ভাৰতীয় গণতন্ত্ৰ


১.0 পাতনী                    

প্ৰায় দুটা শতিকা (১৭৫৭-১৯৪৭) ব্ৰিটিছৰ অধীনত থকা ভাৰতবৰ্ষই ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে স্বাধিনতা লাভ কৰাৰ লগে লগে বিশ্বৰ এখন বৃহৎগণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে আত্ম প্ৰকাশ কৰিলে। এখন স্বাধিনতা আৰু গণতন্ত্ৰিক ৰাষ্ট্ৰৰ বাবে এখন সংবিধান অতিকৈ প্ৰয়োজন। সংবিধান আৰু গণতন্ত্ৰ দুয়োতা ইটো আনটোৰ পৰিপোৰক। এখন সংবিধান নহলে যেনেকৈ এখন প্ৰকৃত গণতান্ত্ৰিক ৰাষ্ট্ৰ হ'ব নোৱাৰে, ঠিক তেনেকৈ এখন গণতান্ত্ৰীক ৰাষ্ট্ৰ অবিহনে সংবিধানৰ ভূমিকাও অৰ্থহীন। স্বাধীনতা লাভ কৰাৰ আগতেই আমাৰ দেশত সংবিধান প্ৰণনয়ৰ প্ৰস্ত আৰম্ভ হৈছিল। ১৯৪৫ চনৰ জুলাই মাহত ইংলেণ্ডত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত শ্ৰমিক দল ক্ষমতালৈ অহাৰ পিছতে নতুন চৰকাৰে ভাৰতক স্বাধীনতা দিয়াৰ সিদ্ধান্ত ল'লে। সেই অনুসৰি নতুন গণতান্ত্ৰিক ৰাষ্ট্ৰখনৰ বাবে প্ৰয়োজনীয় হৈ উঠা সংবিধান এখন ৰচনাৰ কথা ইংলেণ্ডৰ শ্ৰমিকদলৰ চৰকাৰে চিন্তা কৰিলে। ভাৰতবৰ্ষৰ বাবে এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ আৰু প্ৰস্তিতি চলাবৰ বাবে অৰ্থ ব্ৰিটিছ চৰকাৰে ১৯৪৬ চনৰ মাৰ্চ মাহত 'কেবিনেট  মিছন'ক ভাৰতবৰ্ষলৈ পঠালে 'কেবিনেট মিছন আছিল ইংলেণ্ডৰ তিনিজন কেবনেট  মন্ত্ৰীৰে গঠিত  এটা গোট। এই কেবিনেট মিছনৰ তপৰতাত সংবিধান সভা (Constituent Assembly)  গঠন হৈছিল আৰু ইয়াৰ প্ৰথম বৈঠক বহিছিল ১৯৪৬ চনৰ ৯ ডিচেম্বৰ তাৰিখে। সংবিধান সভাৰ প্ৰথম বৈঠকত সভাপতিত্ব কৰিছিল ইয়াৰ জ্যেষ্ঠ সদস্য় ° সচ্ছিদানন্দ সিনহাই। এই সভাত ° ৰাজেন্দ্ৰ প্ৰসাদক সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে নিৰ্বাচন কৰা হয়। সংবিধানখন  প্ৰস্তুত কৰা সম্পৰ্কত এই সভাৰ ১১মুঠ বৈঠক বহিছিল। সংবিধান সভাই ১৯৪৭ চনৰ ২৯ আগষ্টতএখন খচৰা কমিটি(Drafting committee) গঠন কৰে। বিভিন্ন ক্ষত্ৰৰ সাতজন বিশেষজ্ঞক লৈ গঠিত হোয়া খচৰা কমিটীক সংবিধানৰ খচৰা প্ৰস্তুতৰ দায়িত্ব দিয়া হয়। ° আৰ আম্বদকাৰ আছিল খচৰা কমিটিখনৰ অধ্য়। প্ৰায় তিনি বছৰ কাল পিৰিশ্ৰম ্অন্তত খচৰা কমিটিয়ে সংবিধানৰ সচৰা প্ৰস্তুত কৰি ১৯৪৯ চনৰ ২৬নৱেম্বৰ তাৰিখে সংবিধান সভাৰ সভাপতি ড ৰাজেন্দ প্ৰসাদৰ ওচৰত দাখিল কৰে। সেইদিনা ৰাজন্দ্ৰ প্ৰসাদে সংবিধানৰ খচৰা প্ৰতিলিপিত স্বাক্ষৰ প্ৰদান কৰাৰ লগে লগে ভাৰতবৰ্ষৰ জনগণই নিজাকৈ এখন সংবিধান লাভ কৰিলে। কিন্তু নানন প্ৰশাসনিক আৰু আনুসংগিক অসুবিধাৰ বাবে নতুন সংবিধানখন ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখেহে বলৱৎকৰা হয় উল্লেখনীয় যে ১৯৪৭ চনৰ ১৫ আগষ্টপৰা চনৰ ২৬ জানুৱাৰী তাৰিখলৈকে ভাৰতবৰ্ষৰ শাসন ব্য়ৱস্থা চলিছিল ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন অনুসৰি। 


