যতীন বৰা

    ১৯৭০ চনৰ ২৫ এপ্ৰিল তাৰিখে নগাওঁ জিলাৰ কচুলুখোৱা গাৱঁত জন্ম হয়। তেওঁৰ পিতৃ-মাতৃৰ নাম আছিল গকুল চন্দ্ৰ বৰা আৰু প্ৰেমলতা বৰা। তেওঁ নগাওঁ জিলাৰ মৰিকালং প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা লাভ কৰে। তাৰ পাছত তেওঁ নগাওঁ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৮৯ চনত আব্দুল মজিদে পৰিচালনা কৰা 'উত্তৰকাল' ছবিখনৰ যোগেদি তেওঁ এভিয়ন জনতত খোজ পেলায়। যতীন বৰা এজন ভাল অভিনেতাৰ লগতে এখন চলচ্চিত্ৰ পৰিচালকো। প্ৰদীপ গগৈদেৱে পৰিচলনা কৰা "আই কিল হিম ছাৰ" নামৰ ছবিখনত ১৯৯৫ চনত মুখ্য চৰিত্ৰত অভিয়ন কৰে। মুনিন বৰুৱাদেৱৰ পৰিচালিত ২০০০ চনত মুক্তি পোৱা হিয়া দিয়া নিয়া নামৰ চলচ্চিত্ৰ খনত মুখ্য চিত্ৰটিত অভিনয় কৰে। এক চলচ্চিত্ৰখনৰ বাবে তেওঁ দৰ্শকসকলৰ মাজত এক বেলেগ ধৰণৰ আসন লাভ কৰিবলৈ সক্ষম হৈছিল। যতীন বৰাই ভ্ৰাম্য়মান থিয়েটাৰতো অভিনয় কৰে। যতীন বৰাই ২০০৬ চনত "অধিনায়ক" নামৰ ছবি এখন পৰিচালনা কৰিছিল। তেওঁ ভবেন্দ্ৰ নাথ শইকীয়াৰ দ্বাৰা পৰিচালিত কালসন্ধ্য়া নমাৰ ছবি খনত অভিনয় কৰিছিল। যতীন বৰাই ২০১৯ চনত ৰত্নাকৰ নামৰ ছবিখন পৰিচালনা কৰাৰ লগতে সেইখন ছবিত মুখ্য় চৰিত্ৰত অভিনয় কৰিছিল। যতীন বৰা অসমৰ প্ৰায় সকলো লোকৰে প্ৰিয় অভিনেতা। যতীন বৰাৰ অভিয়নত প্ৰায়ভাগ দৰ্শক মোগ্ধ হোৱা দেখা যায়। 

Type: Sri Chinmay Kakati