সত্যনাথ বৰা
Satyanath Bora
সত্যনাথ বৰা (১৮৬০-১৯২৫

 সূচীপত্ৰ

১। চমু পৰিচয়

২। জন্ম

৩। শিক্ষা

৪। কৰ্ম জীৱন

৫। ব্যক্তিগত জীৱন

৬। মৃত্যু

৭। গ্ৰন্থ সমূহ

৮। সন্মান

৯। তথ্য সংগহ





চমু পৰিচয়
সত্যনাথ বৰা জন্ম হয় ১৮৬০ চনৰ গুৱাহাটীত ভৰলুমুখত। তেখেতৰ পিতৃ নাম হৈছে দয়ানাথ বৰা আৰু মাতৃ নাম হৈছে অময়া। 

শিক্ষাঃ-
গুৱাহাটীত সত্যনাথ বৰা শিক্ষা লাভ কৰিছিল। সৰু কালতে তেওঁ পিতৃ মাতৃক হেৰুৱাই খুৰাকৰ তত্তাৱধানত তেখেত শিক্ষা লাভ কৰে। তেখেতে উচ্চ শিক্ষা কলিকতাত গ্ৰহণ কৰে। তাৰ পাছত তেখেতে এফ.এ পৰীক্ষা পাছ কৰে চিটি কলেজৰ পৰা। ১৮৮৯ চনত তেখেতে বি. এ পৰীক্ষাত উত্তীৰ্ণ হয়। 

কৰ্মজীৱন
সত্যনাথ বৰাই শিক্ষা শেষ কৰি গুৱাহাটীলৈ আহি ওকালতি আৰম্ভ কৰে আৰু তাৰ পাছত সাময়িকভাৱে আৰ্ল.ল কলেজতো আৰম্ভ কৰে। কিছুদিন তেখেতে কটন কলেজতো অধ্যপনা কৰিছিল।  

ৰচিত পুথিসমূহঃ-
 সত্যনাথ বৰাই ছাত্ৰৱস্থাৰ পৰা সাহিত্য-চৰ্চাত মনোনিৱেশ কৰি প্ৰথমে গীত আৰু ভালেমান খুহুটীয়া কবিতা ৰচনা কৰিছিল।  কিন্তু তেখেতৰ খ্য়াতি প্ৰৱন্ধকাৰ আৰু ব্যাকৰণবিদ হিচাপেহে। 'সাৰথি ব্যাকৰণ' 'চিন্তাকলি' প্ৰবন্ধবোৰ তেখেতক এগৰাকী শক্তিশালী গদ্য লেখক হিচাপে প্ৰতিষ্ঠা কৰিছে। 'বহল ব্যাকৰণ' তেখেতৰ অসমীয়া ভাষা জ্ঞানৰ উজ্জল নিৰ্দশন। ইয়াৰ উপৰিও তেখেতৰ আন দুখন গ্ৰন্থ হ'ল 'সাহিত্য বিচাৰ' আৰু 'আকাশ ৰহস্য'। 'জোনাকী', 'বিজুলী', 'আসাম বন্ধু', 'বাঁহী' আদি সমসাময়িক আলোচেনীত তেখেতে প্ৰবন্ধ পাতি লিখিছিল। ১৮৯৯ চনত তেখেত 'জোনাকী' কাকতৰ সম্পাদক আছিল। 'আকাশ ৰহস্য', 'সাহিত্য বিচাৰ', 'কেন্দ্ৰসভা', আদি গ্ৰন্থ  ৰচনাৰ কৰিছিল। তেখেতৰ গীতৰ পুথিখনৰ নাম 'গীতাৱলী'। সত্যনাথ বৰাই লিখা প্ৰৱন্ধ আৰু পুথিসমূহত কথাশৈলীৰ বিশেষত্ব মন কৰিবলগীয়া। তদুপৰি, তেখেতৰ ভাষাশৈলীৰ মাজত নতুন চিন্তা উন্নেষ লক্ষণীয়। 



Nayan Jyoti Bordoloi.
(Morigaon, Assam)



Post ID : DABP004245