দ্ৰব্য়ৰ পৃথকীকৰণ 

 এটা মিশ্ৰ পদাৰ্থৰ পৰা তাৰ উপাদান পৃথক কৰাৰ বহুতো উদাহৰণ আমি দেখিবলৈ পাওঁ।                                                                         

 চাহ প্ৰস্তুত কৰোঁতে আমি ছেকনিৰে ছেকি জুলীয়া চাহখিনিৰ পৰা চাহপাত পৃথক কৰোঁ।                                                                           

 খেতি চপোৱাৰ সময়ত ঠাৰিডালৰ পৰা শস্য়ৰ গুটি পৃথক কৰা হয়। দৈ বা গাখীৰ মথি ইয়াৰ পৰা মাখন পৃথক কৰা হয়। আমি পাঠ নং ৩ ৰ পৰা জানিব পাৰিছোঁ যে কপাহ নেওঠি ইয়াৰ গুটিবোৰ আঁহৰ পৰা পৃথক কৰা হয।                                                                                     

 তুমি খিচিৰি বা চিৰা খাইছা নিশ্চয়। ইয়াত যদি জলকীয়া মিহলি হৈ থাকে, তেন্তে খোৱাৰ আগতে সেইবোৰ সাৱধানে উলিয়াই পৃথক কৰিব পাৰা।                                                                                                       ধৰা হওঁক, তোমাক এটা খৰাহিত আম আৰু মধুৰি-আম দিয়া হৈছে আৰু সেইবোৰ তোমাক পৃথক কৰিবলৈ কোৱা হৈছে। তুমি কি কৰিবা? তাৰ পৰা এবিধ বাছি আনিবা আৰু অন্য় এটা খৰাহিত থবা, নহয়নে বাৰু?                                                                           

 এই কামটো সহজ যেন লাগে। কিন্তু পৃথক কৰিবলৈ বিচৰা বস্তুবোৰ যদি আম বা মধুৰিআমতকৈ বহুত সৰু হয়, তেন্তে কি হ'ব? তোমাক নিমখ মিহলি এগিলাচ বালি দিয়া হ'ল। মিশ্ৰণটোৰ পৰা বালিখিনি হাতেৰে বাছি উলিয়াই নিমখখিনি পৃথক কৰাৰ কথা ভবাটোও আনকি অসম্ভৱ।                                       

   তালিকা ৫.১ৰ ১নং স্তম্ভত দ্ৰব্য় পৃথকীকৰণৰ কিছুমান প্ৰক্ৰিয়া দিয়া আছে। পৃথকীকৰণৰ উদ্দেশ্য় আৰু পৃথকীকৃত উপাদানবিলাকৰ ব্য়ৱহাৰবোৰ ক্ৰমে স্তম্ভ ২ আৰু ৩ত উল্লেখ কৰা হৈছে। অৱশ্য়ে স্তম্ভ ২ আৰু ৩ ত দিয়া তথ্য়সমূহ খেলিমেলিকৈ দিয়া হৈছে।  তোমালোকে প্ৰতিটো প্ৰক্ৰিয়া ইয়াৰ উদ্দেশ্য় আৰু পৃথকীকৃত উপাদানৰ ব্য়ৱহাৰৰ লগত মিলাব পাৰিবানে?                                       

    আমি দেখোঁ যে আমি কোনো এটা বস্তু ব্য়ৱহাৰ কৰাৰ আগতে বস্তুটোত মিহলি হৈ থকা ক্ষতিকাৰক বা ব্য়ৱহাৰৰ অনুপযোগী দ্ৰব্য়বোৰ পৃথক কৰা প্ৰয়োজন। কেতিযাবা আনকি ব্য়ৱহাৰৰ উপযোগী উপাদানসমূহো বেলেগকৈ ব্য়ৱহাৰ কৰিবলৈ পৃথক কৰি লওঁ।                                                                                                       

 বস্তু এটাত থকা পৃথক কৰিবলগীয়া উপাদানবোৰৰ কণাবোৰ বিভিন্ন আকাৰৰ বা বিভিন্ন পদাৰ্থৰ হ'ব পাৰে। এইবোৰ গোটা, জুলীয়া নাইবা গেছীয় পদাৰ্থ হ'ব পাৰে। গতিকে মিহলি হৈ থকা পদাৰ্থবোৰৰ যদি বিভিন্ন ধৰ্ম থাকে তেন্তে আমি আমি সেইবোৰ কেনেকৈ পৃথক কৰিম?     

