দশম অধ্যায়
পোহৰ তৰংগ
অনুশীলনী
১০.১. বায়ুৰ পৰা পানীৰ পৃষ্ঠত তৰংগদৈর্ঘ্যৰ 589 nm একবর্ণী পোহৰ আপতিত হৈছে। (a) প্রতিফলিত, আৰু (b) প্রতিসৰিত পোহৰৰ তৰংগদৈর্ঘ্য, কম্পনাংক আৰু দ্রুতি কিমান? পানীৰ প্ৰতিসৰাংক 1.33।
উত্তৰঃ ইয়াত,
(1)
উত্তৰঃ
১। তৰংগ
মুখ কি?
উত্তৰঃ একে দশাত দুলি থকা বিন্দু সমূহৰ কক্ষপথক তৰংগমুখ
বোলে।
২। সমাৰোপন আৰু
অপৱৰ্তনৰ পাৰ্থক্য লিখা।
উত্তৰঃ (i)
উজ্জ্বল পটিবোৰৰ প্ৰাৱল্য সমাৰোপনত একে হয় কিন্তু অপবৰ্তনত
একে নহয়
(ii) সমাৰোপনত
ছিদ্ৰ দুটা কিন্তু অপবৰ্তনত এটা।
৩। তৰংগৰ অপৱৰ্তন কি?
উত্তৰঃ কোনো ছিদ্র বা বাধাৰ মাজেৰে পোহৰ পাৰ হৈ যাওঁতে ই জ্যামিতিক ছাঁ। প্ৰৱেশ কৰে। এই পৰিঘটনাক অপবর্তন বোলে।
৪। বিভেদন ক্ষমতা মানে কি?
উত্তৰঃ ওচৰা-ওচৰিকৈ থকা দুটা বস্তুৰ প্ৰতিবিম্ব স্পষ্টভাৱে পৃথক কৰি দেখুৱাব পৰা ক্ষমতাক বিবর্ধন ক্ষমতা বোলে।
৫। কেৱল অনুপ্রস্থ তৰংগৰহে অপৱৰ্তন হয় কিয়? কাৰণ দর্শোৱা।
উত্তৰঃ সমবৰ্তনত আলোক অক্ষই ইয়াৰ লম্বভাৱে থকা উপাংশক বাধা দিয়ে। যিহেতু
অনুপ্রস্থ তৰংগৰ কম্পন গতিৰ লম্ব দিশত হয় সেইবাবে ই সমবর্তন দেখুৱায়।
৬। অসমবর্তিত পোহৰ তৰংগ কি?
উত্তৰঃ পোহৰৰ কম্পন দুটা পৰস্পৰ লম্ব দিশত থাকিলে ইয়াক অসমবর্তিত পোহৰ বোলে।
৭। এটা স্বচ্ছ মাধ্যমত অসমবর্তিত পোহৰ আপতিত হয়। আপতিত পোহৰৰ কি কোণৰ বাবে
প্রতিফলিত ৰশ্মি সমবর্তিত হ'ব?
উত্তৰঃ সমবৰ্তন কোণ।
৮। পোহৰ
ৰশ্মি কি?
উত্তৰঃ তৰংগৰ গতিৰ দিশত তৰংগমুখৰ লম্ব ভাবে টনা ৰেখাক পোহৰ
ৰশ্মি বোলে।
১০। সমাৰোপনৰ এটা চৰ্ত্ত লিখা।
উত্তব: উৎস দুটা সংসক্ত হ'ব লাগিব।
১১। সমবর্তক কি?
উত্তৰঃ সমবর্তিত পোহৰ সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা পদ্ধতিক সমবর্তক বোলে।
১২। দুটা ছিদ্র 1 মিঃ মিঃ দূৰত্বত ৰাখি পৰ্দ্দা এখন কিছু দূৰত্ব ৰখা হ'ল। এতিয়া ছিদ্র দুটা 500 নেন’ মিটাৰ তৰংগ দৈর্ঘ্যৰ পোহৰেৰে আলোকিত কৰাত, পদাখনত পটিৰ ব্যৱধান 0.5 মিঃ মিঃ পোৱা গ'ল। ছিদ্র আৰু পৰ্দাৰ মাজৰ দূৰত্ব কিমান?
