জয়ন্ত মাধৱ বৰা

 

জয়ন্ত মাধৱ বৰা জন্ম হয় ১৯৭০ চনৰ গোলাঘাট জিলাত। তেখেতৰ পিতৃ নাম দূৰ্গাধৰ বৰুৱা আৰু মাতৃ নাম পুতু বৰা।

 জয়ন্ত মাধৱ বৰা দেওঁগাওৰ কমল দোৱাৰ মহাবিদ্যালয়ৰ পৰা তেখেতে স্নাতক ডিগ্ৰী লাভ কৰে। বিজ্ঞান স্নাতকোত্তৰ ডিগ্ৰীধাৰী জয়ন্ত মাধৱ বৰাই ডিব্ৰুগড় জিলা বিশ্ববিদ্যালয়ৰ পৰা লাভ কৰে। তেখেত বি.এড ডিগ্ৰী লাভ কৰে তেজপুৰৰ পৰা।  


গল্পকাৰ, ঔপন্যাসিক জয়ন্ত মাধৱ বৰা শিক্ষা বিভাগৰ এগৰাকী বিষয়া। বৰ্তমান অসম সচিবালৰ, দিছপুৰত কৰ্মৰত। এতিয়ালৈকে তেখেতৰ ৮ খন গল্প সংকলন, ১৩ খন উপন্য়াস, ২ খন গৱেষণামূলক গ্ৰন্থ, ৫ খন অনুবাদ গ্ৰন্থ, ৫ খন শিশু গ্ৰন্থ প্ৰকাশ পাইছে। ইয়াৰ উপৰিও ৩ খন গ্ৰন্থ সম্পাদনা কৰিছে, ৩ খন আলোচনী আৰু সাতখন স্মৃতিগ্ৰন্থ সম্পাদনা কৰিছে। অনাঁতাৰ কেন্দ্ৰ যোগে ৬ খন নাটক আৰু বহু কথিকা, গুৱাহাটী দূৰদৰ্শন আৰু ব্যক্তিগত চেনেল যোগে জয়ন্ত মাধৱ বৰা কাহিনী আৰু চিত্ৰনাট্যৰ ৬৪ খন ধাৰাবাহিক আৰু ১২ খন তথ্যচিত্ৰ প্ৰচাৰিত হৈছে। ১খন চলচ্চিত্ৰৰ চিত্ৰনাট্য কৰিছে। বাতৰি কাকত, গল্প, আলোচনীত বহু প্ৰবন্ধ, গল্প উপন্য়াস প্ৰকাশিত হৈ থাকে। জিলা প্ৰাথমিক শিক্ষা আঁচনি আৰু সৰ্বশিক্ষা অভিযানত কৰমৰত অৱস্তাত শিক্ষা বিভাগৰ বহু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰত গৱেষমা পত্ৰ পাঠ কৰিছে।  

Nayan Jyoti Bordoloi


জয়ন্ত মাধৱ বৰাৰ বিষয়ে কিছু প্ৰশ্ন উত্তৰ