৫.১ পৃথকীকৰণৰ পদ্ধতি 

  মিহলি হৈ থকা দ্ৰব্য়বোৰ পৃথকীকৰণৰ কিছুমান সৰল পদ্ধতি আমি আলোচনা কৰিম। ইয়াৰে কিছুমান প্ৰণালী তোমালোকে দৈনন্দিন কাম-কাজত ব্য়ৱহাৰ কৰা পদ্ধিতও হ'ব পাৰে।  

হাতেৰে বাছি উলিওৱা 

  দোকানৰ পৰা কিনি অনা এপেকেট শস্য় শ্ৰেণীকোঠালৈ আনা। এতিয়া শস্যখিনি কাগজ এখনত মেলি দিয়া। কাগজখনৰ ওপৰত কেৱল এবিধ শস্য়ই পালেনে? তাত শিল, শস্য়ৰ বাকলি, ভঙা শস্য় আৰু অন্য়ান্য় শস্য়ও আছেনে? এতিয়া ইয়াৰ পৰা শিলৰ টুকুৰা, শস্য়ৰ বাকলি আৰু অন্য়ান্য় শস্য়বোৰ হাতেৰে গুচোৱা বা আঁতৰাই লোৱা।

    হাতেৰে বাছি উলিওৱা পদ্ধতিটো অলপ ডাঙৰ আকাৰৰ অশুদ্ধি যেনে- মাটিৰ টুকুৰা, শিল, শস্য়ৰ বাকলি আদি, চাউল, ঘেঁহু বা মাহজাতীয় শস্য়ৰ পৰা পৃথক কৰিবলৈ ব্য়ৱহাৰ কৰিব পাৰি। এই

  ধৰণৰ অশুদ্ধিৰ পৰিমাণ সাধাৰণতে বহুত বেছি নহয়। এইক্ষেত্ৰত আমি পাওঁ যে হাতেৰে বাছি উলিওৱা পদ্ধতিটো সুবিধাজনক। 

মৰণা মৰা 

     শস্য় চপোৱাৰ পাছত ধান বা ঘেঁহুৰ মুঠিবিলাক খেতিপথাৰত পৰি থকা নিশ্চয় দেখিছা। ঠাৰিৰ পৰা শস্য় পৃথক কৰাৰ আগতে এইবোৰ ৰ'দত শুকুৱাই লোৱা হয়। প্ৰতিডাল ঠাৰিত বহুতো শস্য়ৰ গুটি লাগি থাকে। পথাৰত পৰি থকা শ-শ মুঠিবিলাকত কিমান শস্য়ৰ গুটি (বীজ) লাগি থাকে, কল্পনা কৰাচোন ! খেতিয়কে শস্য়ৰ ঠাৰিৰ সেই মুঠিবিলাকৰ পৰা শস্য়ৰ গুটিবোৰ কেনেকৈ পৃথক কৰে বাৰু?   

 গছৰ পৰা আম বা মধুৰিআম ছিঙি আনিব পাৰি। কিন্তু শস্য়ৰ বীজবিলাক আম বা মধুৰিআমকৈ বহুত সৰু। গতিকে সেইবোৰক ঠাৰিৰ  পৰা ছিঙি আনটো অসম্ভৱ। মানুহে শস্য়ৰ গুটি বা বীজবিলাক ঠাৰিৰ পৰা কেনেকৈ পৃথক কৰে বাৰু?                                                 

  ঠাৰিৰ পৰা শস্য় পৃথক কৰা প্ৰক্ৰিয়াটোৱেই হৈছে মৰণা মৰা (threshing)। এই প্ৰক্ৰিয়াত ঠাৰিবোৰ কোবাই ঠাৰিৰ পৰা শস্য়ৰ গুটি পৃথক কৰা হয়। কেতিয়াবা বলধ গৰুৰে মৰণা মৰা হয়। বেছি পৰিমাণৰ শস্য়ৰ ক্ষেত্ৰত মেচিনো ব্য়ৱহাৰ কৰা হয়। 

জৰা বা বা-দিয়া 

  চাউল আৰু তুঁহ মিহলি মিশ্ৰণ এটাৰ পৰা চাউলখিনি কেনেকৈ পৃথক কৰা হয়? হাতেৰে বাছি পৃথক কৰিব পাৰিনে? 

      এনে ধৰণৰ মিশ্ৰণ এটা ডলা বা কুলা এখনত লোৱা। এতিয়া ডলাখন ছবিত দেখুৱাৰ দৰে ওপৰলৈ জোকাৰী দিয়া। এনেদৰে কে'বাবাৰো কৰা। 

  কি ঘটিছে? দুয়োটা উপাদান-চাউল আৰু তুহঁ একে ঠাইতে পৰিছেনে? কোনোবাটো উপাদান বতাহত উৰি গৈছে নেকি? বতাহে উপাদান দুটা পৃথক কৰিব পাৰিছেনে?  

