দশম অধ্যায়  

তৰংগ পোহৰবিজ্ঞান   

নুশীলনী

10.1 বায়ুৰ পৰা পানীৰ পৃষ্ঠত তৰংগদৈৰ্ঘ্যৰ একবৰ্ণী পোহৰ আপতিত হৈছে । (a)প্ৰতিফলিত, আৰু (b)প্ৰতিসৰিত পোহৰৰ তৰংগদৈৰ্ঘ্য, কম্পনাংক আৰু দ্ৰুতি কিমান? পানীৰ প্ৰতিসৰাংক 1.33

10.2 তলত উল্লেখ কৰা প্ৰতিটো ক্ষেত্ৰতে তৰংগসন্মুখটোৰ আকৃতি কেনে হব লিখাঃ-

(a)বিন্দু-উৎস এটাৰ পৰা অপসাৰী পোহৰ ।

(b)উত্তল লেন্স এখলৰ ফকাছত স্থাপন কৰা বিন্দু উৎসৰ পৰা পোহৰ লেন্সত আপতিত হোৱাৰ পিছত লেন্সখনৰ আনটো ফালেৰে নিৰ্গমন ঘটা পোহৰ ।

(c)দূৰণিৰ তৰা এটাৰ পৰা অহা পোহৰৰ তৰংগসন্মুখ এটাৰ যিটো অংশ পৃথিৱীত পৰে সেই অংশ ।

10.3 (a)কাঁচৰ প্ৰতিসৰাংক 1.5 কাঁচত পোহৰৰ দ্ৰুতি কিমান ? (বায়ুশূন্য স্থানত পোহৰৰ দ্ৰুতি

(b)কাঁচৰ মাজেৰে যাওঁতে পোহৰৰ ৰঙৰ ওপৰত তাৰ দ্ৰুতি নিৰ্ভৰ কৰে নে নকৰে ? যদি কৰে ৰঙা আৰু বেঙুনীয়াৰ মাজত কোনবিধ ৰঙৰ পোহৰৰ দ্ৰুতি কম ?

10.4 ইয়ঙৰ দ্বি-ছিদ্ৰ পৰীক্ষাত ছিদ্ৰ দুটাৰ মাজৰ ব্যৱধান 0.28mm আৰু পৰ্দ্দাখনৰ দূৰত্ব 1.4m কেন্দ্ৰীয় উজ্জ্বল পটিটোৰ পৰা চতুৰ্থ উজ্জ্বল পটিটোৰ দূৰত্ব 1.2cm পৰীক্ষাটোত ব্যৱহাৰ কৰা পোহৰৰ তৰংগদৈৰ্ঘ্য নিৰ্ণয় কৰা ।

10.5 ইয়ঙৰ দ্বি-ছিদ্ৰ পৰীক্ষা এটাত λ তৰংগদৈৰ্ঘ্যৰ একবৰ্ণী পোহৰ ব্যৱহাৰ কৰা হৈছে । পৰ্দ্দাৰ এটা বিশেষ বিন্দুত সমাৰোপণ ঘটা তৰংগ দুটাৰ পথ পাৰ্থক্য । সেই বিন্দুত লব্ধ তীব্ৰতা k একক । যদি আন এটা বিন্দুত পথ পাৰ্থক্য λ3 হয় তেন্তে সেই বিন্দুত লব্ধ তীব্ৰতা কিমান হ?

10.6 ইয়ঙৰ দ্বি-ছিদ্ৰ পৰীক্ষা এটাত সমাৰোপণ চানেকি গঠন কৰিবলৈ 650nm আৰু 520nm তৰংগদৈৰ্ঘ্যৰ পোহৰ থকা এটা যৌগিক ৰশ্মিপুঞ্জ ব্যৱহাৰ কৰা হল ।

(a)650nm তৰংগদৈৰ্ঘ্যৰ বাবে গঠিত চানেকিটোৰ কেন্দ্ৰীয় উজ্জ্বল পটিটোৰ পৰা তৃতীয় উজ্জ্বল পটিটোৰ দূৰত্ব নিৰ্ণয় কৰা ।

(b)কেন্দ্ৰীয় উজ্জ্বল পটিটোৰ পৰা কি নিম্নতম দূৰত্বত দুয়োবিধ পোহৰৰ উজ্জ্বল পটি ওপৰা-উপৰিকৈ পৰিব ?

