মৰম দিলি চেনেহ দিলি বাটতে লগ পাই


পিছে মই ষোল্ল বছৰত ভৰি দিয়া নাই

নাজানো ভালপোৱা কি

নুবুজো প্ৰেম মানে কি

এনে কথা নকবি দুনাই

মই ষোল্ল বছৰত ভৰি দিয়া নাই

মৰম দিলি...।

নাজাননে আইৰে ঘৰৰ মই নুমলী জী

মোৰ নাম ৰাংঢালী আজলী ছোৱালী

ফাগুনৰে মই পছোৱা উৰণীয়া বা

সপোনৰে ৰাজকুঁৱৰী মোৰ জীৱন অসাৰ

এনে কথা নকবি দুনাই

মই ষোল্ল বছৰত ভৰি দিয়া নাই

মৰম দিলি চেনেহ দিলি...।

তোলৈ চাই চাই কিয় মোৰ লাজে লাগি যায়

যৌৱনৰে ৰদ-কাঁচলিত অগনি জ্বলাই

হাগৰে মই নাচনী তই যে ঢুলিয়া

নেমাতিবি সোণ বুলি মোক মন হয় বলিয়া

কাষলে তই নাহিবি সদায়

মই ষোল্ল বছৰত ভৰি দিয়া নাই ।।