    এটা মিশ্ৰণৰ পৰা উপাদানবোৰ পৃথক কৰা এই পদ্ধতেটোক জৰা বুলি কয়। এটা মিশ্ৰণত থকা গধুৰ আৰু পাতল  উপাদানসমূহ বতাহ বা বায়ুৰ সোঁত বলাই পৃতক কৰিবলৈ জৰা পদ্ধতিটো ব্য়ৱহাৰ কৰা হয়।

   সাধাৰণতে খেতিয়কে এই পদ্ধতিটো শস্য়ৰ গধুৰ গুটি (বীজ) ৰ পৰা পাতল চোকোৰা বা বাকলি পৃথক কৰিবলৈ  ব্য়ৱহাৰ কৰে।

  বাকলিৰ কণাবিলাক বতাহে আঁতৰাই নিয়ে। শস্য়ৰ বীজবিলাক পৃথক হয়। পৃথক হোৱা বাকলিবোৰ বহুতো কামত যেনে- গৰু, ম'হৰ আহাৰ হিচাপে ব্য়ৱহাৰ হয়।

চালনীৰে চলা 

  কেতিয়াবা আমি পিঠাগুড়ি বা আটাৰে খোৱা বস্তু প্ৰস্তুত কৰিবলৈ ইচ্ছা কৰোঁ। তেতিয়া আমি ইয়াত থকা অশুদ্ধি আৰু বাকলিবোৰ আঁতৰাই ল'ব লাগে। ইয়াৰ বাবে আমি কি কৰোঁ? আমি এখন চালনী ব্য়ৱহাৰ কৰোঁ আৰু আটাৰ গুড়িবোৰ তলত পৰিবলৈ দিওঁ। 

   চালনীৰে চালিলে মিহি গুড়িবোৰ বিন্ধাৰে সৰকি পৰে আৰু ডাঙৰ আকাৰৰ অশুদ্ধিবোৰ চালনীত ৰৈ যায়। 

  আটা মিলত ঘেঁহু গুড়ি কৰাৰ আগতে তাত থকা অশুদ্ধি যেনে- ঘেহুঁৰ বাকলি আৰু শিল-বালি আঁতৰাই লোৱা হয়। সাধাৰকণতে মোনা ভৰ্তি ঘেহুঁবোৰ এঢলীয়া হৈ থা চালনীত ঢালি দিয়া হয়। মৰণা মৰা আৰু জৰাৰ পাছত ঘেঁহুৰ লগত থাকি যাব পৰা শিল, ঠাৰি আৰু বাকলি আদি চালনীৰে চালিলে আঁতৰি যায়। 

   ঘৰ আদি নিৰ্মাণ কাৰ্যত বাকলি পৰা শিলগুটি আদি পৃথক কৰিবলৈ এনেধৰণৰ চালনী ব্য়ৱহাৰ হোৱা তোমালোকে নিশ্চয় দেখিছা।

  ঘৰৰ পৰা এখন চালনী আৰু অলপ আটা শ্ৰেমীকোঠালৈ লৈ আহা। অশুদ্ধিবোৰ আঁতৰাবলৈ তুমি আটাইখিনি চালা। এতিয়া চক্ পেঞ্চিলৰ মিহি গুড়ি প্ৰস্তুত কৰা আৰু সেইখিনি আটাৰ লগত মিহলোৱা। এতিয়া আটা আৰু চকৰ গুড়িখিনি চালনীৰে চালি পৃথক কৰিব পাৰিবানে? 

  যেতিয়া মিশ্ৰৰ উপাদানবিলাকৰ আকাৰ বেলেগ বেলেগ হয়, তেতিয়া চালনীৰে চলা প্ৰক্ৰিয়া প্ৰয়োগ কৰা হয়।                                       

  অৱক্ষেপণ, আস্ৰাৱণ, পৰিস্ৰৱণ

  কেতিয়াবা জাৰি বা হাতেৰে বাছি উলিয়াই মিশ্ৰৰ উপাদানবোৰ পৃথক কৰাটো সম্ভৱপৰ নহ'বও পাৰে। উদাহৰণ স্বৰূপে চাউল বা দাইলত পাতল অশুদ্ধি যেনে- ধুলি নাইবা মাটিৰ গুড়ি মিহলি হৈ থাকিব পাৰে। চাউল বা দাইলত মিহলি হৈ থকা এনে অশুদ্ধি ৰন্ধাৰ আগতে কেনেকৈ পৃথক কৰা হয়?

