মণিৰাম দেৱান


  • মণিৰাম দেৱান
    মণিৰাম দেৱান
  • জন্মঃ ১৮০৬ চনৰ ২৭ এপ্ৰিল শিৱসাগৰ জিলাত 
    মাতৃ নামঃ মুক্তিয়াৰ ৰামদত্ত 
    মাতৃ নামঃ কৌশিল্যা






    কৰ্মজীৱনঃ-

        ১৮৫৭ চনৰ বিদ্রোহত অসমৰ যি ভূমিকা তাৰ নায়ক আছিল মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱা দেৱান, চমুকৈ মণিৰাম দেৱান। মণিৰাম দেৱান চতুৰ আৰু ৰাজনৈতিক তথা প্রশাসনিক দক্ষতা সম্পন্ন ব্যক্তি আছিল। আৰম্ভণিতে তেওঁ এজন ইংৰাজ অনুৰাগী আছিল যদিও ইংৰাজৰ বৈষম্যমূলক নীতিৰ নিজেই এজন ভূক্তভােগী হােৱা হেতুকে শেষলৈ ইংৰাজ বিদ্বেষী হৈ পৰে । মণিৰাম দেৱানে ইংৰাজৰ অধীনৰ দেৱানৰ চাকৰি ইস্তফা দি যােৰহাটৰ ওচৰৰ চিনামৰা’আৰু‘চেলেঙ’ত নিজাকৈ দুখন চাহ বাগিচা খুলি প্ৰথম অসমীয়া তথা ভাৰতীয় চাহ খেতিয়ক হিচাপে প্রতিষ্ঠা লাভ কৰে । মণিৰামৰ এই ব্যৱসায় সহজভাৱে নলৈ ইংৰাজে বিভিন্ন প্রকাৰে তেওঁক হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু অসমৰ জনসাধাৰণৰ স্বার্থ ৰক্ষা কৰিবলৈ অসমত পুনৰ কন্দপেশ্বৰ সিংহৰ অধীনত আহােম শাসন বিচাৰি মণিৰাম দেৱানে ইংৰাজৰ ওচৰত কৰা চেষ্টা অথলে যােৱাত অৱশেষত ১৮৫৭ চনৰ বিদ্ৰোহৰ সুযােগ গ্রহণ কৰি অসমতাে সশস্ত্র সংগ্রাম প্রস্তুতি চলালে। এই উদ্দেশ্যে তেওঁ কলিকতাৰ পৰা পিয়লি বৰুৱা, কন্দপেশ্বৰ সিংহ প্রমুখ্যে অন্যান্য সহযােগীসকলৰ লগত যােগাযােগ কৰি বিদ্ৰোহৰ প্রস্তুতি চলাবলৈ আহ্বান জনালে । অসমত ইতিমধ্যেই অসন্তুষ্ট হৈ থকা বিভিন্ন শ্রেণীৰ লােকক সংগঠিত কৰাত একো অসুবিধাইনহ'ল । চাৰিং ৰজা কর্পেশ্বৰ সিংহৰ বাসভৱন গােপন আলােচনাৰ কেন্দ্ৰ হৈ পৰিল । কিন্তু আঁচনি মতে কাম নহ'ল । প্রস্তুতি ভালেখিনি আগবঢ়াৰ সময়তে মণিৰাম দেৱানৰ বিদ্রোহ সম্পৰ্কীয় কিছুমান নথি-পত্ৰ ইংৰাজৰ হাতত পৰাত তৎকালীনভাৱে মণিৰাম দেৱান আৰু তেওঁৰ সহযােগীসকলক আটক কৰা হ'ল। কোনাে আত্মপক্ষ সমর্থনৰ সুযােগ নিদিয়াকৈ মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যােৰহাটত ফাঁচি দিলে। বয়স কম হােৱা বাবে কন্দপেশ্বৰ সিংহক পিছত মুকলি কৰি এটা পেন্সন দি গুৱাহাটীত আৱদ্ধ কৰি ৰাখে। অন্য কিছুমানক আজীৱন কাৰাবন্দী কৰি ৰাখিলে, বহুতকে সশ্রম কাৰাদণ্ড বিহা হ'ল আৰু আন কিছুমানৰ সম্পত্তি বাজেয়াপ্ত কৰি পেন্সন ৰদ কৰিলে।

    Nayan Jyoti Bordoloi

    Class 8 Social Science Book (কিতাপৰ) পৰা তুলি লোৱা হৈছে।