১.১ সংবিধানৰ আদৰ্শ:


ভাৰতবৰ্ষৰ সংবিধানৰ আৰ্দশ আৰু লক্ষ্য় জানিবলৈ হলে সংবিধানৰ প্ৰস্তাৱনাৰ অনুসৰি বিষয় আমি আগতেই জানিব লাগিব।  

    মূল বিষয়বস্তু (আদৰ্শ আৰু লক্ষ্য়)  সম্পৰ্কে বিৱৰণ আছে। সৈই বাবেই বহুতে প্ৰস্ৱাৱনাক ভাৰতৰ সংবিধানৰ আত্মা (soul), বিবেক (conscience), দুৱাৰদলি (These hold) আৰু চাবি-কাঠি (keys) বুলি অভিহিত কৰে। প্ৰকৃতাৰ্থত প্ৰস্তাৱনাত সন্নিৱিষ্ট কথাখিনি জানিলেহে সংবিধানখনৰ আদৰ্শ, দৰ্শন আৰু লক্ষ্য়।'আমি ভাৰতীয় জনসাধাৰণে'  (we the people of India) বুলি আৰম্ভ হোয়া প্ৰতাৱনাত থকা প্ৰতিটো শব্দত নিহিত হৈ আছে নিৰ্দষ্ট আদৰ্শ। উল্লেখযোগ্য় যে সংবিধান প্ৰণেতাসকলে প্ৰস্তুতকালত প্ৰাচিন ভাৰতীয় সভ্য়তা আৰু সংস্কৃতিৰ দিশটোৰ প্ৰতিও গুৰুত্ব দিছিল আৰু তেনে আদৰ্স সংবিধানৰ পাতত প্ৰস্ফুটিত হোৱাত বিচাৰিছিল।

    প্ৰাৱনাত 'আমি ভাৰতীয় জনসাধাৰণে' বুলি উল্লেখ কৰি সংবিধান প্ৰণেতাসকলে স্পষ্ট কৰিছে যে সংবিধানখনৰ ৰচক ভাৰতীয় জনগণ, সংবিধানখন ভাৰতীয় জনগণৰ আৰু ভাৰতীয় জনগণই সংবিধানৰ আঁৰত থকা বৃহৎ শক্তি। 

                           The Constitution Of India 

                              সংবিধানৰ প্ৰতাৱনা                                                            

'' আমি ভাৰতৰ জনসাধাৰণে ভাৰতবৰ্ষ এখন সাৰ্বভৌম,সমাজবাদী, ধৰ্মনিৰপেশ, গণতান্ত্ৰিক, গনৰাজ্য় হিচাপে প্ৰতিষ্ঠা কৰিম বুলি দৃঢ় সংকল্প কৰি আৰু ভাৰতবৰ্ষৰ সকলো লোককে সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্য়ায়, চিন্তা, প্ৰকাশ, বিশ্বাশ, ধৰ্ম আৰু উপাসনা স্বাধীনতা,সম-মৰ্যাদা আৰু সুযুগ দিম বুলি আৰু তেওঁলোকৰ মাজত ব্য়িক্তৰ মৰ্যাদা, জাতীয় ঐক্য় আৰু সংহতি নিশ্চিতকাৰী ভাতৃত্বভাব বৃদ্ধি কৰিবলৈ- আজি ১৯৪৯ চনৰ ২৬ নৱেম্বৰ তাৰিখে আমাৰ সংবিধান সভাই গ্ৰহণ কৰা আৰু লিপিবদ্ধ কৰা এই সংবিধানখন আমি নিজকে অৰ্পণ কৰিলো।

 ১৯৫০ চনৰ ২৬ জানুৱাৰীত সংবিধানখন কাৰ্যকৰী কৰাৰ সময়ত প্ৰতাৱনাত'সমাজবাদী','ধৰ্মনিৰশপেশ  আৰু ' ঐক্য়' শব্দকেইটা নাছিল। ১৯৭৬ চনৰ ১৮ ডিচেম্বৰ তাৰিখে হোৱা সংবিধানৰ ৩২তম সংবিধান সংশোধনৰ জৰিয়তে এই শব্দ তিনিটা প্ৰতাৱনাত সংযোগ কৰা হয়।