  ভাত বা দাইল ৰন্ধাৰ আগতে চাউল আৰু দাইলধোৱা হয়। যেতিয়া তোমালোকে এইবিলাক পানীৰে ধোৱা, ইয়াত মিহলি হৈ থকা অশুদ্ধি যেনে- ধূলি আৰু মাটিৰ গুড়িবোৰ পৃথক হৈ পৰে। এই অশুদ্ধিখিনি পানীত মিহলি হৈ ইয়াক সামাস্য় পৰিমাণে বোকাময় কৰে। এতিয়া পাত্ৰৰ তললৈ কোনবোৰ  বস্তু যায় চাউল নে ধূলি? কিয়? অপৰিষ্কাৰ পানীখিনি পেলাবলৈ পাত্ৰটো হেলনীয়াা কৰি লোৱা তোমালোকে দেখিছানে? 

  পানী ঢালি দিয়াৰ পাছত যেতিয়া এটি মিশ্ৰণত থকা গধুৰ উপাদানবিলাক পাত্ৰৰ তলতি জমা হয়, তেতিয়া এই প্ৰক্ৰিয়াটোক  অৱক্ষেপণ বোলা হয়। যেতিয়া পানীখিনি (ধূলিিৰে সৈতে) আঁতৰোৱা হয় সেই প্ৰক্ৰিয়াটোক আস্ৰাৱণ বোলা হয়। অৱক্ষেপণ আৰু আস্ৰাৱণ প্ৰক্ৰিয়াৰে পৃথক কৰিব পৰা অন্য় কিছুমান মিশ্ৰণ উলিয়াই লওঁ আহা।

   পৰস্পৰ মিহলি নোহোৱা দুটা জুলীয়া পদাৰ্থৰ মিশ্ৰণ পৃথক কৰিবলৈ এই একে নীতি ব্য়ৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে- এই প্ৰক্ৰিয়াৰে পানী আৰু তেল সিহঁতৰ মিশ্ৰণৰ পৰা পৃথক কৰিব পাৰি। যদি এনেধৰণৰ জুলীয়া পদাৰ্তৰ মিশ্ৰণ এটা লৰচৰ নোহোৱাকৈ কিছুসময় থাকিবলৈ দিয়া হয়, তেতিয়া সিহঁতে দুটা পৃথক তৰপ সৃষ্টি কৰে যিটো উপাদান ওপৰৰ তৰপৰ থাকেতাক আস্ৰকৱণ প্ৰক্ৰিয়াৰে পৃথক কৰিব পাৰি।  

  আমি আকৌ গোটা আৰু জুলীয়া পদাৰ্থ এটা মিশ্ৰমৰ থকা আলোৌচনা কৰোঁ আহা। চাহ বনোৱাৰ পিছত ইয়াৰ পাতবোৰ আঁতৰাবলৈ আমি কি কৰো? আস্ৰাৱণ প্ৰক্ৰিয়াৰ সহায় লওঁ। কিন্তু ইয়াৰ পাছতো তোমালোকে চাহকাপত কিছু চাহপাত পোৱানে? এতচিয়া চাহখনি ছেকনি ঢালি দিয়া। আটাইতকৈ চাহপাত ছেকনিখনত ৰৈ যাবনে? এই প্ৰক্ৰিয়াটোকে পৰিস্ৰাৱণ বুলি কোৱা হয়। চাহৰ পৰা চাাাহপাত পৃথক কৰিবলৈ কোনটো পদ্ধতি বেছি ভাল, আস্ৰালণ নে পৰিস্ৰাাৱণ? 

   এতিয়া, আমি ব্য়ৱহাৰ কৰা পানীত উদাহৰণটো বিবেচনা কৰোঁ আহা। আমি সকলোৱে, সকলো সময়তে খাবলৈ বিশুদ্ধ পানী পাওঁনে? কেতিয়াবা কলেৰে যোগান ধৰা পানী বোকাময় হ'ব পাৰে। পুখুৰী বা নদীৰ পৰা সংগ্ৰহ কৰা পানীও বোকাময় হ'ব পাৰে, বিশেষকৈ বৰষুণৰ পাছত। পানীত মিহলি হৈ থকা কিছুমান অদ্ৰৱণীয় অসুদ্ধি যেনে- মাটি আঁতৰাবলৈ পৃথকীকৰণৰ কিছুমান পদ্ধতি প্ৰয়োগ কৰিব পাৰি নেকি চাওঁ আহা। 

    নদী বা পুখুৰীৰ পৰা অলপমান বোকাময় পানী সংগ্ৰহ কৰা। অন্য়থাই পানীত মাটি মিহলি কৰি পানীখিনি গিলাচ এটাত লোৱা। আধা ঘন্টামান সময় গিলাচটো লৰচৰ নকৰাকৈ থাকিবলৈ দিয়া। এতিয়া পানীখিনি সাৱধানেৰে লক্ষ্য় কৰি তোমাৰ পৰ্যবেক্ষণ লিপিনদ্ধ কৰা। 

  কিছু পৰিমাণৰ মাটি  পানীৰ তলিত গোট খাইছেনে? কিয়? এই প্ৰক্ৰিয়াটোক তুমি কি ক'বা?