চমু
প্ৰশ্নোত্তৰ
১। হাইজেন্সৰ তত্বৰ সহায়ত পোহৰৰ প্ৰতিফলন ব্যাখ্যা
কৰা।
উত্তৰঃ ধৰা হ'ল
সমান্তৰাল ৰশ্মি এটাৰ বাবে AB তৰংগমুখ XY পৃষ্ঠত আপতিত হৈছে আৰু XY ৰ বিভিন্ন অংশত আপতিত হয়। কোনো
মুহুর্তত C ৰ পৰা অহা গৌণ তৰংগৰ আকৃতি
শূণ্য হ'ব। এই সময়তে, হাইজেনৰ
নীতিমতে, A ৰ পৰা AD ব্যাসাৰ্দ্ধত
তৰংগমুখৰ সৃষ্টি হয়। প্ৰতিফলিত তৰমুখৰ অৱস্থান নিৰ্ণয়ৰ বাবে A ক কেন্দ্ৰ আৰু BC ক ব্যাসার্দ্ধ হিচাবে লৈ এটা
গোলক অংকণ কৰা হ'ল। C ৰ মাজেৰে গোলকটোক D বিন্দুত স্পৰ্শ কৰা স্পর্শক ডালে
প্রতিফলিত তৰংগমুখক বুজাব।
গতিকে EA আপতিত ৰশ্মিৰ বাবে AD প্ৰতিফলিত ৰশ্মি।
২। সমাৰোপন আৰু অপবৰ্তনৰ দুটা গুৰুত্বপূৰ্ণ
পাৰ্থক্য লিখা।
উত্তৰঃ সমাৰোপন আৰু অপবৰ্তনৰ দুটা
গুৰুত্বপূৰ্ণ পাৰ্থক্য হ’ল –
|
সমৰোপন |
অপবৰ্তন |
|
(i) উজ্জবল পটিৰ বেধ সমান। |
(i) উজ্জ্বল পটিৰ বেধ সমান নহয়। |
|
(ii) আন্ধাৰ পটিৰ প্ৰাৱল্য শূন্য। |
(ii) আন্ধাৰ পটি সম্পূৰ্ণ আন্ধাৰ নহয়। |
৩। টুমেলিনৰ দ্বাৰা সমবৰ্তন কি দৰে হয়?
উত্তৰঃ সাধাৰণতে পোহৰৰ কম্পন চাৰিও
দিশত হয়। যেতিয়া এই পোহৰ টুৰ্মেলিন স্ফটিকৰ মাজেৰে যাবলৈ দিয়া হয় তেতিয়া আলোক অক্ষৰ সমান্তৰাল
ভাৱে অহা পোহৰ ইয়াৰ মাজেৰে পাৰ হৈ যায়। কিন্তু আলোক অক্ষৰ লম্বভাৱে থকা পোহৰৰ
কম্পন পাৰহৈ যাব নোৱাৰে। গতিকে নিৰ্গত পোহৰৰ কম্পন এটা দিশত সীমাবদ্ধ হৈ থাকে আৰু
পোহৰখিনি সমবর্তিত হয়।
৪। যেতিয়া পোহৰ লঘু মাধ্যমৰ পৰা ঘন মধ্যমলৈ যায় তেতিয়া বেগ হ্রাস পায়।
বেগ হ্রাস পোৱাটোৱেই শক্তিৰ হ্রাস বুজায়নে?
উত্তৰঃ যিহেতু গতিশক্তি গতিকে বেগৰ মান কমিলে শক্তি কমে।
৫। দুটা লম্বভাবে থকা সমবর্তকৰ মাজত এটা সমবৰ্তক ঘূৰালে প্রাবল্যৰ
পৰিবৰ্তন কি দৰে হ'ব?
উত্তৰঃ
যেতিয়া অসমবর্তিত পোহৰ কোনো এটা সমবৰ্তকৰ মাজেৰে পাৰ হৈ যায় তেতিয়া
প্রতিসৰিত ৰশ্মিত কেৱল আলোক অক্ষৰ সমান্তৰাল উপাংশ পাৰ হৈ যায়
৬। দূৰৈৰ উৎস এটাৰ পৰা অহা পোহৰ বৃত্তাকাৰ বাধাৰ মাজেৰে আহিলে ইয়াৰ বৃত্তাকাৰ ছাঁ অঞ্চলৰ কেন্দ্ৰত এটা উজ্জ্বল পটি দেখা যায় কিয়? ব্যাখ্যা কৰা।
উত্তৰঃ পোহৰৰ অপবৰ্তনৰ বাবে এনে হয়। উৎসৰ পৰা নিৰ্গত গৌণ তৰংগবোৰৰ সমাৰোপ্ত ফলত
কেন্দ্রত উজ্জ্বল পটি পোৱা যাব।
৭। সমাৰোপনত লেজাৰ উৎসক কিয় প্রাধান্য দিয়া হয়?
