ছেৰছাহ


১৪৭২ খ্ৰীঃ পঞ্জাৱত ছেৰছাহৰ জন্ম হৈছিল। তেওঁ দিল্লীত শূৰবংশ প্ৰতিষ্ঠা কৰে। অদম্য সাহস আৰু বিচক্ষণতাৰ গুণত এজন সাধাৰণ আফগান জায়গীৰদাৰৰ পুত্ৰ ছেৰছাহে পিছলৈ দিল্লীৰ শাসনকৰ্তা হৈ ভাৰতৰ ইতিহাসত নিজৰ নাম উজ্জল কৰি থৈ গৈছে। ১৫৩৯ খ্ৰীঃত চৌচাৰ যুদ্ধত দ্বিতীয় মোগত সম্ৰাট হুমায়ুনক পৰাস্ত কৰি আগ্ৰা আৰু দিল্লীৰ দখল কৰি তেওঁ দিল্লীৰ চুলতান হয়। মাত্ৰ পাঁচ বছৰ ৰাজত্ব কৰা ছেৰছাহৰ ৰাজত্ব কাল ভাৰতৰ ইতিহাসত এক যুগান্তকাৰী সময়। সামৰিক শাসন, প্ৰশাসনিক ব্যৱস্তা, ধৰ্ম নীতি, ভূমিনীতি, অৰ্থনীতি, মুদ্ৰা ব্যৱস্থা, শুল্ক ব্যৱস্থা, বেহা-বেপাৰ, ডাক ব্যৱস্থা সকলো দিশতে ছেৰছাহে এক বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিছিল। বিশেষকৈ পুলিচ সেৱা প্ৰৱৰ্তন, কৰ বিষয়া নিয়োগ, ভূমিৰ পট্টা প্ৰদান, ৰূপৰ মুদ্ৰা 'ৰূপী'ৰ প্ৰচলন, গ্ৰেণ্ড ট্ৰাংক ৰোড নিৰ্মাণ, ডাক ব্যৱস্থা ঘোৰাৰ প্ৰয়োগ তেওঁ  শাসন কালৰ অন্যতম কীৰ্তি। 




Nayan Jyoti Bordoloi

( Morigaon Assam)




Post ID : DABP004273