   এতিয়া গিলাচটো হেলনীয়াকৈ ধৰা আৰু গিলাচৰ ওপৰৰ পানীখিনি আন েটা গিলাচত বৈ যাবলৈ দিয়া। এই প্ৰক্ৰিয়াটোক  তুমি কি বুলি ক'বা

   দ্বিতীয় গিলাচটোৰ পানীখিনি এতিয়াও বোকাময় বা মুগা বৰণৰ হৈ আছেনে? এতিয়া পানীকিনি চেকি লোৱা। চাহ চেকা ছেকনিয়ে কাম কৰিছেনে? এতিয়া পানীখিনি কপোৰ এখনেৰে চেকিবলৈ চেষ্ঠা কৰা। এচুকুৰা কাপোৰৰ সূতাবিলাক মাজত ক্ষুদ্ৰ ক্ষুদ্ৰ বিন্ধা থাকে। কাপোৰখনত থকা এই বিন্ধাবিলাাক ছেকনী হিচাপে ব্য়ৱহাৰ কৰিব পাৰি। 

 যদিবে পানীখিনি এতিয়াও বোকাময় হৈ আছে, তেন্তে ইয়াতকৈও বেছি সৰু বিন্ধা থকা ছেকনী দ্বাৰা অশুদ্ধিবোৰ আঁতৰাবব পাৰি। এখন ছেকন কাগজ হ'ল এনেকুৱা এখন ছেকনী যাৰ অতিশয় ক্ষুদ্ৰ বিন্ধা থাকে। চিত্ৰ ৫.৯ত ছেকন কাগজ ব্য়ৱহাৰ লগত জড়িত পৰ্যায়সমূহ দেখুওৱা হৈছে। ভাঁজ দি শংকু আকৃতি কৰা ছেকন কাাাগজখন এটা চুপিত টানকৈ লগাই থোৱা হয়। ইয়াৰ  পাছত মিশ্ৰণখিনি ছেকন কাগজখনত ঢালি দিয়া হয়। মিশ্ৰণটো থকা গোটা পদাৰ্থবিলাক সৰকি নাযায় আৰু ছেকন কাগজখনত ৰৈ যায়। 

  ফল-মূল আৰু শাক-পাচলিৰ ৰস খোৱাৰ আগতে তাত থকা বীজ আৰু গোটা সাহ ছেকি পৃথক কৰা হয়। ঘৰত ছানা (পানীৰ) প্ৰস্তুত কৰিবলৈ পৰিস্ৰাৱণ প্ৰণালী ব্য়ৱহাৰ কৰা হয়। ছানা প্ৰস্তুত কৰোঁতে কেইটোপালমান নেমুৰ ৰস উতলি থকা গাখীৰত দিয়া তোমালোকে নিশ্চয় দেখিছা। ইয়াৰ পলত গোটা ছানা আৰু এবিধ জুলীয়া পদাৰ্থৰ এটা মিশ্ৰণ উৎপন্ন হয়। ইয়াৰ পিছত এখন মিহি কাপোৰ নাইবা ছেকনিৰে মিশ্ৰণটো ছেকি ছানাখিনি পৃথক কৰা। 

বাষ্পীভৱন

 পানী থকা বিকাৰ এটা গৰম কৰা। পানীখিনি উতলিবলৈ দিয়া। যদি তোমালোকে একেৰাহে গৰম কৰি থকা, তেতিয়া পানীখিনি ভাপলৈ পৰিৱৰ্তন হৈ সম্পূৰ্ণৰূপে নাইকিযা হৈ পৰে নেকি? এতিয়া অন্য় এটা বিকাৰত থকা পানীত দুচামুচ নিমখ মিহলোৱা আৰু ভালকৈ ঘুটা দিয়া। গুটি দিয়াৰ পাছত পানীখিনি বৰণৰ কিবা পৰিৱৰ্তন দেখিলানে? ঘুটি দিয়াৰ পাছত বিকাৰটোত নিমখ পৰি থকা দেখিছানে? নিমখ মিহলি পানী থকা বিকাৰটো গৰম কৰা। পানীখিনি উতলি নাইকিয়া হ'বলৈ দিয়া। বিকাৰটোত কি ৰৈ গ'ল? 