                সংবিধানৰ সচৰা কমিটিৰ সদস্য়সকল            

                  ১) ° বি আৰ আম্বদকাৰ (সভাপতি)

                            ২) এন গোপালস্বামী আয়েংগাৰ 

                            ৩) আলাদি কৃষ্ণস্বামী আয়াৰ 

                            ৪) কে এম মুন্সি 

                            ৫)চৈয়দ মহম্মদ চাদুল্লা 

                            ৬) এন মাধৱ ৰাও 

                             ৭)ডি পি খৈটান 

       প্ৰস্তাৱনাত থকা গুৰুত্বপূণ শব্দকেইটা হ'ল- 'সাৰ্বভৌম' (Sovereign), সমাজবা (sosialist), 'ধৰ্মনিৰপেশ (Secular), 'গণতান্ত্ৰিক' (Democratic) আৰু 'প্ৰজাতন্ত্ৰ' (Republic)। এই আতাইকেইটা শব্দৰ মাজতে সংবিধানৰ আদৰ্শ প্ৰতিফলিত হৈছে। 

    সাৰ্বভৌম (Sovereign) : ভাৰতবৰ্ষ এখন সাৰ্বভৌমৰাষ্ট্ৰ। সাৰ্বভৌমত হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা। অৰ্থা বাহ্য়িকভাৱে ভাৰতবৰ্ষ কোনো বিদেশী শক্তীৰ তলতলীয়া নহয় আৰু আভ্য়ন্তৰীণভাৱেও ভাৰতবৰ্ষ কোনো বিষেশ শক্তিৰ দ্ধাৰা পৰিচালাত নহয়। 

    সমাজবাদী (Socialist) : ভাৰতবৰ্ষ এখন সমাজবাদী ৰাষ্ট্ৰ। সংবিধান ৪২ নং সংশোধনী আইনৰ জৰিয়তে ১৯৬৭ চনত এই শব্দটো প্ৰতাৱনাত সংযোগ কৰা হৈছে ভাৰতবৰ্ষত মাজত আয়, মৰ্যাদা আৰু জীৱনধাৰণৰ মানদণ্ডৰ বিষয়ত বৈষম্য় অথবা অসমতা নাথাকিব। উৎপাদনৰ আহিলাসমূহ জাতীয়কৰণৰ হব। জাতীয় আয়ৰ সমবিতৰণৰ ব্য়ৱস্থাৰে আৰু মিশ্ৰ অৰ্থনীতিৰ জৰিয়তে সমাজপতিষ্ঠা হব। দেশৰ অৰ্থনীতি জনসাধাৰণে নিৰ্ধাৰণ কৰিব। কোনো পুঁজিপতিৰ দ্ধাৰা দেশৰ অৰ্থনীতি নিৰ্ধাৰণ নহব 

    ধৰ্মনিৰপেশ (Secular): ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেশ ৰাষ্ট্ৰ হব। ইয়াত চৰকাৰী ৰ্ধম (official  relifront or Stat religion) বুলি কোনো ধৰ্ম  নাথাকিব। চৰকাৰৰ দৃষ্টিত সকলো ধৰ্ম সমান আৰু ধৰ্ম নানত কোনো বৈষম্য় নাথাকিব। লগতে চৰকাৰে কোনো ধৰ্মৰ প্ৰতি অনুগ্ৰহ প্ৰদৰ্শন নকৰিব। উল্লেখ্য় যে এই শব্দটো প্ৰতাৱনাত ৪২ নং সংশোধনী মতে সন্নিবিষ্ট হৈছে।

গণতান্ত্ৰিক (Democratic): ভাৰতবৰ্ষ এখন গণন্ত্ৰিক ৰাষ্ট্ৰ।  দেশৰ শাসন ব্য়ৱস্থা জনসাধাৰণৰ প্ৰতিনিধিৰ দ্ধাৰা পৰিচালিত হ'ব। জনসাধাৰণে দেশৰ শাসন নিজৰ বাবে নিজেই  চলাব আৰু প্ৰশাসণ জনসাধাৰণৰ ওচৰত দায়বদ্ধ হ'ব 

গণৰাজ্য়(Republic): ভাৰতবৰ্ষ এখন গণৰাজ্য়। দেশখনৰ  ৰাষ্ট্ৰপ্ৰধানজন (ৰাষ্ট্ৰপতি) জনসাধাৰণৰ দ্ধাৰা নিৰ্বাচিত ব্য়ক্তি হ'ব। ৰাষ্ট্ৰপ্ৰধানৰ পদবীটো বংশানুক্ৰমিক নহ'ব অথবা কোনোবাই বাছনি কৰা ব্য়ক্তি নহ'ব 

