হওঁক, সোণৰ পাতল পাত এটাৰ পৰিৱৰ্তে গোটা হাইড্ৰ’জেনৰ পাত এটা ব্যৱহাৰ কৰি আলফা
কণিকাৰ বিচ্ছুৰণৰ পৰীক্ষাটো তোমাক নতুমকৈ কৰি চোৱাৰ সুযোগ দিয়া হ’ল । (14 K
উষ্ণতাৰ তলত হাইড্ৰ’জেন গোটা অৱস্থাত থাকে) তাকে কৰিলে কি ফলাফল আশা কৰিব পাৰি ?
12.3
হাইড্ৰ’জেন বৰ্ণালীৰ পাশ্চেন শ্ৰেণীত নিম্নতম কি তৰংগদৈৰ্ঘ্য পোৱা যায় ?
12.4 এটা
পৰমাণুৰ দুটা শক্তিস্তৰৰ মাজত শক্তিৰ পাৰ্থক্য 2.3 e V । উচ্চ স্তৰটোৰ পৰা
নিম্ন স্তৰটোলৈ পৰমাণুটোৰ সংক্ৰমণ ঘটিলে যি বিকিৰণ নিৰ্গত হ’ব তাৰ
কম্পনাংক কিমান !
12.5
হাইড্ৰ’জেন
পৰমাণুৰ ভূমিস্তৰৰ শক্তিৰ পৰিমাণ- 13.6e V. । স্তৰটোত ইলেকট্ৰনটোৰ গতি শক্তি আৰু স্থিতি
শক্তিৰ পৰিমাণ কিমান ?
12.6
প্ৰথমতে ভূমিস্তৰত থকা হাইড্ৰ’জেন পৰমাণু এটাই এটা ফ’টন
শোষণ কৰি n= 4
স্তৰলৈ উত্তেজিত হ’ল । ফ’টনটোৰ
তৰংগদৈৰ্ঘ্য আৰু কংম্পনাংক নিৰূপণ কৰা ।
12.7 (ক)ব’ৰৰ
আৰ্হি প্ৰয়োগ কৰি হাইড্ৰ’জেন
পৰমাণুৰ n= 1, 2, আৰু 3 স্তৰত
ইলেকট্ৰন দ্ৰুতি নিৰ্ণয় কৰা । (খ) এই স্তৰসমূহৰ প্ৰতিটোৰে কক্ষীয় পৰ্য্যায়কাল
হিচাপ কৰি উলিওৱা ।
12.9
কোঠালিৰ উষ্ণতাৰ তকা গেছীয় হাইড্ৰ’জেনক 12.5 eV শক্তিৰ ইলেকট্ৰন ৰশ্মি এটাৰে আঘাত কৰা হ’ল । ফলত
তাৰ পৰা কোন শ্ৰেণীৰ তৰংগদৈৰ্ঘ্য নিৰ্গত হ’ব ?
অতিৰিক্ত প্ৰশ্নাৱলী
12.11 তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া— এই প্ৰশ্ন সমূহে থমছনৰ আৰ্হি আৰু ৰাডাৰফ’ৰ্ডৰ আৰ্হিৰ মাজৰ পাৰ্থক্য অধিক স্পষ্টকৈ বুজাত সহায় কৰিবঃ—



(ক)সেই
শক্তিস্তৰত ইলেকট্ৰনটোৰ গতিশক্তি কিমান ?
(খ)সেই
শক্তিস্তৰত ইলেকট্ৰনটোৰ স্থিতিশক্তি কিমান ?
(গ)সেই স্থিতি শক্তিৰ শূন্য অৱস্থান সলনি কৰা হয় তেন্তে ওপৰৰ কোনটো উতেতৰ সলনি হ’ব ?