উত্তৰ: LASER ৰশ্মি একবর্ণী, ঠেক আৰু উচ্চ প্ৰাৱল্যৰ বাবে
সমাৰোপনত ব্যৱহাৰ কৰা হয়।
৮। নীলা সৰণ পৰিঘটনাটো ব্যাখ্যা কৰা।
উত্তৰ: যেতিয়া উৎস এটা কাষচাপি আহে তেতিয়া বর্ণালী বেঙুনীয়া ৰঙৰ ফালে আঁতৰি যায়।
ইয়াক নীলা অপসৰণ বোলে।
৯। দূৰৈৰ উৎস এটাৰ পৰা অহা পোহৰ বৃত্তাকাৰ বাধাৰ মাজেৰে আহিলে ইয়াৰ
বৃত্তাকাৰ ছাঁ অঞ্চলৰ কেন্দ্ৰত এটা উজ্জ্বল পটি দেখা যায় কিয়? ব্যাখ্যা কৰা।
উত্তৰঃ পোহৰৰ অপবৰ্তনৰ বাবে এনে হয়। উৎসৰ পৰা নিৰ্গত গৌণ তৰংগবোৰৰ সমাৰোপ্ত ফলত
কেন্দ্রত উজ্জ্বল পটি পোৱা যাব।
১০।
গঠনাত্মক সমাৰোপনৰ বাবে x ৰ মান কি হ’ব?
উত্তৰঃ চিত্ৰ পৰা
উজ্জ্বল পটিৰ বাবে
দীঘল প্ৰশ্নৰ উত্তৰ
১। হাইজেনৰ নীতিৰ সহায়ত স্নেলৰ সূত্ৰটো ব্যাখ্যা কৰা।
উত্তৰঃ
৩। পৃথিৱীৰ বায়ুমণ্ডলত সূৰ্যৰ ৰশ্মি কিদৰে সমবর্তিত হয়। এটা ঠেক দীঘল
ছিদ্ৰৰ দ্বাৰা সমবর্তন অধ্যয়ন কৰিব পাৰিনে।
উত্তৰঃ সূৰ্যৰ ৰশ্মি বিক্ষেপিত হয়। যেতিয়া ই বায়ুমণ্ডলৰ কণিকাক আঘাত কৰে তেতিয়া
ইয়াৰ বিক্ষেপন হয়। ফলত সমবর্তিত পোহৰ পোৱা যায়।
এটা ঠেক দীঘল ছিদ্ৰৰ দ্বাৰা সমবৰ্তন অধ্যয়ন কৰিব পাৰি। সমবৰ্তনৰ বাবে
ছিদ্ৰৰ বেধ আৰু আপতিত পোহৰৰ তৰংগ দৈৰ্ঘ প্রায় সমান হ'ব লাগিব।
৪। অসমবর্তিত আৰু সমবর্তিত পোহৰ তৰংগ কি? ব্ৰুষ্টাৰৰ সূত্ৰটো প্ৰতিষ্ঠা
কৰা।
উত্তৰঃ সাধাৰণতে পোহৰৰ কম্পন চাৰিও দিশত
বা দুটা পৰস্পৰ লম্ব দিশত হয়। এনে পোহৰক
অসমবর্তিত পোহৰ বোলে। যদি পোহৰৰ কম্পন
এটা দিশত সীমাবদ্ধ কৰি ৰখা হয় তেন্তে ইয়াক
সমতল সমবর্তিত পোহৰ বোলে।
৫। ঠেক ছিদ্রত X- ৰশ্মিৰ অপবর্তন নহয় কিয়? দ্বিছিদ্ৰৰ পৰীক্ষাত এটা
ছিদ্র ঢাকি দিলে অপবর্তন পটিৰ কি পৰিবৰ্তন হ'ব?
উত্তৰ:
অপবৰ্তনৰ বাবে ছিদ্ৰৰ আকাৰ ব্যৱহাৰ কৰা পোহৰৰ তৰংগ দৈৰ্ঘৰ মানৰ সমান হ’ব লাগে। যিহেতু x ৰশ্মিৰ তৰংগ দৈৰ্ঘ বহুত
কম গতিকে ইমান সৰু ছিদ্র ব্যৱহাৰ কৰিব নোৱাৰি। সেইবাবে ইয়াৰ অপবর্তন নহয়।
এটা ছিদ্র ঢাকি দিলে ই এক ছিদ্ৰৰ অপবৰ্তনৰ পৰিঘটনা
দেখুৱাব।
গাণিতীয় সমস্যা
১।
৪।
Type : Madhushmita Hazarika
Post ID : DABP003999