    ইয়াৰ উপৰি প্ৰতাৱনাত উলল্লেশ আছে যেভাৰতৰ জনগণই দেশখনত ন্য়ায় (justice), স্বাধীনতা (liberty), সমতা (equality)আৰু ভাতৃত্ববোধ (fraternity) প্ৰতিষ্ঠা কৰিব। ন্য়ায়, স্বাধীনতা, ,সমতা আৰু ভাতৃত্ববোধ প্ৰতিষ্ঠাৰ উল্লেখেৰে সংবিধান প্ৰণেতাসকলে সংবিধানৰ আদৰ্শ আৰু লক্ষ্য়ক বিশেষভাৱে প্ৰতিফলীত কৰিছে। 

    প্ৰকৃততে সংবিধান সভাৰ বৈঠকতে ১৯৪৬ চনৰ ১৩ ডিচেম্বৰ তাৰিখে নেহৰুৱে কাইটামান উদ্দেশ্য় সম্পৰ্কিত প্ৰতাৱ (OBJECTIVE RESOLUTION) উত্থাপন কৰিছিল। সংবিধান সভাই সেই উদ্দেশ্য় সম্পৰ্কিত প্ৰস্ৱতাখিনি ১৯৪৭ চনৰ ২২ জানুৱাৰী তাৰিখে গ্ৰহণ কৰে।সংবিধানখনৰ প্ৰণয়নৰ ক্ষেত্ৰত সেই প্ৰস্তাৱনাসমূক ভিত্তি হিচাপে লৈ সমতা, স্বাধিনতা, গণতণন্ত্ৰ, সাৰ্বভৌমত্ব আৰু বিশ্ব ভাতৃত্বৰ ধাৰণাৰ প্ৰতিশ্ৰুতিকৱ সংবিধান সভাই আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰে। 

    নেহেৰুৱে উল্লেখ কৰা উদ্দেশ সম্পৰ্কিত প্ৰস্তাৱৰ মূল বিষয় সমূহ এনেধৰণৰ-

১) সংবিধান সভাই 'স্বাধীন, সাৰ্বভৌম, গণৰাজ্য় (Independent sovergain Republic) হিচাপে ঘোখনা কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ ( পিছলৈ স্বাধীন শব্দটো বাদ দায়া হয়। ব্ৰিটিছ শাসিত ভাৰতবৰ্ষৰ ভূখণ্ড আৰু ভাৰতৰ অন্তৰিভুক্ত হ'ব বিচৰা দেশীয় ৰাজ্য়বিলাকক লৌ ৰাজ্য়সমূহ সংঘ (Union of states) হ'ব। 

ভাৰতবৰ্ষৰ জনসাধাৰণৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্য়ায়, সমতা,ধৰ্মীয় স্বাধীনতা ৰক্ষা, চিন্তা আৰু মতামত প্ৰকাশৰ স্বাধীনতাক স্বীকৃতি প্ৰদান কৰা হ'ব 

8) অনুসূচিত জাতি, জনজাতি অন্নুত সম্প্ৰদায় আৰু সংখ্য়ালঘু জনসাধাৰণৰ সুক্ষাৰ ৱ্য়বস্থা থাকিব 

৫) দেশৰ স্বাধীনতা, সাৰ্বভভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ'ব 

৬) আন্তৰ্জাতিক সু-সম্পৰ্ক, বিশ্ব শান্তি ৰক্ষা আৰু জনগণৰ কল্য়াণৰ বাবে ভাৰতবৰ্ষই সম্পূৰ্ণ সহযোগিতা আগবঢ়াব। 

৭) জনসাধাৰণেই হ'ব সকলো ক্ষমতাৰ উৎস। সাৰ্বভৌম দেশখনৰ চৰকাৰ আৰু সকলো অংগই জনসাধাৰণৰ পৰা ক্ষমতা লাভ কৰিব 

৮) সংঘত যোগ দিয়া সহযোগী দেশীয় ৰাজ্য়সমূহে অৱশিষ্ট ক্ষমতা সৈতে স্বায়ত্তশাসনৰ মাজেৰে অংগৰাজ্য়ৰ মৰ্যাদা লৱাভ কৰিব।

নোহৰুৰ উপৰোক্ত উদ্দেশ্য় সম্পৰ্কিত প্ৰস্তাৱ সমূহক মূল আধাৰ কৰি লৈ আৰু দেশৰ হেজাৰ বছৰীয়া সভ্য়তা-সংস্কৃতিক গুৰুত্ব দি সংবিধান প্ৰণেতাসকলে সংবিধানৰ আৰ্দশ নিৰ্ধাৰণ কৰিছিল।