   এই ক্ৰিয়াকলাপত নিমখ আৰু পানীৰ মিশ্ৰণ পৃথক কৰিবলৈ আমি বাষ্পীভৱন প্ৰক্ৰিয়া প্ৰয়োগ কৰিছোঁ। 

  পানী ভাপলৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াটোকে বাষ্পীভৱন বোলে পানী য'তেই নাথাকক কিয়, তাৰ বাষ্পীভলৱন অবিৰতভাৱে চলিয়ে থাকে।                                                                                               

   তোমালোকে কেতিয়াবা ভাবি চাইছানে নিমখ আমি ক'ৰ পৰা পাওঁ? সাগৰৰ পানীত বহু ধৰণৰ নিমখ মিহলি হৈ থাকে। এএবিলাকৰ ভিতৰত এবিধ হ'লখোৱা নিমখ। তেতিয়া সাগৰৰ পানী এটা অগভীৰ গাতত স্থিৰ হৈ থাকিবলৈ দিয়া হয়, তেতিয়া পানীখিনি সূৰ্যৰ পোহৰত তপত হয় আৰু বাষ্পীভৱনৰ দ্বাৰা লাহে লাহে পানীত ভাপলৈ ৰূপান্তৰিত হয়। কিছুদিনৰ ভিতৰত পানীখিনি সম্পূৰ্ণৰূপে ভাপলৈ পৰিৱৰ্তন হয় আৰু গোটা নিমখখিনি ৰৈ যায়। ইয়াৰ পাছত নিমখৰ মিশ্ৰণৰ পৰা পুনৰ বিশুদ্ধিকৰণ দ্বাৰা খোৱা নিমখ পাব পাৰি।  

পৃথকীকৰণৰ বাবে একাধিক পদ্ধতিৰ প্ৰয়োগ

 ইতিমধ্য়ে আমি মিশ্ৰণৰ পৰা দ্ৰব্য় পৃথকীকৰণৰ কিছুমান পদ্ধতি অধ্য়য়ন কৰিলোঁ। প্ৰায়েই এটা মিশ্ৰণত থকা বিভিন্ন দ্ৰব্য়বোৰ পৃথক কৰিবলৈ এটা পদ্ধতিয়ে যথেষ্ট নহয়। এইক্ষেত্ৰত আমি এটাতকৈ অধিক পদ্ধতিৰ প্ৰয়োগ কৰিবলগীয়া হয়।

 বালি আৰু নিমখৰ এটা মিশ্ৰণ লোৱা। ইহঁতক আমি কেনেকৈ পৃথক কৰিম? আমি ইতিমধ্য়ে দেখিছে যে হাতেৰে বাছি উলিওৱা পদ্ধতিটোৰে ইহঁতক পৃথক কৰিবলৈ  পৰা নাযাব। 

  মিশ্ৰণখিনি এটা বিকাৰত ৰাখা আৰু ইয়াত অলপ পানীত ঢালি দি ভালদৰে লৰাই বিকৰটো কিছু সময়ৰ বাবে লৰচৰ নকৰাকৈ থৈ দিয়া। বালিখিনি তলিত গোটা খোৱা দেখিছানে? বালিখিনি আস্ৰাৱণ বা পৰিস্ৰাৱণৰ দ্বাৰা পৃথক কৰিব পাৰি। আস্ৰাৱিত জুলীয়া পদাৰ্থখিনিত কি থাকে? আৰম্ভণিতে মিশ্ৰণটোত থকা নিমখখিনি এটা পানীখিনিত আছে বুলি তোমালোকে ভাবানে?

   আমি এতিয়া আস্ৰাৱিত জুলীয়া পদাৰ্থখিনিৰ পৰা নিমখ আৰু পানী পৃথক কৰিব লাগে। জুলিয়া পদাৰ্থখিনি এটা কেট্লিত লোৱা আৰু ঢাকনিখন বন্ধ কৰা। কেট্লিটো কিছু সময়ৰ বাবে গৰম কৰা। কেট্লিৰ মুখেৰে যে ভাপ ওলাই আহিছে সেইটো লক্ষ্য় কৰিছানে? 