10.7 দ্বি-ছিদ্ৰ পৰীক্ষা এটাত ছিদ্ৰৰ পৰা 1m আঁতৰত থকা দৰ্দ্দাত গঠন হোৱা পটি এটাৰ কৌণিক বেধ 0.20 পোৱা গ’ল । পৰীক্ষাত ব্যৱহাৰ কৰা পোহৰৰ তৰংগদৈৰ্ঘ্য 600 nmএইবাৰ গোটেই যন্ত্ৰটো পানীত বুৰাই লৈ পৰীক্ষাটো পুনৰকৈ কৰিলে পটিটোৰ কৌণিক বেধ কিমান পোৱা যাব ? পানীৰ প্ৰতিসৰাংক 4/3 বুলি ধৰিবা ।

10.8 বায়ু-কাঁচ সন্ধিতলৰ বাবে ব্ৰুষ্টাৰ কোণটো কিমান হ? (কাঁচৰ প্ৰতিসৰাংক = 1.5)

10.9 সমতল প্ৰতিফলক পৃষ্ঠ এখনত 5000Å তৰংগদৈৰ্ঘ্য পোহৰ আপতিত হয় । প্ৰতিফলিত পোহৰৰ তৰংগদৈৰ্ঘ্য আৰু কম্পনাংক কিমান ? কি আতপন কোণৰ বাবে প্ৰতিফলিত ৰশ্মি আপতিত ৰশ্মিৰ লম্ব দিশত থাকিব ?

10.104mm ছিদ্ৰমুখ আৰু 400nm তৰংগদৈৰ্ঘ্য পোহৰৰ ক্ষেত্ৰত কি দূৰত্বৰ বাবে পোহৰৰ তৰংগক ৰশ্মি বুলি গণ্য কৰিব পৰা যাব ?

 

অতিৰিক্ত অনুশীলনী

10.11 তৰা এটাত থকা হাইড্ৰ’জেনে বিকিৰণ কৰা 6563 Å তৰংগদৈৰ্ঘ্য Ha ৰেখাডাল পৃখিৱীৰ পৰা পৰ্য্যৱেক্ষণ কৰাত ৰেখাডাল বৰ্ণালীৰ ৰঙা প্ৰান্তৰ ফালে 15Å স্থানান্তৰিত হোৱা দেখা গ’ল । তৰাটো পৃথিৱীৰ পৰা আঁতৰলৈ গৈ থকাৰ বেগ নিৰ্ণয় কৰা ।

10.12 পোহৰৰ কণিকা তত্ত্বই কেনে ধৰণৰ যুক্তিৰে পানীৰ দৰে মাধ্যম এটাতদ পোহৰৰ বেগ শূন্যস্থানত তাৰ বেগতকৈ অধিক হয় বুলি সিদ্ধান্ত আগবঢ়াইছিল ব্যাস্যা কৰা । পানীত পোহৰৰ বেগ নিৰ্ণয় কৰা পৰীক্ষাই এই সিদ্ধান্ত শুদ্ধ বুলি সাব্যষ্ট কৰিছে নেকি ? যদি নাই কৰা তেন্তে পোহৰৰ কি বিকল্প তত্ত্বই পৰীক্ষামূলক ফলাফলক সমৰ্থন কৰে ?

10.13 তোমালোকে পাঠ্যপুথিত ইতিমধ্যে পঢ়িছা কেনেকৈ হাইজেন্সৰ নীতিৰ পৰা প্ৰতিফলন আৰু প্ৰতিসৰণৰ নীতিকেইটা সাব্যষ্ট কৰিব পৰা যায় । একেটা নীতি ব্যৱহাৰ কৰি পোনপটীয়াকৈ দেখুওৱা যে সমতল দাপোণ এখনৰ সন্মুখত বিন্দু আকৃতিৰ লক্ষ্যবস্তু এটা থলে দাপোণে তাৰ অসৎপ্ৰতিবিম্ব গঠন কৰে, আৰুদাপোণৰ পৰা প্ৰতিবিম্বৰ আৰু লক্ষ্যবস্তুৰ দূৰত্ব পৰস্পৰ সমান ।

10.14 তৰংগৰ দ্ৰুতিৰ ওপৰত প্ৰভাৱ পেলাব পৰা কেইটামান সম্ভাব্য কাৰকৰ তালিকা এখন তলত দিয়া ধৰণে লিখা হৈছেঃ—