১.২ ভাৰতৰ ৰাজনৈতিক ব্য়ৱস্থাৰ যুক্তৰাষ্ট্ৰয় বৈশিষ্ট্য় 

     ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্য়ৱস্থাৰ বিষয়ে জানিবলৈ যোৱাৰ আগতে জনা দৰকাৰ ---যুূক্তৰাষ্ট্ৰনো কি? প্ৰকৃততে যুক্তৰাষ্ট্ৰৰ ইংৰাজী প্ৰতিশব্দ 'Federation'টো লেটিন শব্দ 'Foedus'ৰপৰা আহিছে। যাৰ অৰ্থ হৈছে 'চুক্তি' অথবা 'সন্ধি'। সেয়ে যুক্তৰাষ্ট্ৰ হ'ল পাৰস্পৰিক সন্ধি অথবা চুক্তিৰ দ্ধাৰা সন্মিলিত হোয়া কিছুমান ৰাজ্য়ৰ গোট অথবা ,সমষ্টি। ইয়াত ৰাজ্য়সমূহে এখন কেন্দ্ৰীয় চৰকাৰৰ সাৰ্বভৌম ক্ষমতাক স্বীকৃতি দিয়াৰ লগতে নিজ  স্বতন্ত্ৰতা আৰু স্বকীয়তা অক্ষুণ্ণ ৰাখে। অৱশ্য়ে যুক্তৰাষ্ট্ৰীয় পদ্ধতিটোয়ে ভিন্ন ৰাষ্ট্ৰত কিছু ভিন্ন ৰূপ গ্ৰহণ কৰিছে। আমাৰ দেশত অংগৰাজ্য়সমূহে সাৰ্বভৌম সমতা কেন্দ্ৰীয় চৰকাৰ ওচৰত অৰ্পণ কৰিছে। 

  ভাৰতবৰ্ষস স্বাধীন হোয়াৰ পূৰ্বে ইংলেণ্ডৰ সংসদে প্ৰণয়ণ কৰা ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনখনে আমাৰ দেশত যক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল। দুখলপীয়া চৰকাৰ (কেন্দ্ৰ আৰু ৰাজ্য়), ক্ষমতাৰ ভাগ-বিতৰণ আদি নীতিৰ আলমত এই আইনে পৰাধীন ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় ব্য়ৱস্থাৰ প্ৰৱৰ্তন কৰিলে। সেইবোৰ আমাৰ দেশৰ নতুন সংবিধান আৰম্ভ কৰা যুক্তৰাষ্ট্ৰীয় পদ্ধতিটো ভাৰতৰ জনগণৰ বাবে সম্পূৰ্ণ অচিনাকি পদ্ধতি নাছিল 

    পৃথিৱীত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰথম প্ৰৱৰ্তন হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰত।সেইবাবেই আমেৰিকাক 'যুক্তৰাষ্ট্ৰ গৃহভূমি'(Homeland of Federation) বুলি কোৱা হয়। আমাৰ সংবিধান প্ৰণেতাসকলে ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় ব্য়ৱস্থাৰ প্ৰৰ্তনৰ ক্ষেত্ৰত কানাডা যুক্তৰাষ্ট্ৰৰ সংবিধান অনুসৰণ কৰিছিল। এইখিনিতে প্ৰশ্ন আহে-- কি কাৰণে আমেৰিকাৰ সংবিধানখন অনুকৰণ নকৰি সংবিধানৰ ৰচক সকলে কানাডাৰ সংবিধানখন অনুপুকৰন কৰিছিল। আচলতে আমেৰিকাৰ যুক্তৰাষ্ট্ৰীয় পদ্ধতিটো আছিল প্ৰকৃত যুক্তৰাষ্ট্ৰীয় পদ্ধতি। য'ত অংগৰাজ্য়বিলাকক অধিক স্বতন্ত্ৰতা দিয়াৰ লগতে সুকীয়া সংবিধান আৰু দ্ধৈত নাগৰিকত্ব ব্য়ৱস্থা কৰা হৈছে। আমাৰ সংবিধান প্ৰণেতাসকলে এটা কথা বুজি পাইছিল যে নতুনকৈ জন্ম পোয়া ভাৰতবৰ্ষত যদি অংগৰাজ্য়বিলাক অধিক স্বতন্ত্ৰতা দিয়া হয় আৰু আমেৰিকাৰ দৰে সুকীয়া সংবিধান আৰু দ্ধৈত নাগৰিকত্ব ব্য়ৱস্থা কৰা হয় তেন্তে জাতীয় সংহতি আৰু অখণ্ডতা শক্তিশালী কৰা সম্ভৱ নহ'ব সোইবাবেই তেওঁলোকে আমেৰিকাৰ সংবিধান পৰিৱৰ্তে কানাডাৰ সংবিধান থকা 'ঢিলাযুক্তৰাষ্ট্ৰ' (Loose federation) ব্য়ৱস্থাৰ অনুকৰণ ভাৰতবৰ্ষত এক ব্য়তিক্ৰমৰ্ধমী যুক্তৰাষ্ট্ৰ প্ৰৱৰ্তন কৰিছিল। আচলতে আমেৰিকাৰ আৰ্হিত আনমাৰ দেশত প্ৰকৃত যুক্তৰাষ্ট্ৰৰ প্ৰৱৰ্তন নকৰাৰ বাবেই সংবিধানৰ কোনো ঠাইতে যুক্তৰাষ্ট্ৰ শব্দটোৰ উল্লেখ নাই। তাৰ পৰিৱৰ্তে সংবিধানৰ ১ নং অনুচ্ছে্দত ভাৰতক এখন 'ৰাজ্য়সমূহৰ সংঘ' (Union of States) বুলি ঘোসণা কৰা হৈছে। 

    ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰৰ প্ৰকত চৰিত্ৰ অথবা বৈশিষ্ট্য় বিশ্লেষণ কৰিলে দেখা যায় যে এখন যুক্তৰাষ্ট্ৰত থাকিব লগা কৈবাটাও বৈশিষ্ট থকা সত্ত্বেও আমাৰ ব্য়ৱস্থাটো প্ৰকৃত যুক্তৰাষ্ট্ৰীয় ব্য়ৱস্থা নহয়। ইয়াত এককেন্দ্ৰ চৰকাৰৰ বহুতো বৈশিষ্ট্য় একাত্ম হৈ আছে। সেইবাবেই সংবিধান প্ৰণেতা পণ্ডিতসকলে আমাৰ    ব্য়ৱস্থাটোক 'অৰ্ধ-যুক্তৰাষ্ট্ৰ' (Quasi federal), 'ব্য়তিক্ৰমৰ্ধমী যুক্তৰাষ্ট্ৰ' (peculiar federation), 'কেন্দ্ৰীভূত যুক্তৰাষ্ট্ৰ' (Centralised federation), 'গঠনত  যুক্তৰাষ্ট্ৰ কিন্তু আৰ্দশত এককেন্দ্ৰিক' (Federal in from but unitary in spirit) বুলি অভিহিত কৰিছে আমেৰিকা ষুক্তৰাষ্ট্ৰৰ দৰে আমাৰ যুক্তৰাষ্ট্ৰত অংগৰাজ্য়সমূহৰ বিলগ্ন হোয়া অথবা আঁতৰি যোয়াৰ অধিকাৰ নাই। অন্য় যুক্তৰাষ্ট্ৰত থকাৰ দৰে আমাৰ অংগৰাজ্য়সমূহৰ সুকীয়া সংবিধানৰ ব্য়ৱস্থা নাই। সমগ্ৰ ভাৰত যুক্তৰাষ্ট্ৰৰ বাবে এখন সংবিধান আৰু সেইখন হ' ল 'ভাৰতীয়  সংবিধান ' (Constitution of India)। অন্য় যুক্তৰাষ্ট্ৰৰ বিপৰীতে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰ অধিক শক্তিশালী। যদিও সংবিধানে তিনিখন সূচীৰ জৰীয়তে কেন্দ্ৰ আৰু মাজত ক্ষমতাৰ ভাগ-বিতৰণ কৰিছে তথাপি সকলো গুৰুত্বপূৰ্ণ ক্ষমতা কেন্দ্ৰৰ ওচৰত কেন্দ্ৰীভূত হৈ থাকে। অংগৰাজ্য়বিলাকত থকা ৰাজ্য়পালসকলৰ নিযুক্তৰ প্ৰক্ৰিয়াই ভাৰতবৰ্ষক যুক্তৰাষ্ট্ৰীয় চৰিত্ৰ প্ৰদান কৰা নাই। ৰাজ্য়পালে ৰাজ্য়খনত কেন্দ্ৰীয় চৰকাৰ প্ৰতিনিধি হিচাপে কাম কৰে। আমেৰিকাত থকাৰ দৰে ভাৰতবৰ্ষত 'দ্ধৈত নাগৰিকত্ব'                  (Dual citizenship)ৰ ব্য়ৱস্থা নাই। এজন নাগৰিক একমাত্ৰ ভাৰতবৰ্ষৰ নাগৰিক। কোনো অংগৰাজ্য়ৰনাগৰিক হ'ব নোৱাৰে। এনে বহুতো কাৰণৰ বাবে ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰ ব্য়তিক্ৰমধৰ্মী। আগতে উল্লেখ কৰা হৈছে যে এনে ব্য়ক্তিক্ৰমৰ্ধমী যুক্তৰাষ্ট্ৰীয় ব্য়ৱস্থা ভাৰতবৰ্ষত প্ৰৱৰ্ত কৰা মূল কাৰণটো আছিল-- দেশৰ সাৰ্ভৌম আৰু অখণ্ডতাক সুৰক্ষিত কৰা। অৱশ্য়ে ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্য়ৱস্থাটো সংশোধন আনি অংগৰাজ্য়সমূহক স্বতন্ত্ৰতা প্ৰদানৰ দাবী সময়ে সময়ে উত্থাপিত হৈ আহিছে এনে দাবীৰ বাবেই ১৯৮৩ চনত  'ছাৰকাৰিয়া আয়োগ' (Sarkaria Commission) গঠন কৰা হৈছিল। ভাৰতবৰ্ষত সঘনাই হ'বলৈ ধৰা কেন্দ্ৰ-ৰাজ্য় সংঘাত নিৰাময়ৰ বাবে কেন্দ্ৰীভূত যুক্তৰাষ্ট্ৰত কিছু পৰিৱৰ্তন অনাটো সময়ৰ আহ্বান হিচাপে বৰ্তমান পৰিগণিত হৈছে।