  ধাতুৰ থাল এখনত বৰফ অলপ লোৱা। চিত্ৰ ৫.১৩ ত দেখুওৱাৰ দৰে থালখন দৰে থালখন কেট্লিৰ মুখকনৰ ঠিক ওপৰত ধৰা। তোমালোকে কি দেখিলা? কেট্লিত থকা আটাইখিনি পানী উতলি নাইকিয়া হ'বলৈ দিয়া।  

  যেতিয়া পানীৰ ভাপ বৰফেৰে ঠাণ্ডা কৰা ধাতুৰ থালখনৰ সংস্পৰ্শলৈ আহে, তেতিয়া ই ঘনীভূত হয় আৰু জুলীয়া পানীৰ সৃষ্টি কৰে। থালখনৰ পৰা পৰি থকা পানীৰ টোপালবোৰ, যিবিলাক তোমালোকে দেখিছা, সেইবোৰ ভাপ ঘনীভূত হৈ সৃষ্টি হৈছে। পানীৰ ভাপ জুলীয়া পদাৰ্থলৈ পৰিৱৰ্তন হোৱাকে ঘনীভৱন বোলে। 

  গাখীৰ উতলোৱাৰ পিছত সেইখিনি ঢাকি ৰাখিবলৈ ব্য়ৱহাৰ হোৱা ঢাকনিখৰ তলফালে ঘনীভূত হোৱা পানীৰ টোপালবোৰ কেতিয়াবা দেখিছানে?

  আটাইখিনি পানী বাষ্পীভূত হোৱাৰ পাছত কেট্লিত কি থাকিল? 

 আমি এইদৰে আস্ৰাৱণ, পৰিস্ৰাৱম, বাষ্পীভৱন, ঘনীভৱন প্ৰক্ৰিয়াৰে নিমখ, বালি আৰু পানী পৃথক কৰিব পাৰোঁ.

 বালিৰ লগত মিহলি হৈ থকা নিমখখিনি পুনৰ ঘূৰাই পাবলৈ প্ৰহেলিকাই সমস্য়াৰ সম্মুখীন হৈছিল। 

 তাই এপেকেট নিমখ অলপমান বালিৰ সৈতে মিহলি কৰিছিল। তাৰ পিছত নিমখকিনি ঘূৰাই পাবলৈ তাই ক্ৰিয়াকলাপ ৭ত উল্লেখ কৰা প্ৰক্ৰিয়াটো চেষ্টা কৰি চাইছিল। যি কি নহওক, ইয়াৰ ফলত যিমানখিনি নিমখ লৈছিল, তাৰ অলপমানহে তাই গূৰাই পাবলৈ সক্ষম হ'ল। তাইৰ কিনো ভুল ৰৈ গৈছিল?  

পানীয়ে যিকোনো পৰিমাণৰ দ্ৰব্য় দ্ৰৱীভূত কৰিব পাৰেনে? 

   ৪নং পাঠত ইতিমধ্য়ে আমি পাইছোঁ যে বহুতো দ্ৰব্য় পানীত দ্ৰৱীভূত হৈ দ্ৰৱৰ সৃষ্টি কৰে। আমি কওঁ যে, এইবোৰ পানীত দ্ৰৱণীয়। এই নিৰ্দিষ্ট পৰিমাণৰ পানীত যদি আমি দ্ৰব্য় মিহলি কৰি গৈয়েই থাকোঁ, তেন্তে কি হ'ব? 

  তোমালোকক এটাৈ পাত্ৰ বা বিকাৰ, এখন চামুচ,নিমখ আৰু পানী লাগিব। বিকাৰটোত আধা কাপ পানী লোৱা। তাত এচামুচ নিমখ দি ভালকৈ ঘুটা দিয়া, যাতে নিমখখিনি সম্পূৰ্ণৰূপে দ্ৰৱীভূত হয়। আকৌ এচামুচ নিমখ দিয়া আৰু ভালকৈ ঘুটা। এচামুচ, এচামুচকৈ নিমখ দি ঘুটি থাকা।  

 এনেদৰে কেইচামুচমান নিমখ যোগ কৰাৰ পাছত কিছু নিমখ অদ্ৰৱীভূত হৈ বিকাৰৰ তলত গোট খোৱ দেখা পাইছানে? যদি পাইছা, তেনেহ'লে এইটোৱে বুজায় যে আমি লোৱা পানীখিনিত আৰু অধিক নিমখ দ্ৰৱীভূত নহয়। এই দ্ৰৱটোক সংপৃক্ত দ্ৰৱ বোলে।  