(i)উৎসৰ প্ৰকৃতি

(ii)তৰংগ সঞ্চাৰণ দিশ

(iii)উৎস আৰু / অথবা পৰ্য্যৱেক্ষকৰ গতি

(iv)তৰংগদৈৰ্ঘ্য

(v)তৰংগ তীব্ৰতা

ওপৰোক্ত কোনটো / কোনবোৰ কাৰকৰ ওপৰত-যদি প্ৰকৃততে তেনে কাৰকৰ উল্লেখ আছে—

(a)শূন্যস্থানত পোহৰৰ দ্ৰুতি,

(b)কোনো মাধ্যমত(ধৰা কাঁচ অথবা পানীত)পোহৰৰ দ্ৰুতি, নিৰ্ভৰ কৰে ?

10.15 তলত উল্লেখ কৰা পৰিস্থিতি দুটাৰ ক্ষেত্ৰতঃ—

(i)উৎস স্থিৰ; পৰ্য্যৱেক্ষক গতিশীল, আৰু

(ii)উৎস গতিশীল; পৰ্য্যৱেক্ষক স্থিৰ

     শব্দ তৰংগৰ ডপলাৰ প্ৰভাৱৰ ফলত হোৱা শব্দৰ কম্পনাংকৰ পৰিৱৰ্তনৰ সূত্ৰ দুটা পৰস্পৰৰ সৈতে কিছু ভিন্ন । পিচে শূন্যস্থানত পোহৰ তৰংগৰ বাবে ডপলাৰ প্ৰভাৱৰ প্ৰকৃত সূত্ৰ এই দুয়োটা পৰিস্থিতিৰ বাবে সাইলাখ একে ।এনে কিয় হয় ব্যাখ্যা কৰা । শূন্যস্থানৰ পৰিৱৰ্তে কোনো মাধ্যমৰ মাজেৰে গতি কৰা পোহৰৰ ক্ষেত্ৰতো সূত্ৰ দুটা একে হব পাৰে বুলি ভাবা নেকি ?

10.16 দ্বি-ছিদ্ৰ পৰীক্ষা এটাত ব্যৱহাৰ হোৱা পোহৰৰ তৰংগদৈৰ্ঘ্য হ600nm ছিদ্ৰদ্বয়ৰ পৰা বহু দূৰত স্থাপন কৰা পৰ্দ্দা এখনত গঠিত সমাৰোপণ পটিৰ কৌণিক ব্যৱধান হ0.10 ছিদ্ৰদ্বয়ৰ মাজৰ ব্যৱধান কিমান ?

10.17 তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়াঃ—

(a)একক ছিদ্ৰ অপৱৰ্তন পৰীক্ষা এটাত ছিদ্ৰটোৰ বেধ পূৰ্বৰ তুলনাত দুগুণ কৰা হল । ইয়াৰ ফলত কেন্দ্ৰীয় অপৱৰ্তন পটিটোৰ বেধ আৰু উজ্জ্বলতাৰ ওপৰত কি প্ৰভাৱ পৰিব ।

(b)দ্বি-ছিদ্ৰ পৰীক্ষাত প্ৰতিটো ছিদ্ৰৰ পৰা হোৱা অপৱৰ্তনৰ সৈতে সমাৰোপণ চানেকি কি ধৰণে জড়িত ?

(c)দূৰৈৰ উৎস এটাৰ পৰা অহা পোহৰৰ বাটত বৃত্তাকাৰ আকৃতিৰ অস্বচ্ছ আৰু ক্ষুদ্ৰ আকাৰৰ বস্তু এটা স্থাপন কৰিলে বস্তুটোৰ ছঁৰ মাজ অংশত পোহৰ দেখা যায় । কিয় এনে হয় ব্যাখ্যা কৰা ।

(d)10m উচ্চতাৰ কোঠা এটাক 7m উচ্চতাৰ বেৰ এখনে দুটা প্ৰকোষ্ঠত বিভক্ত কৰে । প্ৰতিটো প্ৰকোষ্ঠত একোজন ছাত্ৰ আছে । পোহৰ আৰু শব্দ, উভয় প্ৰকাৰৰ তৰংগই যদি বাধাৰ কাৰণেৰে বক্ৰভাৱে অগ্ৰসৰ হব পাৰে তেন্তে ছাত্ৰ দুজনে পৰস্পৰৰ মাত-কথা শুনিবলৈ পায় যদিও দুয়ো দুয়োকে দেখা নাপায় কিয় ?