    ভাৰতবৰ্ষৰ দৰে যুক্তৰাষ্ট্ৰক বৰ্তমান সময়ত এক নতুন নামেৰে ৰাজনীতি বিজ্ঞানৰ পণ্ডিতসকতলে নামকৰণ কৰিব বিচাৰিছে। তেওঁলোকৰ মতে ভাৰতৰ যুপক্তৰাষ্ট্ৰীয় ব্য়ৱস্থা কেন্দ্ৰ-ৰাজ্য়ৰ সহযোগিতাৰ ওপৰত মূলত: নিৰ্ভশীল। সেইবাবে এনে যুক্তৰাষ্ট্ৰ হ'ল 'সহযোগিতামূলক 'যুক্তৰাষ্ট্ৰ' (Cooperative federation)।

১.৩ ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ :

    ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ বিষয়ে আলোচনা কৰাৰ আগতে আমি জনা প্ৰয়োজন -- সংসদীয় গণতন্ত্ৰ হ'ল এবিধ শাসণ ব্য়ৱস্থা য'ত জনপ্ৰতিনিধিৰ দ্ধাৰা গঠিত এটা সহ্ণাৰ ওচৰত শাসণসৰ্বোচ্চ ক্ষমতা অৰ্পন কৰা হয়। জনপ্ৰতিনিধিৰে দ্ঝধাৰা গঠিত এটা সহ্ণাৰ আমেৰিকা যুক্তৰাষ্ট্ৰত কংগ্ৰেছ (congrass) আৰু ভাৰতবৰ্ষ, ইংলেণ্ড আদি দেশত সংসদ (parliament) বোলা হয়। ভাৰতবৰ্ষৰ সংসদ দুখন সদনেৰে গঠিত। লোকসভা আৰু ৰাজ্য়সভা নামৰ এই দুখন সংসদৰ লগতে ভাৰতৰ ৰাষ্ট্ৰপতিজনো ভাৰতৰ সংসদৰ অবিচ্ছেদ্য় অংগ। মূঠতে সংসদক প্ৰধান্য় দি পৰিচালিত হোৱা গণতান্ত্ৰিক ব্য়ৱস্থাকে সহজ অৰ্থত সংসদীয় গণতন্ত্ৰ বুলিব পাৰি।

    স্বাধীনতাৰ পৰৱতী কালত সংবিধান অনুসৰি ভাৰতবৰ্ষত প্ৰচলিত হোৱা সংসদীয় গণতন্ত্ৰই জনসাধাৰনৰ ওচৰত বিশেষভাৱে দায়বদ্ধ এখনৱ চৰকাৰ গঠন কৰিছে। সংবিধান প্ৰণেতাসকলে আমাৰ দেশৰ সংবিধানত সংসদীয় পদ্ধতিৰ চৰকাৰ প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত ইংলেণ্ডৰ সংবিধানখন বিশেষভাৱে অনুকৰণ কৰিছিল। অৱশ্য় ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনখনেও সীমিত ৰুপত পৰাধীন ভাৰতবৰ্ষত সংসদীয় চৰকাৰ পদ্ধতি আৰম্ভ কৰিছিল।