  প্ৰহেলিকাই অধিক পৰিমাণৰ নিমখৰ লগত বালি মিহলাই, নিমখখিনি ঘূৰাই পাবলৈ চেষ্টা কৰোঁতে, ক'ত ভূল হ'ল সেই কথাটো ইয়াৰ পৰাজানিব পৰা যাব। বোধহয়, সংপৃক্ত দ্ৰৱ প্ৰস্তুত কৰোঁতে প্ৰয়োজন হোৱা নিমখতকৈ বহু বেছি নিমখ আছিল। অদ্ৰৱীভূত নিমখিনি বালিৰ লগত মিহলি হৈ থাকিল আৰু তাক ঘূৰাই পোৱা নগ'ল। তাই তাইৰ সমস্য়াটো বেছি পৰিমাণৰ পানী লৈ সমাধান কৰিব পাৰি। ধৰা হওক, মিশ্ৰণটোক থকা আটাইবোৰ নিমখ দ্ৰৱীবূত হোৱাকৈ যথেষ্ট পৰিমাণৰ পানী তাইৰ নাই। এনেকুৱা কিবা উপায় আছে নেকি যাৰ সহায়ত দ্ৰৱটো সংপৃক্ত হোৱাৰ আগতে পানীতে অধিক পৰিমাণৰ নিমখ দ্ৰৱীভূত কৰিব পাৰি?  

 প্ৰহেলিকাক সহায় কৰিবলৈ চেষ্টা কৰোঁ আহা।

  এটা বিকাৰত অলপ পানী লোৱা আৰু ইয়াত নিমখ মিহলি কৰি থাকা, যেতিয়ালৈকে আৰু অধিক নিমখ দ্ৰৱীভূত নহয়। ইয়ে তোমাক নিমখ আৰু পানীৰ সংপৃক্ত দ্ৰৱ দিব। 

 এতিয়া এই সংপৃক্ত দ্ৰৱটোত অৱপমান নিমখ মিহলোৱা আৰু গৰম কৰা। তুমি কি পাবা? বিকাৰৰ তলত থকা অদ্ৰৱীভূত নিমখকিনিৰ কি হ'ল? এইখিনি এতিয়া দ্ৰৱ্য়ভূত হ'ল নেকি? যদি হয়, গৰম কৰি আৰু অধিক নিমখ দ্ৰৱীভূত কৰিব পৰা যায় নেকি? 

  এই গৰম দ্ৰৱটো ঠাণ্ডা হ'বলৈ দিয়া। বিকাৰৰ তলত নিমখখিনি আকৌ গোট খালে নেকি?                                                                     

   এই ক্ৰিয়াকলাপটোৰ পৰা বুজিব পাৰি - গৰম কৰিলে পানীত অধিক পৰিমাণৰ নিমখ দ্ৰৱীভূত হয়। 

  পানীয়ে ভিন্ ভিন্ দ্ৰৱণীয় পদাৰ্থ সমান পৰিমাণে দ্ৰৱীভূত কৰেনে? আহা আমি পৰিক্ষা কৰি চাওঁ।

  দুটা গিলাচ লোৱা আৰু প্ৰত্য়েকটোতে আধাকাপকৈ পানী ঢালা। এটা গিলাচত এচামুচ নিমখ মিহলোৱা আৰু যেতিয়ালৈকে নিমখখিনি দ্ৰৱীভূত নহয় ঘুটি থাকা। দ্ৰৱটো সংপৃক্ত নোহোৱালৈকে এচামুচ এচামুচকৈ নিমখ যোগ দি গৈ থাকা। পানীত কেইচামুচ নিমখ দ্ৰৱীভূত হ'ল সেয়া তোমলোকে তালিকা ৫.২ত লিখি থোৱা। এতিয়া, একেটা পৰীক্ষা তোমালোকে চেনিৰে পুনৰাই কৰা। পানীত দ্ৰৱীভূত হোৱা অন্য় পদাৰ্থৰেও তোমালোকে পৰীক্ষাটো কৰা।

 তালিকা ৫.২ৰ পৰা তোমালোকে কি লক্ষ্য় কৰিলা? পানীত যে ভিন্ ভিন্ পৰিমাণত দ্ৰৱীভূত  হয়, সেয়া বুজি পালানে? 

  ইতিমধ্য়ে আমি দ্ৰব্য় পৃথকীকৰণৰ কিছুমান পদ্ধতিআলোচনা কৰিলোঁ। ইয়াৰে কিছুমান পদ্ধতি বিজ্ঞানাগাৰতো প্ৰয়োগ কৰা হয়।  

  আমি শিকিলোঁ যে,জুলীয়া পদাৰ্থত দ্ৰব্য় দ্ৰৱীভূত কৰি দ্ৰৱণ বা প্ৰস্তুত কৰা হয়। যেতিয়া দ্ৰৱ এটাই ইয়াত থকা দ্ৰব্য়বোৰ অধিক পৰিমাণৰ দ্ৰৱীভূত কৰিব নোৱাৰা হয়, তেতিয়া দ্ৰৱটোক সংপৃক্ত দ্ৰৱ বোলা হয়। 



Class 6 Science 

Type: Dimi Bora