(e)পোহৰৰ সৰলৰৈখিক গতিয়েই হল ৰশ্মি পোহৰবিজ্ঞানৰ ভেঁটি । আনহাতে অপৱৰ্তন পৰিঘটনাই এই সৰলৰৈখিক গতিৰ ধাৰণাক নসাৎ কৰেসেয়ে হলেও আলোকযন্ত্ৰই গঠন কৰা বস্তুৰ প্ৰতিবিম্বকে ধৰি আমাৰ দৈনন্দিন জীৱনৰ পোহৰ সম্পৰ্কীয় বহু ঘটনাই পোহৰক ৰশ্মি হিচাপে ধৰি লৈ ব্যাখ্যা কৰা হয় । ইয়াৰ যুক্তিযুক্ততা কি ?

10.18 দুটা পকী স্তম্ভ দুখন পাহাৰৰ চূড়াত অৱস্থিত; আৰু স্তম্ভ দুটাৰ মাজৰ ব্যৱধান 40 km স্তম্ভ দুটা সংযোগকাৰী কাল্পনিক, আনুভূমিক ৰেখাডাল এই দুই পাহাৰৰ ঠিক সোঁমাজত থকা আন এখন পাহাৰৰ টিঙৰ পৰা 50 m উচ্চতাত থাকে । এই দুই স্তম্ভৰ মাজৰ অংশটোৰে বিশেষ অপৱৰ্তিত নোহোৱাকৈ প্ৰেৰণ কৰিব পৰা ৰেডিঅ’ তৰংগৰ সৰ্বোচ্চ তৰংগদৈৰ্ঘ্য কিমান হ’ব পাৰে ?

10.19 ঠেক ৰেখাছিদ্ৰ এটাত 500 nm তৰংগদৈৰ্ঘ্যৰ পোহৰৰ সমান্তৰাল ৰশ্মিপুঞ্জ এটা আপতিত হয় । সৃষ্টি হোৱা অপৱৰ্তন চানেকিটো ছিদ্ৰৰ পৰা 1 m দূৰত্বত থকা পৰ্দ্দা এখনত পৰিবলৈ দিয়া হল । দেখা গল যে চানেকিটোৰ প্ৰথম অন্ধকাৰ পটিটো পৰ্দ্দাৰ মাজ অংশৰ পৰা 2.5mm দূৰত্ব অৱস্থিত । ৰেখাছিদ্ৰটোৰ বেধ নিৰ্ণয় কৰা ।

10.20 তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়াঃ—

(a)টেলিভিছন ছাই থকা অৱস্থাত যদি কম উচ্চতাৰে উৰি অহা বিমান এখন এপৰেৰে পাৰ হৈ যায় তেন্তে টেলিভিছনৰ পৰ্দ্দাখনত মৃদু কঁপনিৰ সৃষ্টি হয় । ইয়াৰ এটা সম্ভাব্য ব্যাখ্যা আগবঢ়োৱা ।

(b)আমি ইতিমধ্যে পঢ়ি আহিছো যে অপৱৰ্তন আৰু সমাৰোপণ চানেকিৰ তীব্ৰতাৰ বণ্টনৰ ভিত্তি হল তৰংগ সৰণৰ(wave displacement)ৰৈখিক অধ্যাৰোপণৰ(linear superposition)নীতি । এই নীতিটোৰ যুক্তিযুক্ততা কোনখিনিত ?

10.21 একক ছিদ্ৰ অপৱৰ্তন চানেকিৰ গাণিতিক আলোচনাত উল্লেখ কৰা হৈছিল যে n λ a কোণবোৰত পোহৰৰ তীব্ৰতা শূন্য হয় । ছিদ্ৰটো প্ৰয়োজনীয় ধৰণে ক্ষুদ্ৰতৰ অংশত বিভক্ত কৰি কেনেকৈ এটা তৰংগই আন এটাক প্ৰশমিত কৰি ওপৰোক্ত কোণবোৰত অন্ধকাৰ পটি গঠন কৰিব যুক্তিসহ বৰ্ণনা কৰা ।

 

Type :  Madhushmita Hazarika 




Post ID : DABP003999