    যদিও ইংলেণ্ডৰ সংসদীয় পদ্ধতিৰ প্ৰভাৱ আমাৰ সংবিধানত পৰিছে তথাপি সংবিধান প্ৰণেতাসকলে অন্ধভাৱে ইংলেণ্ডৰ সংবিধানখন অনুকৰণ নকৰি ভাৰতবৰ্ষৰ ৰাজনৈতিক আৰু সামাজিক অৱস্থা তথা পৰিৱেশৰ প্ৰতি চকু দি সকলো কথাকে ভাৰতীয়কৰণ (Indian isation) কৰি সংবিধানৰ পাতত ঠাই দিছিল ফলস্বৰুপে ভাৰতৰ সংসদীয় পদ্ধতি কিছু ব্য়াতিক্ৰমধৰ্মী হৈছে। 

    ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ লগত ভাৰতবৰ্ষৰ সংসদীয় মূল পাৰ্থক্য়কেইটা মন কৰিবলগীয়া। প্ৰথম ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ প্ৰধানত: এখন গণৰাজ্য়। কিন্তু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰ গণৰাজ্য় নহয়। ইংলেণ্ডৰ দৰে আমাৰ দেশৰ সংসদীয় গণতন্ত্ৰ ৰাষ্ট্ৰপ্ৰধানজন পুৰুষানুক্ৰমে হোৱা ব্য়ক্তি নহয়। ইংলেণ্ডৰ দৰে আমাৰ দেশৰ সংসদীয় গণতন্ত্ৰ ৰাষ্ট্ৰপ্ৰধানজন পুৰুষানুক্ৰমে হোয়া ব্য়াক্তি নহয়। ইংলেণ্ডৰ ৰজা অথবা ৰাণীৰ বিপৰীতে আমাৰ ৰাষ্ট্ৰপ্ৰধান (ৰাষ্ট্ৰপতি)জন গণনৰ দ্ধাৰা নিৰ্বাচিত হোয়া ব্য়াক্তি। দ্ধিতীয়, ভাৰতবৰ্ষৰ সংসদৰ উচ্চ সদন ৰাজ্য়সভাৰ গঠন আৰু ক্ষমতা ইংলেণ্ড উচ্চ সদন হাউচ অব লৰ্ডছতকৈ বহু পৃথক। তৃতীয়, ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰত সংসদখন অত্য়ন্ত শক্তিশালী। কিন্তু ভাৰতবৰ্ষৰ সংসদ ইমান শক্তিশালী নহয়। মূঠতে ভাৰতবৰ্ষৰ পৰিৱেশ পৰিস্থিতিৰ সৈতে সাপ খোৱাকৈ সংবিধানখনে প্ৰৱৰ্তন কৰা সংসদীয় গণতন্ত্ৰই আমাৰ দেশখনক বিশ্বৰ এখন মৰ্যাদাসম্পন্ন সংসদীয় গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে পতিষ্ঠা কৰাত সফল হৈছে।


                                                মূলকথা

১) ভাৰতৰ সংবিধানখন ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে বলৱৎ কৰা হয়। ১৯৪৭ চনৰ ১৫ আগষ্টৰপৰা ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখলৈকে ভাৰতবৰ্ষৰ শাসণ ব্য়ৱস্থা চলিছিল ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন অনুসৰি।

২) প্ৰস্তাৱনাত থকা গুৰুত্বপূৰ্ণ শব্দকেইটা হ'ল-- 'সাৰ্বভৌম,' 'সমাজবাদী', 'ধৰ্মনিৰপেক্ষ', 'গণতান্ত্ৰিক' আৰু 'প্ৰজাতন্ত্ৰ'। 

৩) আমেৰিকাৰ আৰ্হিত আমাৰ দেশত প্ৰকৃত যুক্তৰাষ্ট্ৰৰ প্ৰৱৰ্তন নকৰাৰ বাবেই সংবিধানৰ ১ নং অনুচ্ছেদত ভাৰতক 'ৰাজ্য়সমূহৰ সংঘ বুলি ঘোষণা কৰা হৈছে। 

৪) ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনখনে সামিত ৰুপত পৰাধীন ভাৰতবৰ্ষত সংসদীয় চৰকাৰ পদ্ধতি আৰম্ভ কৰিছিল। 

৫) সংসদীয় গণতন্ত্ৰই আমাৰ দেশখনক বিশ্বৰ এখন মৰ্যাদাসম্পন্ন সংসদীয় গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাত সফল হৈছে। 


Type: Ratul Mahanta